অসম চাহ পর্যটন উন্নয়ন আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভঃ উপস্থিত মন্ত্ৰী জয়ন্ত মল্ল

অসম চাহ পর্যটন উন্নয়ন আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভঃ উপস্থিত মন্ত্ৰী জয়ন্ত মল্ল

author-image
Asomiya Pratidin
New Update
অসম চাহ পর্যটন উন্নয়ন আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভঃ উপস্থিত মন্ত্ৰী জয়ন্ত মল্ল

ডিজিটেল সংবাদ,গুৱাহাটী: শনিবাৰে 'অসম চাহ পর্যটন উন্নয়ন আঁচনি'ৰ দ্বিতীয় পৰ্যায়ৰ অধীনত ৩৪খন নিৰ্বাচিত চাহ বাগিচাৰ মাজত অনুমোদন পত্ৰৰ আনুষ্ঠানিক বিতৰণ কৰা হয়। আজি জনতা ভৱনত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই পত্ৰসমূহৰ আনুষ্ঠানিক বিতৰণ কৰে।

Advertisment

অসমৰ ঐতিহাসিক চাহ বাগিচাসমূহ সংৰক্ষণ কৰি ইয়াক মনোমোহা পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰাৰ উদ্দেশ্যেৰে আৰম্ভ কৰা এই চাহ পৰ্যটন আঁচনিখনে ইতিমধ্যে অসমৰ সকলো প্ৰান্ততেই যথেষ্ট সফলতা লাভ কৰিছে।

উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনাৰ এই আঁচনিৰ প্রথম পর্যায়ত ইতিমধ্যে ২৫খন বাগিচাক নিৰ্বাচন কৰি সৰ্বাধিক ২কোটি টকালৈ ৫০% উন্নয়নমূলক ৰাজসাহাৰ্য প্রদান কৰা হৈছে। ইয়াৰ উন্নীতকৰণৰ কাম পূৰ্ণগতিত চলি আছে।

আজিৰ সভাত উপস্থিত ৰাইজক সম্বোধন কৰি মন্ত্ৰী বৰুৱাই কয় যে, আমাৰ ৰাজ্য অসমৰ সমগ্ৰ বিশ্বৰ পৰা পৰ্যটকক আকৰ্ষণ কৰাৰ সম্ভাৱনা আছে। কিন্তু পূৰ্বৰে পৰা চলি অহা বিভিন্ন বাধাৰ বাবে ইয়াৰ সম্পূৰ্ণ সম্ভাৱনা বিকশাই তুলিব পৰা হোৱা নাছিল। কিন্তু এতিয়া সকলো বাধা অতিক্ৰম কৰি অসমৰ পৰ্যটন ক্ষেত্ৰক এক নতুন মান প্ৰদান কৰিবলৈ অসম চৰকাৰে পুৰ্ণ গতিত কাম কৰি আছে।

ৰাজ্যখনৰ পৰ্যটনক উন্নীত কৰিবলৈ হ'লে অঞ্চলটোত শান্তি বিৰাজ কৰাটো অতি প্ৰয়োজনীয়। এই পৰ্যটন খণ্ডত আৰু অধিক গতি প্ৰদান কৰিবলৈ এক ইতিবাচক পৰিৱেশ সৃষ্টিৰ বাবে কঠোৰ প্ৰচেষ্টা হাতত ল'ব লাগিব বুলিও মন্ত্ৰী বৰুৱাই প্ৰকাশ কৰে।

অসম চৰকাৰৰ বিভিন্ন দূৰদৰ্শী পদক্ষেপৰ কথা উল্লেখ কৰি মন্ত্ৰী বৰুৱাই কয় যে, ইতিমধ্যে চৰকাৰে সাগৰমালা লিমিটেডৰ লগত এক চুক্তি স্বাক্ষৰ কৰিছে যাৰ জৰিয়তে গুৱাহাটীৰ ৬টাপৰ্যটনথলী লৈ নদী পৰ্যটন আৰম্ভ কৰা হ'ব য'ত উমানন্দ মন্দিৰ, অশ্বক্লান্ত মন্দিৰ, কামাখ্যা মন্দিৰো অন্তৰ্ভুক্ত থাকিব।

আজিৰ এই সভাত এটিডিচিৰ অধ্যক্ষ ৰিতুপৰ্ণ বৰুৱা,উপাধ্যক্ষ দিলীপ দাস,পর্যটন বিভাগৰ প্রধান সচিব ড০ জে বি এক্কা,অসম পর্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক কুমাৰ পদ্মপাণি বৰা আদি উপস্থিত থাকে৷

Also Read: বাংলাদেশত হিন্দুৰ ওপৰত হোৱা নিৰ্যাতনৰ বিৰুদ্ধে হোজাইত বংগসেনাৰ প্ৰতিবাদ...

Assam Tea Tourism Development Scheme