জাগীৰোড মহাবিদ্যালয়ত যোগপ্ৰজ্ঞা অসমৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিৱেশন

ভাৰতীয় সভ্যতা সংস্কৃতি আৰু ঐতিহ্য পৰম্পৰাৰ সৰ্বোতকৃষ্ট নিদৰ্শন স্বৰূপ মহতী যোগবিদ্যাক সম্যক ৰূপত আৰু ব্যাপকভাৱে ৰাজ্যখনৰ লগতে উত্তৰ পূৰ্বাঞ্চলত প্ৰচাৰ, প্ৰসাৰ আৰু সাধনাৰ বাবে অনুকুল বাতাবৰণ গঢ়ি

author-image
Asomiya Pratidin
New Update
জাগীৰোড মহাবিদ্যালয়ত যোগপ্ৰজ্ঞা অসমৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিৱেশন

জাগীৰোড মহাবিদ্যালয়ত যোগপ্ৰজ্ঞা অসমৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিৱেশন

ডিজিটেল সংবাদ, মায়ং : ভাৰতীয় সভ্যতা সংস্কৃতি আৰু ঐতিহ্য পৰম্পৰাৰ সৰ্বোতকৃষ্ট নিদৰ্শন স্বৰূপ মহতী যোগবিদ্যাক সম্যক ৰূপত আৰু ব্যাপকভাৱে ৰাজ্যখনৰ লগতে উত্তৰ পূৰ্বাঞ্চলত প্ৰচাৰ, প্ৰসাৰ আৰু সাধনাৰ বাবে অনুকুল বাতাবৰণ গঢ়ি তোলাৰ উদ্দেশ্যে ২০২১ চনত গঠন হৈছিল ৰাজ্যিক পৰ্য্যায়ৰ স্বেচ্ছাসেৱী যোগ সংগঠন 'যোগপ্ৰজ্ঞা অসম'ৰ। যোগপ্ৰজ্ঞা অসমৰ দ্বিতীয় দ্বি- বাৰ্ষিক অধিৱেশনখনি দেওবাৰে জাগীৰোড মহাবিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। 

Advertisment

এই উপলক্ষে মহাবিদ্যালয়ৰ ডিজিটেল প্ৰেক্ষাগৃহত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা লেখক ড০ পুনিৰাম পাতৰৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন মুকলি সভা। যোগপ্ৰজ্ঞা অসমৰ সম্পাদক ড০ উৎপল নাথ আৰু যুটীয়া সম্পাদক ধ্ৰুৱ জ্যোতি ভুঞাই আঁত ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত আদৰণি ভাষণ আগবঢ়াই যোগপ্ৰজ্ঞা অসমৰ ৰাজ্যিক সভাপতি তথা জাগীৰোড মহাবিদ্যালয়ৰ প্ৰাক্তন সহযোগী অধ্যাপক ড০ আনন্দৰাম বুঢ়াগোহাঁয়ে।

কাৰ্যসূচী অনুসৰি আৰম্ভণিতে শান্তি পাঠ কৰে যোগপ্ৰজ্ঞা অসমৰ সদস্যা গৰিমা দেৱীয়ে। বন্তি প্ৰজ্বলন কৰে আজিৰ সভাৰ বিশিষ্ট অতিথিসকলে। ইয়াৰ পিছতেই গৱেষণা পত্ৰিকা "যোগপ্ৰজ্ঞা" উন্মোচন কৰে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ধনপতি ডেকাই। 

গ্ৰন্থখন উন্মোচন কৰি উপাচাৰ্য ডেকাই যোগবিদ্যা, যোগসাধনা,প্ৰাণায়াম সন্দৰ্ভত ভাষণ আগবঢ়াই কয় যে, 'ধ্যান কৰিলে মানুহে  মানসিক চেতনা আৰু মানসিক সুখ বিচাৰি পায়। ধ্যানে আধ্যাত্মিকতা, অহিংসা, ধাৰণা আৰু একাগ্ৰতা বৃদ্ধিত সহায় কৰে। আনখন গ্ৰন্থ পতঞ্জলিৰ 'যোগসূত্ৰ ' উন্মোচন কৰি জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভবেন চন্দ্ৰ নেওঁগে যোগবিদ্যা সন্দৰ্ভত  কয় যে, ভাৰতীয় দৰ্শন অত্যন্ত চহকী আৰু অতি প্ৰাচীন। সেয়ে আজি বিশ্বৰ প্ৰতিখন দেশে বৰ্তমান সময়ত আকোঁৱালি ল’বলৈ আগবাঢ়ি আহিছে।

জাগীৰোড মহাবিদ্যালয়ত যোগপ্ৰজ্ঞা অসমৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিৱেশন

প্ৰসঙ্গক্ৰমে তেওঁ লগতে কয়- আমি যি কামেই নকৰো কিয় সেয়া সততা আৰু সদিচ্ছাৰে কৰিব লাগে। ফাঁকি দিব নালাগে। শিক্ষাগুৰু হ’লে ছাত্ৰ ছাত্ৰীক শিক্ষাদান দিবলৈ সদায়েই প্ৰস্তুত থাকিব লাগে। শিক্ষাগুৰু হৈ যদি ব্যক্তিগত খণ্ডৰ বিদ্যালয় খুলি আনৰ ঘৰে ঘৰে গৈ  ছাত্ৰ- ছাত্ৰী বিচাৰি ফুৰে সেয়া কোনো পধ্যেই সমৰ্থন যোগ্য হ’ব নোৱাৰে বুলি তাত্পৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।

আজিৰ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ মুৰব্বী অধ্যাপক ড০ হেমন্ত কুমাৰ শৰ্মা, জাগীৰোড সুৰ দেউল সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ পবন গগৈ আৰু যোগবিদ তথা লেখক বলি নাৰায়ণ ফুকনে। সভাৰ শেষৰ অংশত পুৰণা সমিতিখন ভংগ কৰি আগন্তুক দুটা বছৰৰ বাবে নতুন সমিতি এখন গঠন কৰা হয়।

ড০ আনন্দৰাম বুঢ়াগোহাঁঞিক পুনৰ সভাপতি আৰু শিক্ষক ধ্ৰুবজ্যোতি ভুঞাক সম্পাদক হিচাপে লৈ নতুন সমিতি গঠন কৰি ৰাজ্যৰ প্ৰতিখন জিলাতে যোগবিদ্যাৰ প্ৰচাৰ, প্ৰসাৰ আৰু সাধনাৰ বাবে কাম কৰিবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাত অসমৰ বিভিন্ন প্ৰান্তৰ শতাধিক লোক উপস্থিত থাকে।

Jagiroad College