কাৰ্বি আংলঙৰ পৰিস্থিতি বিজেপি চৰকাৰৰ স্বেচ্ছাচাৰিতাৰ পৰিণতিঃ অখিল গগৈ

আজি কাৰ্বি আংলঙৰ যি পৰিস্থিতি সেয়া বিজেপি চৰকাৰৰ স্বেচ্ছাচাৰিতাৰ পৰিণতি। এই ক্ষেত্ৰত গৃহ বিভাগ সম্পূৰ্ণ ব‍্যৰ্থ হৈছে। লগতে ৰাইজৰ দলে গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পদত‍্যাগৰো দাবী জনায়।

New Update
WhatsApp Image 2025-12-23 at 6.08.29 PM

ডিজিটেল সংবাদ,শিৱসাগৰঃ  কাৰ্বি আংলঙৰ পৰিস্থিতি সন্দৰ্ভত আজি এক সংবাদমেল সম্বোধন কৰে বিধায়ক অখিল গগৈয়ে। সংবাদমেলৰ জৰিয়তে তেওঁ জনাই যে, যোৱা নিশা ১ বজাতে ৰাইজৰ দলে মুখ‍্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিল।

স্মাৰক পত্ৰৰ জৰিয়তে ৰাইজৰ দলে অতি শীঘ্ৰে কাৰ্বি আংলঙৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অনুৰোধ জনাইছিল যাতে স্বায়ত্বশাসিত জিলাখনৰ জনসাধাৰণ আৰু সম্পত্তিৰ কোনো ধৰণৰ ক্ষতি নহয়। কিন্তু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ বিফল বুলি সংবাদ মেলৰ জৰিয়তে ক্ষোভ উজাৰে অখিল গগৈয়ে।

তাৰোপৰি শ্ৰী গগৈয়ে কয়, আজি কাৰ্বি আংলঙৰ যি পৰিস্থিতি সেয়া বিজেপি চৰকাৰৰ স্বেচ্ছাচাৰিতাৰ পৰিণতি। এই ক্ষেত্ৰত গৃহ বিভাগ সম্পূৰ্ণ ব‍্যৰ্থ হৈছে। লগতে ৰাইজৰ দলে গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পদত‍্যাগৰো দাবী জনায়।

ৰাইজৰ দলে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰত উল্লেখ কৰে যে- খেৰণি বজাৰত চলা তাণ্ডৱ আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ (KAAC) মাননীয় মুখ্য কাৰ্যবাহী সদস্য (CEM) তুলিৰাম ৰংহাং ডাঙৰীয়াৰ বাসগৃহত অগ্নিসংযোগ কৰা দৃশ্যসমূহ দেখি আমি মৰ্মাহত আৰু হতাশ হৈছোঁ। জানিব পৰা মতে, এই ঘটনাই জিলাখনৰ শান্তি-শৃংখলা বিঘ্নিত কৰা লগতে জনগোষ্ঠীয় সংঘাতৰ সম্ভাৱনা কঢ়িয়াই আনিছে।

সেয়েহে, মই আপোনাক (মুখ্যমন্ত্ৰী) এই পৰিস্থিতি অতি সোনকালে নিয়ন্ত্ৰণ কৰিবলৈ অনুৰোধ জনাইছো, যাতে স্বায়ত্বশাসিত জিলাখনৰ জনসাধাৰণ আৰু সম্পত্তিৰ কোনো ধৰণৰ ক্ষতি নহয়। বিগত কেইবছৰমান ধৰি ৰাজ্যখনত এনে ধৰণৰ পৰিস্থিতি নিয়ন্ত্ৰণত আছিল, কিন্তু এই ঘটনাই এক ভয়ংকৰ পৰিস্থিতিৰ আগজাননী দিছে। কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ জিলাসমূহৰ শান্তি আৰু আইন-শৃংখলাৰ স্বাৰ্থত যিকোনো মূল্যৰ বিনিময়ত এই পৰিস্থিতি নিয়ন্ত্ৰণ আৰু সমাধান কৰা উচিত।

পশ্চিম কাৰ্বি আংলং ৰাইজৰ দল অখিল গগৈ