/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-05/7wg0cp2b/okok.jpg)
ডিজিটেল সংবাদ, বিলাসীপাৰাঃ বিলাসীপাৰাত শিক্ষক দিৱসৰ দিনাই সংঘটিত হৈছে চৰম লজ্জাজনক ঘটনা। বিলাসীপাৰাত শিক্ষক দিৱসৰ এই পৱিত্ৰ দিনটোক অপৱিত্ৰ কৰিলে এগৰাকী লম্পট শিক্ষকে। শিক্ষক হৈ শিক্ষক সমাজৰ নাক-কাণ কটা এক ভয়ঙ্কৰ লজ্জাজনক ঘটনাক লৈ বিলাসীপাৰাত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। নিজ বিদ্যালয়ৰ এগৰাকী নাবালিকা ছাত্ৰীৰ লগত যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ শিক্ষক কাজল শইকীয়াৰ বিৰুদ্ধে।
বিলাসীপাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত এখন স্কুলত সংঘটিত হৈছে নাভূত-নাশ্ৰুত আৰু চৰম লজ্জাজনক ঘটনা। নাবালিকা ছাত্ৰীৰ পৰিয়ালৰ লোকে লম্পট শিক্ষক কাজল শইকীয়াৰ বিৰুদ্ধে বিলাসীপাৰা থানাত দাখিল কৰিছিল এজাহাৰ। উক্ত এজাহাৰ ভিত্তিত শিক্ষক জনক বিলাসীপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কেছ নম্বৰ ২১০/২৪ Pocso ৮ ৰ অধীনত জেল হাজোলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।
দীৰ্ঘ দিনৰ পৰাই বিদ্যালয়খনৰ এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলাই থকাৰ অভিযোগ উত্থাপন হৈ আছিল লম্পট শিক্ষক কাজল শইকীয়াৰ বিৰুদ্ধে। পৱিত্ৰ শিক্ষক দিৱসৰ দিনাই সমগ্ৰ শিক্ষক সমাজৰ মুখত কালিমা হানি চূণ-কালি লগাই দিয়া লম্পট আৰু ভণ্ড শিক্ষকজনৰ কঠোৰ শাস্তি দাবী কৰিছে বিভিন্ন দল সংগঠনে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us