ভিন্ন প্ৰান্তত গৰ্জনঃ সদনত দাখিল জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদন...

বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক অখিল গগৈয়ে উক্ত বিধেয়কখনক লৈ বাৰম্বাৰ আলোচনাৰ দাবী জনোৱাৰ পাছতো আলোচনাৰ বাবে অনুমতি প্ৰদান নকৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজীৎ দৈমাৰীয়ে।

New Update
WhatsApp Image 2025-11-29 at 8.35.46 PM

জুইৰ সৈতে যেন খেলা কৰি অসম চৰকাৰে অৱশেষত সদনত দাখিল কৰিলে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় মন্ত্ৰীগোটৰ প্ৰতিবেদন। ৰাজ্যজুৰি ভিন্ন প্ৰান্তত হোৱা তীব্ৰ প্ৰতিবাদক আওকাণ কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ল'লে এই কঠিন সিদ্ধান্ত। কি আছে এই মন্ত্রীগোটৰ প্রতিবেদনত, প্ৰতিবেদন দাখিলৰ পাছতে বিৰোধীৰ কি প্ৰতিক্ৰিয়া, সবিশেষ সামৰি চয়নিকা শইকীয়াৰ এক প্ৰতিবেদন...

বহু জল্পনা-কল্পনাৰ অন্তত অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ অন্তিমটো দিনত দাখিল কৰা হ'ল বহু চৰ্চিত ,৬ জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় মন্ত্ৰীগোটৰ প্ৰতিবেদন। বিধানসভাৰ আৰম্ভণিৰ দিনটোতে এই প্ৰতিবেদনখন সদনত দাখিল কৰাৰ কথা আছিল যদিও ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখি কৌশলগতভাৱে চৰকাৰে সদনত দাখিল কৰা নাছিল এই প্ৰতিবেদন। 

এফালে জনজাতি বিভিন্ন সংগঠনে কৰা তীব্ৰ প্ৰতিবাদ আৰু আনফালে ৬ জনগোষ্ঠীৰ লক্ষাধিক লোকক সৈমান কৰাৰ উদ্দেশ্যেৰে চৰকাৰে কোনো সিদ্ধান্ত গ্ৰহণ যেন কৰিবই পৰা নাছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে ঘোষণা কৰা পাছতো এই প্ৰতিবেদন দাখিলৰ পৰা বিৰত আছিল চৰকাৰ।

মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল কৰা পাছতে কোকৰাঝাৰ,তামুলপুৰ,মুছলপুৰ,ছিডলী,ওদালগুৰিত ভালে কেইটা জনজাতীয় সংগঠনে প্ৰতিবাদ সাব্য়স্ত কৰিছিল। শনিবাৰৰ দিনটোতো বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সকলে সচিবালয়ত প্ৰৱেশ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল।

এনে পৰিস্থিতিৰ মাজতে অসমৰ দীৰ্ঘদিনীয়া ৰাজনৈতিকভাৱে সংবেদনশীল বিষয়,৬ জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় প্ৰতিবেদনখন অৱশেষত বিধানসভাত দাখিল কৰা হ'ল। মন্ত্রীগোটৰ অধ্যক্ষ ডা০ ৰণোজ পেগুৱে দাখিল কৰে প্রতিবেদনখন।  ৰাজ্যত ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত গঠন কৰা মন্ত্রী গোটে বুধবাৰে ৰাজ্যিক মন্ত্রীসভাত প্রতিবেদন দাখিল কৰিছিল।

বৈঠকৰ অন্তত মুখ্যমন্ত্রীয়ে এই প্রতিবেদনখনক মন্ত্রীসভাই অনুমোদন দিছে বুলি সংবাদমেলৰ জৰিয়তে অবগত কৰিছিল। ড° শৰ্মাই এই সন্দৰ্ভত কয় যে, এই প্রতিবেদনে বৰ্তমানৰ জনজাতিসকলৰ অধিকাৰ আৰু সাংবিধানিক সুৰক্ষাৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সৃষ্টি নকৰাকৈ অন্যান্য জনগোষ্ঠীসমূহৰ আশা-আকাংক্ষাক প্রতিনিধিত্ব কৰিব পাৰিব।

জনজাতি পৰিক্ৰমা বিভাগে ইয়াৰ পাছত এই প্রতিবেদন অসম বিধানসভালৈ প্ৰেৰণ কৰে আৰু অৱশেষত অধ্যক্ষৰ অনুমতি সাপেক্ষে প্রতিবেদনখন আজি বিধানসভাত দাখিল কৰা হয়। বিধেয়কখন দাখিলৰ লগে লগে আলোচনাৰ দাবী জনাই বিৰোধী বিধায়ক সকলে।

বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক অখিল গগৈয়ে উক্ত বিধেয়কখনক লৈ বাৰম্বাৰ আলোচনাৰ দাবী জনোৱাৰ পাছতো আলোচনাৰ বাবে অনুমতি প্ৰদান নকৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজীৎ দৈমাৰীয়ে।উল্লেখযোগ্য যে, বিধানসভাৰ নিয়মৰ দোহাই দি অধ্যক্ষই ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্রতিবেদনখনকলৈ আলোচনাৰ অনুমতি প্ৰদান নকৰে।

কি আছে মন্ত্রীগোটৰ প্রতিবেদনত-

- অসমৰ ST সকলক তিনিটা ভাগত বিভক্ত কৰা হৈছে
- ST (Hills), ST (Plains) আৰু ST(Valley)
- টাই আহোম, চুতীয়াসকলক ST(V)ত অন্তৰ্ভুক্তৰ প্রস্তাৱ
- চাহ জনগোষ্ঠী আৰু আদিবাসীসকলক ST(V)ত অন্তৰ্ভুক্তৰ প্রস্তাৱ
- মৰাণ, মটকলৈ ST প্লেনৰ স্বীকৃতি প্রদানৰ প্রস্তাৱ
- অবিভক্ত গোৱালপাৰাৰ কোচ ৰাজবংশীক ST(P)ৰ প্রস্তাৱ
- অবিভক্ত গোৱালপাৰৰ বাহিৰৰ কোচ ৰাজবংশীক ST(V)ত অন্তৰ্ভুক্তৰ প্রস্তাৱ
- বিধানসভাত STৰ বাবে সংৰক্ষিত আসনত নতুন ST সোমাবা নোৱাৰিব
- কেন্দ্রীয় চৰকাৰৰ সংৰক্ষিত আসনত নতুন ST–য়ে সুবিধা নাপাব
- বৰ্তমানৰ জনজাতীয়ৰ অধিকাৰ খৰ্ব নোহোৱাকৈ নতুনসকলক অন্তৰ্ভুক্তিৰ প্রস্তাৱ

প্ৰতিবেদনখন সদনত দাখিল কৰা পাছতে ৰাজ্যৰ বিভিন্ন স্থানত সংশ্লিষ্ট জনগোষ্ঠীসমূহৰ মাজত বৰ্তমান আনন্দৰ বন্যা বৈ গৈছে। টাই আহোম, কোচ ৰাজবংশী, চুতীয়া, মৰাণ, মটক আৰু চাহ জনগোষ্ঠীকে ধৰি সকলো দাবীদাৰ জনগোষ্ঠীৰ লোকসকলে চৰকাৰৰ এই পদক্ষেপক তেওঁলোকৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰ এক বৃহৎ সাফল্য বুলি গণ্য কৰিছে।

তাৰোপৰি ঠায়ে ঠায়ে ফটকা ফুটাই আনন্দ কৰাও পৰিলক্ষিত হৈছে। জনগোষ্ঠীসমূহৰ নেতাসকলে প্ৰকাশ কৰে যে, এই প্ৰতিবেদন দাখিল হোৱাটোৱে চৰকাৰে তেওঁলোকৰ ন্যায়সঙ্গত দাবী আৰু সাংবিধানিক অধিকাৰৰ প্ৰতি দেখুওৱা সদিচ্ছাক প্ৰমাণ কৰে। 

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, বৰ্তমান জনজাতিৰ মৰ্যাদা লাভ কৰি থকা সংগঠনসমূহে দীৰ্ঘদিন ধৰি আশংকা কৰি আহিছে যে ৬টা বৃহৎ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিলে তেওঁলোকৰসংৰক্ষণৰ অংশ হ্ৰাস পাব আৰু ইয়াৰ ফলত তেওঁলোকে অস্তিত্বৰ সংকটত ভুগিব।

ফলস্বৰূপে জনজাতিৰ মৰ্যাদা লাভ কৰি থকা সংগঠনসমূহে বিগত কেবাদিনে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিগত সময়ত উল্লেখ কৰিছিল যে, ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ইতিবাচক ভূমিকা ল'ব। এই প্ৰতিবেদনখন দাখিল হোৱাৰ পাছত কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত সংবিধান সংশোধনীৰ জৰিয়তে চূড়ান্ত সিদ্ধান্ত ল'ব পাৰিব।

যদিও ৰাজ্য চৰকাৰে বিধানসভাত প্ৰতিবেদন দাখিল কৰিছে, এই জনগোষ্ঠীসমূহৰ জনজাতিকৰণৰ চূড়ান্ত মোহৰ কেন্দ্ৰীয় চৰকাৰে মাৰিব। সেইবাবে, আনন্দ আৰু উল্লাসৰ মাজতো সংশ্লিষ্ট জনগোষ্ঠীসমূহে এতিয়া নিবিড়ভাৱে কেন্দ্ৰীয় চৰকাৰৰ চূড়ান্ত পদক্ষেপলৈ অধীৰ অপেক্ষাৰে বাট চাইছে। লগতে এই প্ৰতিবেদনখন বিধানসভাত দাখিল হোৱাটোও ৬ জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ দিশত এক অত্যন্ত আশাৰ সঞ্চাৰক।

অসম বিধানসভা বিধানসভা অধিৱেশন