Advertisment

সন্ধান ওলাল ভূপালৰ হাবিত উদ্ধাৰ হোৱা পাহাৰসদৃশ সোণ আৰু টকাৰ গৰাকীৰ...

লোকায়ুক্তৰ অভিযানত ভূপালৰ তেওঁৰ ঘৰৰ পৰা ১.১৫ কোটি নগদ ধন, ডেৰ কেজি সোণ, হীৰা, ৫০ লাখ টকাৰ গহনা,বহু পৰিমাণৰ ৰূপ তথা সম্পত্তিৰ নথি-পত্ৰ উদ্ধাৰ কৰে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
rer

ডিজিটেল ডেস্কঃ  অৱশেষত ওলাল জোলোঙাৰ মেকুৰী। আৰক্ষীৰ তদন্তত সন্ধান ওলাল শনিবাৰে ভূপালৰ হাবিত উদ্ধাৰ হোৱা পাহাৰসদৃশ ধনৰ গৰাকীৰ। মধ্যপ্ৰদেশৰ ভূপালত পৰিত্যক্ত স্থানৰ পৰা উদ্ধাৰ হোৱা ধন আৰু সোণৰ গৰাকী হৈছে পৰিবহন বিভাগৰ প্ৰাক্তন কৰ্মী সৌৰভ শৰ্মা।

Advertisment

আজি লোকায়ুক্তৰ অভিযানত সৌৰভ শৰ্মাৰ ঘৰৰ পৰা ১.১৫ কোটি নগদ ধন, ডেৰ কেজি সোণ, হীৰা, ৫০ লাখ টকাৰ গহনা,বহু পৰিমাণৰ ৰূপ তথা সম্পত্তিৰ নথি-পত্ৰ উদ্ধাৰ কৰে। কেৱল এয়াই নহয়, তেওঁৰ কাৰ্যালয়ৰ পৰাও ১.৭০ কোটি টকা নগদ ধন আৰু সম্পত্তিৰ নথি-পত্ৰ উদ্ধাৰ কৰে আভিযানকাৰী দলে।

উল্লেখ্য যে, মাত্ৰ ৭ বছৰ পৰিবহন বিভাগৰ কনিষ্টবল হিচাপে কাম কৰিছিল সৌৰভে। তাৰ পিছত তেওঁ ভি আৰ এছ লৈ সম্পত্তিৰ ব্যৱসায়ত হাত উজান দিছিল। লক্ষ্মীয়ে তেওঁক এনেদৰে সমৰ্থন জনালে যে কম সময়ৰ ভিতৰতে তেওঁ অপৰিসীম ধনৰ মালিক হৈ পৰিল। লোকায়ুক্তই সৌৰভ শৰ্মাৰ বিৰুদ্ধে তেওঁৰ আয়ৰ অনুপাতে সম্পত্তি অধিগ্ৰহণ কৰাৰ অভিযোগ লাভ কৰিছিল, তাৰ পিছতে তেওঁৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰে।

তথ্য অনুসৰি সৌৰভৰ যিটো বাসগৃহত অভিযান চলোৱা হৈছিল সেয়া এটা বিলাসী বাংলোতকৈও কম নহয়। ঘৰ সজ্জাৰ কামত তেওঁ প্ৰায় দুই কোটি টকা খৰচ কৰিছিল। ঘৰটোত বহুতো বিলাসী সামগ্ৰী পোৱা গৈছিল যাৰ মূল্য লাখতকৈ অধিক।

চাকৰিৰ পিছত সৌৰভে ৰাজনীতিবিদ আৰু প্ৰভাৱশালী বিল্ডাৰসকলৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল লগতে সম্পত্তি সমূহত বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিছিল। সূত্ৰ অনুসৰি এজন প্ৰভাৱশালী মন্ত্ৰীৰ পৃষ্ঠপোষকতাত সৌৰভৰ ব্যৱসায়ে গা কৰি উঠিছিল। সৌৰভৰ ওপৰত হাত থকা বুলি কোৱা মন্ত্ৰীজন কমল নাথৰ চৰকাৰ, শিৱৰাজ সিঙৰ চৰকাৰ আৰু এতিয়া মোহন চৰকাৰৰ দিনতো মন্ত্ৰী পদত আছিল।

সৌৰভ আদিৰে পৰা ইমান ধনী নাছিল; দুৰ্নীতিগ্ৰস্ত বিষয়াৰ সৈতে গোপন বুজাবুজি কৰি তেওঁ অপৰিসীম ধন-সম্পত্তি উপাৰ্জন কৰিছিল। চাকৰি এৰি যোৱাৰ আগতে পৰিবহণ বিভাগৰ উচ্চপদস্থ বিষয়াৰ লগত গোপন বুজাবুজি কৰিছিল, তাৰ পিছত পৰিবহণ বিভাগত নাকা নিয়োগ আৰু ট্ৰেন্সফাৰ পোষ্টিঙৰ নামত বহু ক’লা ধন উপাৰ্জন কৰিছিল। তাৰ পিছত এই ধন ৰিয়েল ইষ্টেট ব্যৱসায়ত বিনিয়োগ কৰি লাহে লাহে সৌৰভ হৈ পৰিছিল কোটিপতি।

 

 

ভূপাল