ছমাহতে খহি পৰিল লোকনিৰ্মাণ বিভাগৰ পথ

নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ ছমাহ নৌহতেই লোকনিৰ্মাণ বিভাগৰ পথটিৰ খহি পৰিল কিছু অংশ। পথটিৰ নিৰ্মাণৰ  নামত তিনি কোটিতকৈও অধিক টকা আৱণ্টিত হোৱাৰ পাছতো এনে বিসংগতি দেখি এতিয়া অসন্তুষ্ট ৰাইজ।

author-image
Asomiya Pratidin
New Update
 ছমাহতে খহি পৰিল লোকনিৰ্মাণ বিভাগৰ পথ

ছমাহতে খহি পৰিল লোকনিৰ্মাণ বিভাগৰ পথ

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰৰ ডাঠকলা-চাৰেঙীয়াস্থিত কল্যাণী দেৱালয়লৈ যোৱা পথটিৰ নিৰ্মাণৰ কামত অসন্তুষ্ট ৰাইজ। নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ ছমাহ নৌহতেই লোকনিৰ্মাণ বিভাগৰ পথটিৰ খহি পৰিল কিছু অংশ। পথটিৰ নিৰ্মাণৰ  নামত তিনি কোটিতকৈও অধিক টকা আৱণ্টিত হোৱাৰ পাছতো এনে বিসংগতি দেখি এতিয়া অসন্তুষ্ট ৰাইজ।

উল্লেখযোগ্য যে, পথটিৰ বাবে ৰাইজে বহু সময়ৰ ধৰি বিভাগীয় কৰ্তৃপক্ষক আবেদন জনাই আহিছিল। কিন্তু তাৰ পিছতেই পথৰ একাংশ খহি গাঁতৰ সৃষ্টি হোৱাত ঠিকাদাৰৰ বিৰুদ্ধে নিম্নমানৰ কামৰ অভিযোগ তুলিছে স্থানীয় একাংশ ৰাইজে।

লোকনিৰ্মাণ বিভাগ গহপুৰ