উৎকট গৰম : নগাঁৱতো বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি

পাৰাস্তম্ভৰ মাত্ৰা অত্যাধিক উচ্চ হোৱাৰ পৰিপ্ৰেক্ষিতত হোৱা উৎকট গৰমৰ বাবে বুধবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ নগাঁও জিলাৰ সকলোবোৰ শিক্ষানুষ্ঠানৰ পাঠদানৰ সময়সূচী সলনি কৰা হৈছে

author-image
Asomiya Pratidin
New Update
পাঠদানৰ সময়সূচী সলনি

ডিজিটেল সংবাদ , নগাঁও : পাৰাস্তম্ভৰ মাত্ৰা অত্যাধিক উচ্চ হোৱাৰ পৰিপ্ৰেক্ষিতত হোৱা উৎকট গৰমৰ বাবে বুধবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ নগাঁও জিলাৰ সকলোবোৰ শিক্ষানুষ্ঠানৰ পাঠদানৰ সময়সূচী সলনি কৰা হৈছে। আজি জিলা আয়ুক্তৰ অনুমোদন সাপেক্ষে নগাঁও সংমণ্ডল বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে মেমো নম্বৰ আই এছ/এন ডি চি/এ এ পি/এম আই এছ চি/২০২৫/১৬৬৮-এ মৰ্মে  জিলাখনৰ সকলোবোৰ প্ৰাথমিক বিদ্যালয়ৰ পাঠদান কাইলৈৰ পৰা পুৱা ৭.৩০ বজাৰ পৰা দুপৰীয়া ১১.৩০বজালৈ নিৰ্ধাৰণ কৰাৰ নিৰ্দেশ দিছে।

একেদৰে এম ই স্কুলৰ পাঠদান পুৱা ৭.৩০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ আৰু হাইস্কুল/উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদান পুৱা ৭.৩০ বজাৰ পৰা দুপৰীয়া ১২.৩০ বজালৈকে নিৰ্ধাৰণ কৰি দিছে। এই নিৰ্দেশৰ আওতাত প্ৰতিখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানো থাকিব।

পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত জিলা খনৰ সমূহ শিক্ষানুষ্ঠানৰ পাঠদানৰ সূচী এই মতে চলাই থাকিবলৈ নিৰ্দেশটোত কোৱা হৈছে।

nagaon