তিতাবৰত মেজিক চালকক প্ৰহাৰক লৈ উত্তপ্ত পৰিস্থিতি

তিতাবৰত ই- ৰিক্সাৰ উপদ্ৰৱত এতিয়া মেজিক চালকসকলে ত্ৰাসি মধুসূদন দেখিব লগীয়া হৈছে । অভিযোগ অনুসৰি ই -ৰিক্সা চালকে পৰিবহণ নীতি উলংঘা কৰি পথত য'তে -ত'তে যাত্ৰী উঠাই মেজিক আৰু টেম্পু চালকসকলক ভাতে মাৰিবলৈ আৰম্ভ কৰিছে।

author-image
Asomiya Pratidin
New Update
383

ডিজিটেল সংবাদ, বেকাজান : তিতাবৰত ই- ৰিক্সাৰ উপদ্ৰৱত এতিয়া মেজিক চালকসকলে ত্ৰাসি মধুসূদন দেখিব লগীয়া হৈছে । অভিযোগ অনুসৰি ই -ৰিক্সা চালকে পৰিবহণ নীতি উলংঘা কৰি পথত য'তে -ত'তে যাত্ৰী উঠাই মেজিক আৰু টেম্পু চালকসকলক ভাতে মাৰিবলৈ আৰম্ভ কৰিছে।

Advertisment

শনিবাৰে তেনে এক ঘটনাই সংঘটিত হয় তিতাবৰত। জানিব পৰা মতে ৰাজু নামৰ এগৰাকী মেজিক চালকে তিতাবৰ পৰা যোৰহাটলৈ যাত্ৰী কঢ়িয়াই নি থকা অৱস্থাত ৰঙাজানত এজন ই-ৰিক্সা চালকৰ মাতৃয়ে আদবাটত আগচি ধৰি ছাবি কাঢ়ি প্ৰহাৰ কৰে।

ই-ৰিক্সাখনৰ চালকজনেও 'তই কি আমাৰ পেচেনজাৰ উঠাই নিবি' বুলি কৈ এডাল বাঁহেৰে যাত্ৰীৰ সন্মুখতে উপৰ্যুপৰি প্ৰহাৰ কৰি আহত কৰে। এই খবৰ তিতাবৰ মেজিক চালক সন্থাই লাভ কৰি তিতাবৰ থানাত ই-ৰিক্সা চালক আৰু মাতৃৰ বিৰুদ্ধে অভিযোগ দিয়াৰ লগতে থানাৰ চৌহদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

তিতাবৰ মেজিক চালক সন্থাই কয় যে পৰিবহন বিভাগৰ অনুমতি আৰু কোনো কৰ কাটল নিদিয়াকৈ বাটে পথে যাত্ৰী উঠাই নি মেজিক আৰু টেম্পু চালকসকলৰ ভাত মাৰিছে। আৰু ইয়াৰ প্ৰতিবাদ কৰিলে এনেদৰে ইৰিক্সা চালকে মেজিক চালকসকলক আক্ৰমণ কৰে।

মেজিক চালক সন্থাই আৰক্ষীক দাবী জনাই যে, যদি  ই-ৰিক্সাসমূহ তিতাবৰ পৌৰসভাৰ বাহিৰত যাত্ৰী কঢ়িয়াই  বন্ধ নকৰে, তেতিয়া তেওঁলোক তিতাবৰত ই-ৰিক্সা চলাচল বন্ধ কৰিব দিব বুলি স্পষ্ট কৰি দিয়ে। ইফালে তিতাবৰ আৰক্ষীয়ে ই-ৰিক্সা চালক আৰু মাতৃক থানাত ঘটনাৰ সন্দৰ্ভত সোধাপোছা কৰিছে ।

বেকাজান