বটদ্ৰৱাৰ ক্ষুদ্ৰ ব্যৱসায়ী অজিৎ ছাহানী আৰু নাই

নগাঁও জিলাৰ বটদ্ৰৱা শান্তিজান বজাৰৰ সন্মুখত বাস কৰি ক্ষুদ্ৰ ব্যৱসায়েৰে জীৱন নিৰ্বাহ কৰা অজিৎ ছাহানী আৰু নাই। বৃহস্পতিবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয় তেওঁৰ। 

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাৰ ক্ষুদ্ৰ ব্যৱসায়ী অজিৎ ছাহানী আৰু নাই

ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ বটদ্ৰৱা শান্তিজান বজাৰৰ সন্মুখত বাস কৰি ক্ষুদ্ৰ ব্যৱসায়েৰে জীৱন নিৰ্বাহ কৰা অজিৎ ছাহানী আৰু নাই। বৃহস্পতিবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয় তেওঁৰ। 

Advertisment

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৪ বছৰ। উল্লেখ্য যে, ছাহানী দুবছৰ ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ গুৱাহাটী, হায়দৰাবাদৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। সৰবৰহী অজিৎ ছাহানীৰ মৃত্যুত বিভিন্নজনে শোক প্ৰকাশ কৰিছে। 

মৃত্যুৰ সময়ত তেওঁ পত্নী, দুজন পুত্র, জেষ্ঠ, কনিষ্ঠ ভাতৃ, ভগ্নীকে আদি বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

বটদ্ৰৱা