/asomiyapratidin/media/media_files/2025/06/26/252-2025-06-26-14-05-02.jpg)
ডিজিটেল সংবাদ, পৰ্বতঝোৰা : যোৱা ২২ জুনত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্ত মৰ্মে ৰাভা হাচং এলেকাৰ বাহিৰৰ থকা ৰাভা জনগোষ্ঠীৰ লোক সকলোৰ উন্নয়নৰ বাবে ৰাভা উন্নয়ন পৰিষদ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতেই ৰাভা জনগোষ্ঠীয় সংগঠনসমূহ উৎফুল্লিত হৈ পৰিছে।
বৃহস্পতিবাৰে পৰ্বতঝোৰাৰ কাজিগাঁৱৰ আৰছুৰ কাৰ্য্যালয়ত ৰাভা উন্নয়ন পৰিষদ দাবী সমিতিৰ পৰ্বতঝোৰা জিলা সমিতিয়ে সংবাদমেল সন্মোধন কৰি অসম চৰকাৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, জনজাতি উন্নয়ন মন্ত্ৰী ৰনোজ পেগু, ৰাভা উন্নয়ন পৰিষদ গঠনৰ সিদ্ধান্তৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
আজি সংবাদমেলখনত উপস্থিত থাকে পৰ্বতঝোৰা ৰাভা উন্নয়ন পৰিষদ দাবী সমিতিৰ সভাপতি জ্যোতি প্ৰসাদ ৰাভা, পৰ্বতঝোৰা নিখিল ৰাভা জাতীয় পৰিষদৰ সভাপতি কপেন ৰাভা, নিখিল ৰাভা সাহিত্য সভাৰ পৰ্বতঝোৰা জিলা সমিতিৰ সভাপতি বিনন্দ ৰাভা, নিখিল ৰাভা মহিলা পৰিষদৰ,পৰ্বতঝোৰাৰ সভানেত্ৰী মৃদুল্লা ৰাভা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ পৰ্বতঝোৰা জিলা সমিতিৰ সভাপতি নবিৰাম ৰাভাৰ লগতে ৰাভা জনগোষ্ঠীয় বহু সংগঠনৰ নেতা কৰ্মী।