/asomiyapratidin/media/media_files/2025/06/12/uP2a3WmKK8bEt3jzKHC3.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : কালৰ সোঁতত বিলীন হোৱা মহাপুৰুষ শংকৰদেৱ গুৰুজনাই আদিপাঠ গ্ৰহন মহেন্দ্ৰ কন্দলি সংস্কৃত টোলৰ স্থান ৰামপুৰ সত্ৰত বিগত দিনত স্থাপন কৰা "ৰামপুৰ সত্ৰ আজান পীৰ ছোবাহী মক্তাব"ৰ বাতৰি অসমীয়া প্ৰতিদিন ডিজিটেল আৰু অসমীয়া প্ৰতিদিন কাকতত সবিস্তাৰে প্ৰকাশ হৈছিল। ইয়াৰ পাছতেই বৃহস্পতিবাৰে "ৰামপুৰ সত্ৰ আজান পীৰ ছোবাহী মক্তাব"ৰ ফলক আঁতৰাই ছোবাহী মক্তাব নিৰ্মাণ কৰা ব্যক্তিসকলে।
উল্লেখ কৰা প্ৰয়োজন যে, এসময়ত সত্ৰীয়া সংস্কৃতিৰ চৰ্চাৰ কেন্দ্ৰ ৰামপুৰ সত্ৰত পূৰ্বতে সত্ৰৰ প্ৰায় ৬০০ বিঘা ভূমি আছিল যদিও বৰ্তমান সত্ৰখনৰ নামত থকা ২৯৭ বিঘা ভূমিও বেদখলকাৰীৰ কবলত। এসময়ত হিন্দু বসতিপ্ৰধান অঞ্চলটোত একাংশ বেদখলকাৰীয়ে সত্ৰৰ ভূমিত বসতি স্থাপন কৰাৰ বাবেই হিন্দু সম্প্রদায়ৰ লোক সকলে বিশেষ কাৰণত ৰামপুৰ সত্ৰ এৰি আহিবলগীয়া হয়।
তেতিয়াৰ পৰাই ৰামপুৰ সত্ৰখন অনাদৃত হৈ পৰে। কালক্ৰমত ৮৩ৰ আন্দোলন পাছত বেদখলকাৰীৰ অগ্ৰাসন আৰু চৰকাৰৰ অমনোযোগিতাৰ বাবেই নিঃচিহ্ন হৈ পৰে ঐতিহ্যমণ্ডিত ৰামপুৰ সত্ৰ। এই সমস্ত বিষয় সামৰি অসমীয়া প্ৰতিদিনত আজি সবিস্তাৰে বাতৰি প্ৰকাশ হোৱাৰ পাছতে সত্ৰৰ ভকত বৈষ্ণৱৰ ওচৰত ক্ষমা বিচাৰে ছোৱাহী মক্তাব নিৰ্মাণ কৰা পৰিয়ালৰ হৈ নুৰুল হকে।
তেওঁ জনোৱা মতে নিজৰ পৈতৃক সম্পত্তিৰ ভূমিত ৰামপুৰ সত্ৰ আজান পীৰ ছোবাহী মক্তাব নিৰ্মাণ কৰিছিল। এই কথা স্বীকাৰ কৰি লগতে বহু কেইটা বিস্ফোৰক মন্তব্য আগবঢ়াই নুৰুল হকে ।
উল্লেখযোগ্য যে, ৰামপুৰ সত্ৰৰ ভূমিত ৰামপুৰ সত্ৰৰ নাম দি চলি আছে আৰু ইছলাম ধর্মীয় কেইবাটাও অনুষ্ঠান। সত্ৰৰ ভূমি একাংশই বেদখল কৰি নিৰ্মাণ কৰিছে বৃহৎ বৃহৎ অট্টালিকাৰ লগতে মছজিদ, মাদ্ৰাছা। সত্ৰৰ ভূমি উদ্ধাৰৰ ক্ষেত্ৰত নুৰুল হকৰ লগতে তেওঁলোকৰ পৰিয়ালৰ পৰা সহযোগিতা কৰিবলৈ আগবাঢ়ি অহাৰ কথা সংবাদ মাধ্যমত প্ৰকাশ কৰে।
ইফালে, গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ ৰামপুৰ সত্ৰৰ ভূমিত নিৰ্মাণ কৰা "ৰামপুৰ সত্ৰ আজান পীৰ ছোবাহী মক্তাব"ৰ ফলক আতঁৰোৱা পাছত সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱ গোস্বামীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তেওঁ কয়- ৰামপুৰ সত্ৰতে নহয়, অসমৰ কোনো সত্ৰত এনে ধৰনৰ গৰ্হিত কাৰ্য যাতে ভবিষ্যতে নকৰে; তাৰ আহ্বান জনাই সাংবাদিকৰ তৎপৰতাত ঐতিহ্যমণ্ডিত সত্ৰখনিত চলি থকা এনে বিষয়সমূহ উত্থপন কৰাৰ বাবে সাংবাদিক আৰু সাদিন- প্ৰতিদিন গোষ্ঠীক কৃতজ্ঞতা জ্ঞাপন কৰে।