/asomiyapratidin/media/media_files/2025/07/04/web-ap-manuh-2025-07-04-18-40-27.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ : গহপুৰ সমজিলাৰ অন্তৰ্গত বাকৰী দলনী নিবাসী, বিশিষ্ট সমাজকৰ্মী, ধৰ্মপ্ৰাণ ব্যক্তি তথা প্ৰবীণ ৰাজনীতিক গুণ চলিহা (৮৩) আৰু নাই । বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ ব্যয়বহুল চিকিৎসাৰ মাজত জীৱন মৃত্যুৰে যুজি শুকুৰবাৰে পুৱা প্ৰায় ৬ বজাত এই সংসাৰৰ পৰা চিৰ বিদায় মাগে চলিহাই।
জীৱনৰ সুদীৰ্ঘ দিন সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰৰে জড়িত হৈ অহা গুণ চলিহা এসময়ত অসম গণ পৰিষদৰ শীৰ্ষ পৰ্য্যায়ৰ নেতা আছিল। তেওঁ এটা কাৰ্য্যকালৰ বাবে অগপৰ গহপুৰ জিলা সমিতিৰ সভাপতিৰ দায়িত্বত অধিষ্ঠিত আছিল।
তদুপৰি অগপৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যনিৰ্বাহক সদস্যও আছিল । পৰবৰ্তী সময়ত তেওঁ অগপ ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰে।
কংগ্ৰেছ দলত যোগদান কৰাৰ পিছত তেওঁ ছয়দুৱাৰ ব্লক কংগ্ৰেছৰ সভাপতিৰ দৰে গুৰু দায়িত্ব পালন কৰিছিল। পিছলৈ তেওঁ কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰে।
এসময়ত তেওঁ দুটা কাৰ্য্যকালৰ বাবে বাকৰী দলনী গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচিত হৈছিল। ছয়দুৱাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন কাৰ্য্যকৰী সদস্য গুণ চলিহা বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন সামাজিক আৰু ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত নিবিড়ভাৱে জড়িত থকা ব্যক্তি আছিল। যাত্ৰীবাহী বাছ সেৱাৰ লগতো জড়িত থকা গুণ চলিহা ১৯৮১ চনৰ পৰা বাছ ব্যৱসায়ৰ লগত জড়িত আছিল।
"কল্যানী বাছ সেৱা"ৰ স্বত্বাধিকাৰ গুণ চলিহাই বাছ ব্যৱসায়ৰ জৰিয়তে তেওঁৰ দুই পুত্ৰ মাধৱ চলিহা আৰু ভাৰ্গৱ চলিহাক স্বাৱলম্বী কৰি তোলে। সুদীৰ্ঘ জীৱন পৰিক্ৰমাৰ বিভিন্ন অভিজ্ঞতাৰে পুষ্ট গুণ চলিহাৰ মৃত্যুৰ বাতৰিয়ে গভীৰ শোকৰ ছাঁ পেলাইছে সমগ্র গহপুৰত।
তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে তেওঁৰ নশ্বৰদেহত শেষ শ্ৰদ্ধা নিবেদন কৰিবলৈ সমবেত হয়হি তেওঁৰ অজস্ৰ গুণমুগ্ধ, স্থানীয় ৰাইজৰ লগতে আত্মীয়-স্বজন। মৃত্যুৰ সময়ত তেওঁ পত্নী তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী শশী প্ৰভা চলিহা,তিনি গৰাকী পুত্ৰ ক্ৰমে মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰিচালন সম্পাদক যাদৱ চলিহা,ব্যৱসায়ী মাধৱ চলিহা আৰু ভাৰ্গৱ চলিহাৰ লগতে তিনিগৰাকী বোৱাৰীৰ উপৰিও কেইবাটিও নাতি-নাতিনী আৰু আত্মীয়-স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে।