/asomiyapratidin/media/media_files/2025/05/12/aNVg1M7cGUwofPyWXT6c.jpg)
কাছমাৰী জিলা পৰিষদৰ অন্তৰ্গত ৰাইডঙীয়া-বটদ্ৰৱা গাঁও পঞ্চায়তৰ ফলাফল...
ডিজিটেল সংবাদ, বটদ্ৰৱা : ৰাজ্যৰ আন আন প্ৰান্তৰ সমান্তৰালকৈ নগাঁও জিলাতো পঞ্চায়ত নিৰ্বাচন ২০২৫ৰ ভোটগণনা চলি আছে। কাছমাৰী জিলা পৰিষদৰ বিভিন্ন পঞ্চায়তৰ ফলাফল ঘোষণাৰ পাছত নিশা ৯.৩০ বজাত ৰাইডঙীয়া বটদ্ৰৱা গাঁও পঞ্চায়তৰ ভোটগণনা আৰম্ভ হৈ শেষনিশা ফলাফল পোৱা যায়।
ফলাফল অনুসৰি, ৮৩ নং ৰাইডঙীয়া বটদ্ৰৱা গাঁও পঞ্চায়তৰ ১ নং ৱাৰ্ডত ২২৫ টা ভোট লাভ কৰি দীপশিখা কলিতাই জয়লাভ কৰে। একেদৰে ২ নং ৱাৰ্ডত ২৫০ টা ভোট লাভ কৰি গীতাশ্ৰী কলিতা, ৩ নং ৱাৰ্ডত ৩২৩ টা ভোট লাভ কৰি মনীষা বৰুৱাই শেষ হাঁহি মাৰে।
আনহাতে ৪ নং ৱাৰ্ডত জিয়াবুৰ ৰহমান , ৫ নং ৱাৰ্ডত দীপজ্যোতি বৰদলৈক বিজয় ঘোষণা কৰা হয়। কেৱল ইমানেই নহয়, ৬ নং ৱাৰ্ডত ২০৫ টা ভোট লাভ কৰি মামনি পাটৰে শেষ হাঁহি মাৰিবলৈ সক্ষম হয়। আনহাতে ৭ নং ৱাৰ্ডত অংকুৰ শইকীয়া, ৮ নং ৱাৰ্ডত ৩৪৮ টা ভোট লাভ কৰি গৌতম ভূঞা, ৯ নং ৱাৰ্ডত তৰুণ চন্দ্ৰ কলিতা, ১০ নং ৱাৰ্ডত ৩০০ টা ভোট লাভ কৰি শেৱালি দাস জয়লাভ কৰিছে।
উক্ত ৮৩ নং ৰাইডঙীয়া বটদ্ৰৱা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা পদৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী স্মৃতা বৰা জয়লাভ কৰিছে। নগাঁও বটদ্ৰৱা সমষ্টিৰ কাছমাৰী জিলা পৰিষদৰ বিজেপি দলৰ প্ৰাৰ্থীৰ প্ৰাঞ্জল দাস ৮৮৮০ ভোটৰ ব্যৱধানত জয়লাভ কৰিছে।