ঘিলামৰাৰ প্ৰবীণ সমাজহিতৈষী ডা০ কেশৱ চন্দ্ৰ গগৈ আৰু নাই

ঘিলামৰাৰ ক্ৰীড়া, সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক ক্ষেত্ৰখনৰ সৈতে একাত্মভাৱে সম্পৃক্ত এগৰাকী প্ৰবীণ নাগৰিক, ৰাজ্য চৰকাৰৰ পশু পালন আৰু চিকিৎসা বিভাগৰ অবসৰী যুটীয়া সঞ্চালক ডাঃ কেশৱ চন্দ্ৰ গগৈ আৰু নাই।

author-image
Asomiya Pratidin
New Update
AP FOR WEB dhakua

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঘিলামৰাৰ ক্ৰীড়া, সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক ক্ষেত্ৰখনৰ সৈতে একাত্মভাৱে সম্পৃক্ত এগৰাকী প্ৰবীণ নাগৰিক, ৰাজ্য চৰকাৰৰ পশু পালন আৰু চিকিৎসা বিভাগৰ অবসৰী যুটীয়া সঞ্চালক ডাঃ কেশৱ চন্দ্ৰ গগৈ আৰু নাই। সুদীর্ঘদিন ধৰি মধুমেহ আৰু হৃদৰোগজনিত কাৰণত দেওবাৰে বিয়লি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ডাঃ গগৈৰ বিয়লি পৰলোকপ্ৰাপ্তি ঘটে।

Advertisment

মৃত্যুৰ সময়ত ঘিলামৰাৰ অগ্ৰণী শুভচিন্তক তথা সমাজহিতৈষীগৰাকীৰ বয়স হৈছিল প্ৰায় ৭৩ বছৰ। ঘিলামৰা সদৰ তিনিআলি নিবাসী বিনয়ী ব্যক্তি ডাঃ গগৈৰ আকস্মিক বিয়োগত সমগ্ৰ ঘিলামৰাৰ লগতে ঢকুৱাখনাতো শোকৰ ছাঁ পৰিছে।

ঘিলামৰা ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি, ঘিলামৰা শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ সক্ৰিয় সদস্য, ঘিলামৰাৰ অগ্ৰণী নাট্য গোষ্ঠী "ইংগিত"ৰ প্ৰতিস্থাপক উপদেষ্টা, ঘিলামৰা উন্নয়ন সমিতিৰ সক্ৰিয় সদস্য, অগ্ৰণী প্ৰকৃতি সংগঠন ৱাইল্ড ছিল্ক চচাইটি (উত্তৰ পূব)ৰ প্ৰাক্তন সভাপতি হিচাপে অতুল্য সামাজিক অৱদান আগবঢ়াই যোৱা ডাঃ গগৈয়ে মৃত্যুৰ সময়ত পত্নী মিনু গগৈ ,তিনি পুত্ৰ সহ অজস্ৰ ইষ্ট কুটুম্ব আৰু গুণগ্ৰাহীক ইস সংসাৰত এৰি থৈ যায়।  

বৃহত্তৰ ঘিলামৰাৰ প্ৰতিটো সামাজিক ,জনস্বাৰ্থমুখী কাৰ্য ক্ৰমণিকা ,প্ৰকৃতি সংৰক্ষণৰ সতে আমৃত্যু  আত্মোৎস্বর্গী ভূমিকা পালন কৰি যোৱা ঘিলামৰাৰ এগৰাকী অগ্ৰণী সমাজ সচেতকৰ বিয়োগত  শোকাছন্ন ঘিলামৰা । প্ৰবীণ সমাজ সংগঠক ডাঃ গগৈৰ বিয়োগত ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ  কাৰ্যকৰী সভাপতি প্ৰদীপ চমুৱা, সম্পাদক অচ্যুত চত্ৰধৰা , ৱাইল্ড ছিল্ক চচাইটি (উত্তৰ পূব)ৰ অধ্যক্ষ জিতুল শইকীয়া, ইংগিত নাট্য গোষ্ঠীৰ হৈ যোগানন্দ গগৈ, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক জ্ঞানদীপ বৰা , মেগামিক্স  প্ৰকৃতি সংঘৰ দেৱজিৎ ফুকন . বিশিষ্ট নাট্য সাধক,প্ৰবীণ শিক্ষাবিদ হৰেন শইকীয়া, ঘিলামৰা আঞ্চলিক ছাত্ৰ সন্থা ,ঘিলামৰা উন্নয়ন সমিতি ,ঘিলামৰা প্ৰেছ ক্লাব,অগপৰ ঢকুৱাখনা  বিধানসভা সমষ্টি সমিতিৰ সম্পাদক সমুজ্জল চেতিয়া আদিৰ লগতে অজস্ৰ ব্যক্তি ,সংগঠনে শোক প্ৰকাশ কৰাৰ লগতে বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।

উল্লেখযোগ্য যে সোমবাৰে দুপৰীয়া ঘিলামৰাত  প্ৰয়াত গগৈৰ শেষকৃত্য সম্পন্ন কৰা হ'ব ।

ঢকুৱাখনা