/asomiyapratidin/media/media_files/2024/11/17/5CrOhmeZ3b9Ezqr8tYYD.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : যোৱা ১৫ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজধানী দিল্লীৰ কে ডি যাদৱ মল্লযুঁজ ষ্টেডিয়ামত আনুষ্ঠানিকভাৱে মুকলি কৰা প্ৰথম বড়োলেণ্ড মহোৎসৱৰ সফল সামৰণী পৰে। দুদিনীয়া এই বৃহৎ অনুষ্ঠানত বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’ন (বিটিআৰ)ৰ চহকী ঐতিহ্য, পৰ্যটন, খাদ্য, ভাষা- সংস্কৃতি, হস্ততাঁত আৰু খিলঞ্জীয়া বড়ো জনগোষ্ঠীৰ থকা ঘৰসমূহ প্ৰদৰ্শন কৰা হয়।
/asomiyapratidin/media/media_files/2024/11/17/NpIeAslM5kap4Uy0rHSe.jpg)
মহোৎসৱত “ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ জৰিয়তে "মাতৃভাষা মাধ্যমৰ প্ৰত্যাহ্বান আৰু সুযোগ” আৰু “বড়োলেণ্ড মহোৎসৱ আৰু জনজাতীয় গৌৰৱ দিৱস” বিষয়ক কিছু প্ৰাসংগিক মুকলি আলোচনা অনুষ্ঠিত হয়। য’ত বিশেষজ্ঞ ব্যক্তি আৰু নীতি নিৰ্ধাৰকসকলে অংশগ্ৰহণ কৰে।
“ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ জৰিয়তে মাতৃভাষা মাধ্যমৰ প্ৰত্যাহ্বান আৰু সুযোগ” শীৰ্ষক মুকলি আলোচনাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ড০ ধৰ্মেন্দ্ৰ প্ৰধান, এবছুৰ সভাপতি তথা মহোৎসৱৰ অন্যতম আয়োজক দিপেন বড়ো, আছুৰ মুখ্য উপদেষ্টা ডাঃ সমুজ্জ্বল ভট্টাচাৰ্য, বি এছ এছৰ সাধাৰণ সম্পাদক নিলোকান্ত গৱাৰী, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বি টি আৰ মুৰব্বী প্ৰমোদ বড়ো, ৰাণোজ পেগুকে ধৰি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে ।
“পৰ্যটন আৰু সংস্কৃতিৰ জৰিয়তে সজীৱ বড়োলেণ্ড অঞ্চল নিৰ্মাণ” বিষয়ক আন এক আলোচনাত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু প্ৰমোদ বড়োৱে অংশগ্ৰহণ কৰে।
মুখ্য অতিথিৰ ভাষণত ড০ ধৰ্মেন্দ্ৰ প্ৰধানে কয় “ বড়ো সাহিত্যৰ বিকাশ, সাক্ষৰতাৰ হাৰ, উন্নত বড়ো ভাষা আৰু সংস্কৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা শিক্ষানুষ্ঠান স্থাপনৰ বাবে ভালেমান পদক্ষেপ গ্ৰহণ কৰা হৈছে। শিক্ষাৰ ক্ষেত্ৰত বড়ো ভাষাৰ প্ৰচাৰ অব্যাহত ৰখাটো বড়ো সম্প্ৰদায়ৰ ভাষিক ঐতিহ্য সংৰক্ষণৰ বাবে অতি গুৰুত্বপূৰ্ণ।’
/asomiyapratidin/media/media_files/2024/11/17/Sjw71YQFBTS1Tt48S9FD.jpg)
এবছুৰ সভাপতি দিপেন বড়োৱে কয় "বড়োলেণ্ড মহোৎসৱত বড়ো জনগোষ্ঠীৰ পৰিচয় আৰু অধিকাৰৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি প্ৰদান কৰা হয়। তেওঁলোকৰ ত্যাগৰ কথা মনত নেপেলালে আমাৰ সংস্কৃতিৰ উদযাপন আধৰুৱা হৈ থাকিব। তেওঁলোকৰ সাহসেই আমাক বাট মুকলি কৰি দিছে।
ভাষা, পৰম্পৰা আৰু ইতিহাসেৰে সমৃদ্ধ এটা জনগোষ্ঠীৰ সংস্কৃতিয়ে ইয়াৰ প্ৰকৃত সত্তাক সংজ্ঞায়িত কৰে। আজি আমি বড়োলেণ্ডৰ অতীত আৰু জীৱন্ত আত্মা দুয়োটাকে সন্মান জনাইছো, কাৰণ তেওঁলোকৰ ত্যাগৰ দ্বাৰাই আমাৰ সংস্কৃতি পৰিষ্ফুত হৈ উঠে’ বুলি দিপেন বড়োৱে মন্তব্য কৰে।
মহোৎসৱত বিভিন্ন বিপনীসমূহত প্ৰদৰ্শন কৰা হস্ততাঁত সামগ্ৰী, খাদ্য, পানীয় আৰু বাদ্যযন্ত্ৰৰ জৰিয়তে বড়োলেণ্ডৰ স্বীকৃতিপ্ৰাপ্ত জি আই টেগ প্ৰদৰ্শন কৰা হয়। বড়ো গামোছা, ডোখোনা বা আৰোনাই হওক বা হাতেৰে তৈয়াৰী প্ৰতিটো সামগ্ৰীয়েই হওক, ইয়াৰ অনন্য সাংস্কৃতিক তাৎপৰ্য্য আছে।
লগতে ই বড়োলেণ্ডৰ গভীৰ শিল্পকলা, কাৰুকাৰ্য্য আৰু সাংস্কৃতিক পৰিচয়ক প্ৰতিনিধিত্ব কৰে। মহোৎসৱত ইয়াৰ উপৰিও জি আই টেগ যুক্ত পৰম্পৰাগত বড়ো পানীয়, যেনে- জৌ গিছি, জৌ গ্ৱ্ৰাণ আৰু জৌ বিদ্ৱী প্ৰদৰ্শন কৰা হয়।
এই পানীয়সমূহ বড়োলেণ্ড টেৰিটৰিয়েল অঞ্চলৰ বড়ো সম্প্ৰদায়ৰ বাবে যুগ যুগ ধৰি চলি অহা কৌশল ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয় আৰু ই সুকীয়া সোৱাদ প্ৰদান কৰে। বড়ো সম্প্ৰদায়ৰ পৰম্পৰাগত বাদ্যযন্ত্ৰ সামগ্ৰীৰ উপৰিও শেহতীয়াকৈ জি আই টেগ লাভ কৰা চিফুঙক প্ৰদৰ্শন কৰা হয়।
“কোকৰাঝাৰৰ বিটিচিৰ হস্ততাঁত আৰু বস্ত্ৰ বিভাগে প্ৰথম বড়োলেণ্ড মহোৎসৱত অংশগ্ৰহণ কৰি যুগ যুগ ধৰি চলি অহা চহকী ঐতিহ্যক নিজৰ হস্ততাঁত সামগ্ৰীৰ জৰিয়তে প্ৰদৰ্শন কৰে। অনুষ্ঠানত জি আই প্ৰমাণিত সামগ্ৰীসমূহৰ ওপৰতো আলোকপাত কৰা হয়।
" আমি বড়োলেণ্ডৰ পৰম্পৰাগত হস্ততাঁত শিল্পকলাক বৃহত্তৰ মঞ্চত প্ৰচাৰ আৰু উদযাপন কৰিব বিচাৰো। এই বহনক্ষম, ঐতিহ্য সমৃদ্ধ বস্ত্ৰশিল্পসমূহৰ প্ৰতি সজাগতা আৰু প্ৰশংসা বৃদ্ধি কৰিব বিচাৰো।
আমি আগন্তুক বছৰবোৰত বড়ো সম্প্ৰদায়ৰ পৰা অহা সামগ্ৰীসমূহৰ বিষয়ে সজাগতা লাভ কৰিম।’- প্ৰসঙ্গত এইচ এণ্ড টিৰ সহকাৰী সঞ্চালক, হিৰণ্য দেৱীয়ে এইদৰে কয় ।
বড়োলেণ্ড মহোৎসৱৰ দ্বিতীয় দিনটোৰ আৰম্ভণিতে বড়োলেণ্ড আন্দোলনৰ উত্তৰাধিকাৰক সন্মান জনাই বড়ো সাহিত্য সভাৰ সভাপতি ড০ সুৰথ নাৰ্জাৰীয়ে পতাকা উত্তোলন কৰে। অনুষ্ঠানত অঞ্চলটোৰ পৰিচয় আৰু অধিকাৰৰ বাবে প্ৰাণ আহুতি দিয়া বড়ো শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
অন্তিম দিনৰ আৰম্ভণিতে ছাই ইন্দিৰা গান্ধী ষ্টেডিয়ামৰ পৰা দিল্লী সচিবালয়লৈকে বড়োলেণ্ডৰ ঐক্য আৰু গৌৰৱৰ প্ৰতীক হিচাপে এক বৃহৎ সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয়। সন্ধিয়াৰ ভাগত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুয়াল ওৰাম, লোকসভাৰ সাংসদ দিলীপ শইকীয়াই সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে। অনুষ্ঠানত জনপ্ৰিয় সংগীত শিল্পী অংগৰাগ মহন্তই মহোৎসৱত তেওঁৰ আত্মাস্পৰ্শী সুৰেৰে হাজাৰ হাজাৰ দৰ্শকক মোহিত কৰে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us