ওৰাং কেন্দ্ৰীয় সন্মিলিত জনগোষ্ঠীয় সমাৰোহ আৰু বসন্ত উৎসৱৰ কাৰ্য্যসূচী বাতিল

দেশৰ সাম্প্ৰতিক যুদ্ধকালীন পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি অৱশেষত বাতিল কৰা হ'ল ওৰাং কেন্দ্রীয় সন্মিলিত জনগোষ্ঠীয় সমাৰোহ আৰু বসন্ত উৎসৱ ২০২৫।

author-image
Asomiya Pratidin
New Update
ওৰাং কেন্দ্ৰীয় সন্মিলিত জনগোষ্ঠীয় সমাৰোহ আৰু বসন্ত উৎসৱৰ কাৰ্য্যসূচী বাতিল

ওৰাং কেন্দ্ৰীয় সন্মিলিত জনগোষ্ঠীয় সমাৰোহ আৰু বসন্ত উৎসৱৰ কাৰ্য্যসূচী বাতিল

ডিজিটেল সংবাদ, ওৰাং : দেশৰ সাম্প্ৰতিক যুদ্ধকালীন পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি অৱশেষত বাতিল কৰা হ'ল ওৰাং কেন্দ্রীয় সন্মিলিত জনগোষ্ঠীয় সমাৰোহ আৰু বসন্ত উৎসৱ ২০২৫। বৃহত্তৰ ওৰাংবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হ'বলগীয়া প্রথম বাৰ্ষিক ওৰাং কেন্দ্রীয় ৰঙালী বিহুখন বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ উৎযাপন সমিতিৰ।

Advertisment

উল্লেখযোগ্য যে, প্ৰথমবাৰলৈ অনুষ্ঠিত হ'বলগীয়া এই জনগোষ্ঠীয় সমাৰোহত বৰ অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ নিৰ্ভেজাল লোক পৰম্পৰা আৰু সংস্কৃতি প্ৰদৰ্শন কৰাৰ বাবে আয়োজন কৰিছিল। সমাৰোহখনৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকর্ষণ আছিল কণ্ঠশিল্পী মর্মিতা মিত্র। কিন্তু OPERATION  SINDOOR ৰ পাছতেই ভাৰত- পাকিস্তানৰ মাজত সৃষ্টি হোৱা পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ১০ মে'ৰ পৰা ৰাজ্যত কোনো বিহুৰ অনুষ্ঠান উৎযাপন নকৰাৰ আহ্বান জনাইছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

যাৰ বাবে অহা ২২ মে'ত অনুষ্ঠিত হ'বলগীয়া ওৰাং কেন্দ্রীয় সন্মিলিত জনগোষ্ঠীয় সমাৰোহ আৰু বসন্ত উৎসৱ ২০২৫ ৰ বাবে স্থানীয় ওদালগুৰি জিলা প্রশাসনে অনুমতি প্রদান নকৰাৰ পাছতেই বিহু বাতিলৰ সিদ্ধান্ত গ্রহণ কৰিছে উৎযাপন সমিতিয়ে। এক বিশেষ কাৰ্য্যনিৰ্বাহক সভাত প্ৰস্তাৱ গ্ৰহণ কৰি সংবাদমেলযোগে জনগোষ্ঠীয় সমাৰোহখন দেশৰ সামগ্ৰীক পৰিস্থিতিৰ বাবে বাতিল কৰে উদযাপন সমিতিৰ নেতৃত্বই। 

orang