/asomiyapratidin/media/media_files/2025/07/24/ap-for-web-nagaon-2025-07-24-14-20-20.jpg)
ডিজিটেল সংবাদ, নগাঁও : নগাঁও জিলাৰ বঢ়মপুৰৰ পিনাকপানি ৰিজ’ৰ্ট এণ্ড ফেমিলি ধাবাত সংঘটিত হৈছে ডকাইতি কাণ্ড। জানিব পৰা মতে এটা দুৰ্বৃত্তৰ দলে হাতত পিষ্টল আৰু মাৰণাস্ত্ৰ লৈ ধাবাখনত চলাই ডকাইতি কাণ্ড।
তাৰোপৰি ধৃত দলটোৱে ধাবাখনৰ স্বত্বাধিকাৰী পীতাম্বৰ শইকীয়া আৰু কৰ্মচাৰী এজনক মাৰধৰ কৰাৰ লগতে কোঠাত বান্ধি থৈ ডকাইতি কাণ্ড সংঘটিত কৰে। আনহাতে দলটোৱে ধাবাখনৰ পৰা চি চি টিভি মনিটৰ, নগদ ধন, মানিবেগ, মোবাইল ফোন আদি লৈ উধাও হয় বুলি জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে, ডকাইতৰ দলটোৱে মুখত ক’লা কাপোৰ বান্ধি আহিছিল। আৰু তেওঁলোকে কথা- বতৰা হিন্দীত পাতিছিল। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।