/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-17/d9fv2a30/hojai 17.jpg)
বাংলাদেশত হিন্দুৰ ওপৰত হোৱা নিৰ্যাতনৰ বিৰুদ্ধে হোজাইত বংগসেনাৰ প্ৰতিবাদ...
ডিজিটেল সংবাদ হাওৰাঘাটঃ বাংলাদেশৰ পৰা নিৰ্যাতিত আৰু পীড়িত হৈ ভাৰতবৰ্ষত বসতি স্থাপন কৰি থকা বংগভাষী লোকৰ দ্বাৰা পৰিচালিত হোৱা বংগসেনা নামৰ এটা সংগঠনৰ নেতৃত্বত শুকুৰবাৰে হোজাই জিলাৰ অন্তৰ্গত ৰজাগাৱঁত বাংলাদেশত হিন্দুৰ ওপৰত হোৱা নিৰ্মম অত্যাচাৰ আৰু শাৰীৰিকভাৱে কৰা নিৰ্যাতনৰ বাবে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। এই সন্দৰ্ভত বংগসেনা নামৰ সংগঠনটোৰ নেতা ক্ৰমে উত্তৰ বংগৰ বংগসেনাৰ সেনানায়ক শংকৰ দাস, বংগসেনাৰ সাংগঠনিক সহ-সেনানায়ক নকুল দাস, কেন্দ্ৰীয় সমিতিৰ সভাপতি গুণধৰ দাস, অসম বংগসেনাৰ সেনানায়ক নাৰায়ণ দাস, প্ৰচাৰ সম্পাদক মেঘনাথ দাস আৰু মঞ্জুৰাণী ৰয় আদি নেতৃত্বই হোজাই জিলাৰ ৰজাগাৱঁত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-17/gkucxnqy/92c8fc78-28ff-4004-8702-a4e0a8b69648.jpg)
এই প্ৰতিবাদৰ মাজতে তেওঁলোকে সংবাদ মাধ্যমৰ জৰিয়তে কয় যে, বাংলাদেশত হিন্দুৰ ওপৰত দীৰ্ঘদিনৰ পৰা অমানুষিক অত্যাচাৰ আৰু শাৰীৰিকভাৱে নিৰ্যাতন চলাই অহা হৈছে। ইয়াৰ শেহতীয়া উদাহৰণ চৰকাৰ সলনি হোৱাৰ পিছত সৃষ্টি হোৱা পৰিস্থিতি। এই ক্ষেত্ৰত ভাৰত চৰকাৰে অতি শীঘ্ৰে শান্তি স্থাপনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা উচিত।
ইপিনে বংগসেনাৰ নেতৃত্বই প্ৰতিবাদী কাৰ্যসূচীৰ পৰাই সংবাদ মাধ্যমৰ জৰিয়তে বাংলাদেশ চৰকাৰৰ ওচৰতো দাবী উত্থাপন কৰি কয় বাংলাদেশৰ ছয়খন জিলা ক্ৰমে খোলনা, বৰিশাল, ফৰিদপুৰ, কুষ্টিয়া, যশূৰ আৰু পটুৱাখালিক লৈ এখন স্বাধীন বংগভূমি গঠন কৰিব লাগে। ভাৰতবৰ্ষত বসবাস কৰি থকা বংগভাষী লোকসকলে বাংলাদেশৰ ছয়খন জিলাক লৈ স্বাধীন বংগভূমি গঠনৰ দাবী কৰি আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-17/oe71emck/c9fb9def-96a9-4218-8b78-11d8b2c9a701.jpg)
কাৰ্বি আংলং, অসম তথা ভাৰতৰ কোনো বস্তুৰ ওপৰত তেওঁলোকৰ দাবী নাই কিন্তু বাংলাদেশৰ ছয়খন জিলাক লৈহে তেওঁলোকৰ স্বাধীন বংগভূমিৰ দাবী বুলি সংবাদ মাধ্যমৰ জৰিয়তে বংগসেনাৰ নেতৃত্বই প্ৰকাশ কৰে। বংগসেনাৰ এই প্ৰতিবাদী কাৰ্যসূচীত কাৰ্বি আংলং জিলা, হোজাই জিলাৰ লগতে বিভিন্ন প্ৰান্তৰ বংগ সেনাৰ শতাধিক পুৰুষ মহিলা সদস্যসকলে অংশগ্ৰহণ কৰাৰ লগতে কলকাতাৰ পৰা অহা বংগসেনাৰ নেতাও উপস্থিত থাকে।
Also Read: মোডী-ইউনুছৰ মাজত টেলিফোনিক বাৰ্তালাপঃ সুনিশ্চিত কৰিলে হিন্দুৰ সুৰক্ষা...