ব্ৰহ্মপুত্ৰৰ ওপৰত দিচাংমুখ- মাতমৰা হৈ মাজুলী লৈ দ্বিতীয়খন দলং...

ব্ৰহ্মপুত্ৰৰ ওপৰত আকৌ এখন দলং হ’ব। এই আশ্বাস দিলে কেন্দ্ৰীয় মন্ত্ৰী নিতীন গাডকাৰীয়ে। এই সন্দৰ্ভত পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ে এক প্ৰস্তাৱ বিচাৰ কৰি আছে...

author-image
Asomiya Pratidin
New Update
ব্ৰহ্মপুত্ৰৰ ওপৰত দিচাংমুখ- মাতমৰা হৈ মাজুলী লৈ দ্বিতীয়খন দলং...

ব্ৰহ্মপুত্ৰৰ ওপৰত দিচাংমুখ- মাতমৰা হৈ মাজুলী লৈ দ্বিতীয়খন দলং...

ডিজিটেল ডেস্ক : ব্ৰহ্মপুত্ৰৰ ওপৰত আকৌ এখন দলং হ’ব। এই আশ্বাস দিলে কেন্দ্ৰীয় মন্ত্ৰী নিতীন গাডকাৰীয়ে। এই সন্দৰ্ভত পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ে এক প্ৰস্তাৱ বিচাৰ কৰি আছে। 

ঢকুৱাখনাৰ বিধায়ক নৱ দলেলৈ কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে ১ জানুৱাৰী ২০২৫ত এক পত্ৰ প্ৰেৰণ কৰিছিল। সেই পত্ৰত উল্লেখ কৰা মতে নতুন প্ৰস্তাৱিত দলঙখনে শিৱসাগৰ দিচাংমুখৰ পৰা মাতমৰা হৈ মাজুলী সংযোগ কৰিব। এই খবৰে শিৱসাগৰ, ঢকুৱাখনাৰ লগতে মাজুলীবাসীকো আনন্দিত কৰিছে।

অৱশ্যে এই মেগা দলঙখনৰ নিৰ্মাণৰ কাম কেতিয়াৰ পৰা আৰম্ভ হ’ব, সেই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কোনো কথা উল্লেখ কৰা নাই। উল্লেখযোগ্য যে ইতিমধ্যে যোৰহাট- মাজুলী সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং নিৰ্মাণ হৈ আছে যদিও ঠিকাদাৰী প্ৰতিষ্ঠানৰ হেমাহিৰ বাবে সাময়িকভাৱে বন্ধ হৈ আছে।

nitin gadkari