/asomiyapratidin/media/media_files/2025/07/13/392-2025-07-13-14-54-29.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : বিগত তিনি বছৰ ধৰি দুৰ্নীতি, অনিয়মেৰে শিৰোনামা দখল কৰি অহা মহাপুৰুষ শংকৰদেৱৰ জন্মস্থানত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ লুন্ঠনৰাজ পুনৰ পোহৰলৈ আহিছে। এইবাৰ বটদ্ৰৱা থান পৰিচালনা সমিতিৰ স্বয়ং সম্পাদকে ফাদিল কৰিলে ধন লুন্ঠনৰ তথ্য।
যাৰ পৰিপ্ৰেক্ষিতত পুনৰ বিতৰ্কত সোমাই পৰিছে বটদ্ৰৱা থান পৰিচালনা সমিতি। এইবাৰ সমিতিৰ সভাপতি, কাৰ্যকৰী সভাপতি আৰু দুজন সদস্যৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে সংবাদমেলযোগে বহু দুৰ্নীতিৰ তথ্য মুকলি কৰিলে সম্পাদক ত্ৰিকেন্দ্ৰজিৎ দেৱ গোস্বামীয়ে।
মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান পৰিচালনা সমিতিৰ ধন সোণৰ হৰলুকি, সংবিধান অৱমাননা আদি বিভিন্ন বিষয়ৰে সংবাদ শিৰোনামা দখল কৰাৰ পাছত এইবাৰ সংবাদমেলযোগে কান্দি কান্দি সম্পাদকে ৰাজহুৱা কৰিলে সভাপতি, কাৰ্যকৰী সভাপতি আৰু একাংশ সদস্যৰ স্বৰূপ। চকুলো টুকি সহায় বিচাৰিলে ভকত বৈষ্ণৱ তথা অসমবাসী ৰাইজৰ।
উল্লেখ্য যে, বিগত সময়ছোৱাত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সম্পাদক অৰূপ কুমাৰ শইকীয়াৰ দুৰ্নীতিৰ বিষয় উত্থাপনৰ পাছতে বিগত বৰ্ষত নৰোৱা সত্ৰৰ ডেকা সত্ৰীয়া, বটদ্ৰৱা থানৰ ভকত ত্ৰিকেন্দ্ৰজিৎ দেৱগোস্বামীয়ে সম্পাদকৰ দ্বায়িত্বভাৰ গ্ৰহণ কৰে। কিন্ত সম্পদকৰ দায়িত্ব লৈ, তেওঁ সন্মুখীন হোৱা বহু আহুকালৰ কথা আজি বটদ্ৰৱা থানৰ আকাশীগংগাৰ তীৰত থকা যাত্ৰী নিৱাসত অনুষ্ঠিত সংবাদমেলত ৰাজহুৱা কৰে।
যোৱা দৌল যাত্ৰা মহোৎসৱত বটদ্ৰৱাৰ ইতিহাসত ব্যয়বহুল বাজেটৰে একমাত্ৰ ধন আত্মসাৎ কৰাৰ লক্ষ্যৰে একাংশ সদস্যৰ লুন্ঠনৰাজ চলোৱাৰ অভিযোগ তুলিলে সম্পাদকে। পৰিচালনা সমিতিৰ সভাপতি যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত, কাৰ্যকৰী সভাপতি প্ৰভাত কলিতা, সদস্য কল্যাণ কলিতা আৰু মানিক বৰাৰ বিৰুদ্ধে মুকলিকৈ বিষেদগাৰ প্ৰকাশ কৰিলে সম্পাদকগৰাকীয়ে ।
ইফালে এই দুৰ্নীতি পোহৰলৈ অহাৰ ভয়ত ওলোটাই সম্পাদক ত্ৰিকেন্দ্ৰজিৎ দেৱগোস্বামীৰ বিৰুদ্ধে বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰি হাৰাশাস্তি কৰাৰ উপৰিও মানসিকভাৱে অত্যাচাৰ কৰাৰ অভিযোগ আনিছে দেৱ গোস্বামীয়ে। ইফালে আৰক্ষী থানালৈ মাতি নি সম্পাদক দেৱ গোস্বামীক এখন চেকত চহী কৰিবলৈ হেঁচা প্ৰয়োগ কৰে।
আনহাতে সম্পাদক ত্ৰিকেন্দ্ৰজিৎ দেৱগোস্বামীয়ে তেওঁৰ অনুমতি নোলোৱাকৈ চহী স্কেন কৰি বিভিন্ন কামত ব্যবহাৰ কৰাৰ ভয়ংকৰ অভিযোগ তোলে। ইয়াৰোপৰি সভাপতি যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তই সম্পাদকক নজনোৱাকৈ প্ৰাণামী বাকচৰ খুলি ধন গননা কৰাৰ অভিযোগ উত্থাপিত কৰে।
উল্লেখযোগ্য যে, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ দুৰ্নীতিৰ বাবেই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে বৰ্তমান ৰাইজে পাতি দিয়া তদৰ্থ সমিতিয়ে পৰিচালনা কৰি আছে, থানখন।