Advertisment

গুৱাহাটীত গছত লাগে নেকি টকাঃ চৰকাৰী ধনৰ এনে অপচয় কিয়?

পৰিকল্পনাবিহীনভাৱে কাম কৰাৰ বাবেই যোৱা কেইটামান বছৰৰ পৰা গুৱাহাটীখনত পানীত পৰিছে কোটি কোটি টকা। সেৱা লাগিলে ৰাস্তা-ঘাটেই হওঁক, নল-নদৰ্মাই হওঁক নাইবা অন্য কোনো কাম।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
গুৱাহাটীত গছত লাগে নেকি টকাঃ  চৰকাৰী ধনৰ এনে অপচয় কিয়?

গুৱাহাটীত গছত লাগে নেকি টকাঃ চৰকাৰী ধনৰ এনে অপচয় কিয়? Photograph: (গুৱাহাটীত গছত লাগে নেকি টকাঃ চৰকাৰী ধনৰ এনে অপচয় কিয়?)

ডিজিটেল ডেস্কঃ পৰিকল্পনাবিহীনভাৱে কাম কৰাৰ বাবেই যোৱা কেইটামান বছৰৰ পৰা গুৱাহাটীখনত পানীত পৰিছে কোটি কোটি টকা। সেয়া লাগিলে ৰাস্তা-ঘাটেই হওঁক, নল-নদৰ্মাই হওঁক নাইবা অন্য কোনো কাম। কোনো এটা বিভাগৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ নৌহওঁতেই অইন এটা বিভাগে সেই কামৰ ওপৰতে ভাঙি-চিঙি আৰম্ভ কৰে নতুন কাম।

Advertisment

এনে ঘটনাই সংঘটিত হৈছে গুৱাহাটীৰ আৰ জি বি পথৰ ৯নং উপ পথত। এই উপ পথটোত পি ডব্লিউ ডি বিভাগে ৰাস্তাৰ কামৰ মেৰামতি কৰি আছিল যদিও হঠাতে আন এটা বিভাগে খান্দিলেহি নতুনকৈ নিৰ্মাণ হোৱা পথটো। চৰকাৰী পক্ষৰ এই কাম দেখি তীব্ৰ আক্ষেপ ব্যক্ত কৰিছে স্থানীয় ৰাইজে।

এনেদৰে অপৰিকল্পিতভাৱে নিৰ্মাণ কাৰ্যৰ নাম ৰাইজৰ ধন অবাবত নষ্ট কৰা কাৰ্যক তীব্ৰ গৰিহনা দিছে অঞ্চলটোৰ সচেতন মহলে। তলৰ ফটোসমূহ চালেই আপুনি বুজিব পাৰিব যে, কিমান অপৰিকল্পিতভাৱে কৰা হৈছে এই কাম।

উল্লেখ কৰা প্ৰয়োজন যে, বিগত কেইটামান বছৰৰ পৰা এনেদৰে নিৰ্মাণ কাৰ্যৰ নামত অপৰিকল্পিতভাৱে কাম কৰাৰ ফলত বহু ধনৰ অপচয় হৈছে। গুৱাহাটীৰ শিলপুখুৰী, জ্যোতিনগৰ, নুনমাটিৰ দৰে স্থানতো আজিও ওপৰাওপৰিকৈ চলি আছে এনে বহু নিৰ্মাণকাৰ্য। 

 

গুৱাহাটী