/asomiyapratidin/media/media_files/2025/06/12/oUHaWvivaw5RGKCi82K3.jpg)
ডিজিটেল সংবাদ, চিৰাং : বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰাকমূহূৰ্ত্তত ইউপিপিএল দলক একাষৰীয়া কৰি বিপিএফ আৰু বিজেপি দলৰ মাজত কোনো নতুন ৰাজনৈতিক অংক আৰম্ভ হ’ল নেকি বুলি এতিয়া প্ৰশ্ন তুলিছে একাংশই। কাৰণ বিটিচি পৰিষদীয় নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰতিটো ৰাজনৈতিক দলে ব্যাপক তৎপৰতা চলাই থকাৰ সময়তে বৃহস্পতিবাৰে চিৰাং জিলাৰ ছামঠাইবাৰীস্থিত হাগ্ৰামা মহিলাৰীৰ মালিকানাধীন বাথৌ খেৰাই ৰিজোৰ্টত গোপনে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ মাজত এক ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয়।
এই সন্দৰ্ভত খবৰ লাভ কৰি সংবাদ মাধ্যমৰ লোক ৰিজৰ্টত গৈ উপস্থিত হয় । প্ৰায় দুঘণ্টা সময় বৈঠকৰ অন্তত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা কৌশলপূৰ্ণভাৱে সংবাদ মাধ্যমৰ পৰা আঁতৰি থকাৰ চেষ্টা কৰে> কিন্তু সংবাদ মাধ্যমৰ লোকে আগুৰি ধৰাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে কোনো হাগ্ৰামা মহিলাৰীৰ সৈতে কোনো আলোচনা হোৱা নাই, মই হাগ্ৰামা মহিলাৰীৰ এই ৰিজৰ্টত একাপ চাহ খাবলৈ আহিছিলো আৰু এতিয়া কোকৰাঝাৰ জিলাৰ জিলা বিজেপিৰ সভাত গৈ আছো বুলি জনাই তাৰ পৰা গুচি যায় ।
তাৰ পিছত হাগ্ৰামা মহিলাৰীক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ সৈতে বিটিচি নিৰ্বাচনক লৈ কোনো আলোচনা হৈছে নেকি বুলি সংবাদ মাধ্যমৰ লোকে প্ৰশ্ন কৰাত হাগ্ৰামা মহিলাৰীয়ে স্বভঙ্গিমাৰে কয় যে তেখেতৰ সৈতে কোনো ৰাজনৈতিক আলোচনা হোৱা নাই । কিন্তু পৰ্বতঝোৰা এলেকাত আদানী গ্ৰুপৰ সৌৰ প্ৰকল্পৰ নামত ভূমি আবন্টন কৰাক লৈ সৃষ্টি হোৱা সমস্যা সমাধান কৰাৰ বাবে সহযোগ বিচাৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই তেখেতক মাতিছিলে আৰু একমাত্ৰ সৌৰশক্তি প্ৰকল্পক কেন্দ্ৰ পৰ্বতঝোৰাত সৃষ্টি হোৱা সমস্যাৰ সমাধান কৰা বাবে আলোচনা কৰিবলৈ সহাঁৰি দি ৰিজৰ্টত আহিছে বুলি সদৰী কৰে ।
এতিয়া সহজতে এটা প্ৰশ্ন উত্থাপন হৈছে কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাত আদানী গ্ৰুপৰ সৌৰশক্তি প্ৰকল্পৰ ভূমি আবন্টনক লৈ বিগত কিছুদিন ধৰি সৃষ্টি হোৱা পৰিস্থিতি শাম কটাবলৈ বিজেপিৰ সহযোগী দল ইউপিপিএল তথা বিটিচি প্ৰধান প্ৰমোদ বড়ো বিফল হৈছে নেকি ? যাৰ কাৰণে আদানী গ্ৰুপৰ বৃহৎ স্বাৰ্থ ৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি নেতৃত্বাধীন অসম চৰকাৰে হাগ্ৰামা মহিলাৰীৰ শৰণাপন্ন হৈছে নেকি ?
নহ’লে আজি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই হাগ্ৰামা মহিলাৰীৰ মালিকানাধীন বাথৌ খেৰাই ৰিজৰ্টত হাগ্ৰামা মহিলাৰীৰ সৈতে কিয় ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হ’ল ! উদ্দেশ্য এটাই পৰ্বতঝোৰাত উক্ত প্ৰকল্পৰ বাবে চৰকাৰীভাৱে আবন্টিত ভূমিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিস্থিতিৰ সমাধান সূত্ৰ উলিওৱা ।
উল্লেখ্য যে আজি বাথৌ খেৰাই ৰিজৰ্টত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু হাগ্ৰামা মহিলাৰীৰ উপৰি আদানী গ্ৰুপৰ পাঁচ গৰাকী উচ্চ পদস্থ বিষয়া, এপিডিচিএল কতৃপক্ষ, কোকৰাঝাৰ জিলাৰ আয়ুক্ত, আৰক্ষী অধীক্ষকসকলৰ উপৰি পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ পাৰিষদ মুনমুন ব্ৰহ্ম, পাৰিষদ তথা বিৰোধী বিধায়িনী দলৰ নেতা দেৰহাছাৎ বসুমতাৰীৰ লগতে পৰ্বতঝোৰা এলেকাৰ বিভিন্ন দল সংগঠনৰ নেতৃত্ববৰ্গক লৈ এই গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।
মুঠৰ ওপৰত আজি চিৰাঙত হাগ্ৰামা মহিলাৰীৰ মালিকানাধীন বাথৌ খেৰাই ৰিজৰ্টত অসমৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু হাগ্ৰামা মহিলাৰীৰ সৈতে অনুষ্ঠিত হোৱা ৰুদ্ধদ্বাৰ বৈঠকক লৈ ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক ধুমুহাৰ সৃষ্টি কৰিছে । বিভিন্ন জনে বিভিন্নভাৱে এই বৈঠকৰ কাৰণ বিচাৰি সামাজিক মাধ্যম গৰম কৰি তুলিছে ।