/asomiyapratidin/media/media_files/2025/02/11/oxjsEUN4y89gslvlA6x0.jpg)
ডিজিটেল ডেস্কঃ দেওবাৰে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ মহাকুম্ভত অনুষ্ঠিত ধৰ্ম সংসদৰ সময়ত কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক লৈ এক প্ৰস্তাৱ গৃহীত হয়। সামাজিক মাধ্যমত শংকৰাচাৰ্য স্বামী অবিমুক্তেশ্বৰানন্দ সৰস্বতীয়ে প্ৰকাশ কৰে যে, "ৰাহুল গান্ধীয়ে এমাহৰ ভিতৰত পৰমধৰ্ম সংসাদৰ সন্মুখত নিজৰ পক্ষ দাখিল কৰিব লাগে। তেনে নকৰিলে তেওঁক হিন্দু ধৰ্মৰ পৰা বহিষ্কৃত ঘোষণা কৰা হ’ব।"
তথ্য অনুসৰি ৰাহুল গান্ধীয়ে মনুস্মৃতি সন্দৰ্ভত নিজৰ মতামত দি বিপদৰ সন্মুখীন হৈছে। হাথৰাছ দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ কথা উল্লেখ কৰি ৰাহুল গান্ধীয়ে লোকসভাত এই বক্তব্য আগবঢ়ায় কয় যে, দলবদ্ধ ধৰ্ষণ কৰাসকলে বাহিৰত ঘূৰি ফুৰিছে আৰু ছোৱালীজনীৰ পৰিয়ালটো তেওঁলোকৰ ঘৰত আবদ্ধ হৈ আছে। অপৰাধীয়ে ভাবুকি দিয়াৰ বাবে ছোৱালীজনীৰ পৰিয়াল বাহিৰলৈ ওলাই যাব নোৱাৰে।
ৰাহুল গান্ধীয়ে আৰু কয় যে "সংবিধানত ক'ত লিখা আছে যে ধৰ্ষণকাৰী ওলাই যাব লাগে আৰু ধৰ্ষণ কৰাজন ঘৰতে থাকিব লাগে। ৰাহুল গান্ধীয়ে কৈছিল যে এইটো আপোনাৰ মনুস্মৃতি গ্ৰন্থত লিখা হ'ব পাৰে কিন্তু সংবিধানত লিখা নাই।"
নেতাগৰাকীৰ এই মন্তব্যৰ পাছতে মহাকুম্ভত চলি থকা ধৰ্ম সংসদত লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে এক গৰিহণা প্ৰস্তাৱ গৃহীত হয়। এই সন্দৰ্ভত শংকৰাচাৰ্য অবিমুক্তেশ্বৰানন্দ সৰস্বতীয়ে কয় যে,ৰাহুল গান্ধীয়ে মনুস্মৃতিক ধৰ্ষণকাৰীসকলক সুৰক্ষা দিয়া শাস্ত্ৰ হিচাপে বৰ্ণনা কৰিছে। তেওঁ এমাহৰ ভিতৰত স্পষ্টীকৰণ দি ক্ষমা বিচাৰিব লাগে। অন্যথা তেওঁক হিন্দু ধৰ্মৰ পৰা বহিষ্কাৰ কৰা হ'ব ।
অবিমুক্তেশ্বৰানন্দই কয় যে, এই গৰিহণা প্ৰস্তাৱটো দেৱেন্দ্ৰ পাণ্ডেয়ে প্ৰস্তাৱ কৰিছিল । তাত কোৱা হৈছে যে ৰাহুল গান্ধীৰ বক্তব্যই লাখ লাখ হিন্দুৰ বিশ্বাসক আঘাত কৰিছে, যিয়ে মনুস্মৃতিক পবিত্ৰ শাস্ত্ৰ হিচাপে গণ্য কৰে । ধৰ্ম সংসদে ৰাহুল গান্ধীৰ এই মন্তব্যক তীব্ৰ গৰিহণা দিয়ে আৰু তেওঁক এই সন্দৰ্ভত নিজৰ বক্তব্য ৰাখিবলৈ এমাহৰ সময় দিয়ে । এই ঘটনাক ধৰ্মসাদ বিকাশ পাস্তানীয়েও গৰিহণা দিয়ে।