নিচাযুক্ত দ্ৰব্য আৰু ইয়াৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ মাহজোৰা কাৰ্যসূচী পালন

সমাজৰ পৰা ড্ৰাগছৰ কুপ্ৰভাৱ আৰু ইয়াৰ অবৈধ সৰবৰাহ ৰোধৰ বাবে মাৰ্ঘেৰিটা মহাবিদ্যালয় ৰেড ৰিবন ক্লাব আৰু এন এচ এচ গোটে জুন মাহত এক মাহজোৰা সজাগতামূলক কাৰ্যসূচী ৰূপায়ন কৰে।

author-image
Asomiya Pratidin
New Update
ুপে

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটা : সমাজৰ পৰা ড্ৰাগছৰ কুপ্ৰভাৱ আৰু ইয়াৰ অবৈধ সৰবৰাহ ৰোধৰ বাবে মাৰ্ঘেৰিটা মহাবিদ্যালয় ৰেড ৰিবন ক্লাব আৰু এন এচ এচ গোটে জুন মাহত এক মাহজোৰা সজাগতামূলক কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতি সপ্তাহে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু ৰাইজক সামৰি আয়োজন কৰা এই অভিযানৰ অংশ হিচাপে মাহটোৰ প্ৰথম সপ্তাহত ৫ জুনৰ দিনা এটি মিনি মাৰাথন দৌৰ সম্পন্ন হৈ যায়।

Advertisment

স্থানীয় যুৱক-যুৱতী, মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেডাৰ, মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা দৌৰ শুভাৰম্ভ কৰে মাৰ্ঘেৰিটাৰ বিশিষ্ট উদ্যোগী ভূপেন দুৱৰীয়ে। মহাবিদ্যালয়ৰ দাঁতিকষৰীয়া ১নং, ৪নং মাকুমপথাৰ, মাকুমকিল্লা, পাৰিজাত নগৰ আদি অঞ্চল সামৰি লোৱা এই দৌৰে অঞ্চলসমূহত ড্ৰাগছৰ বিৰুদ্ধে সজাগতাৰ বাৰ্তা বিলাবলৈ সক্ষম হয়।

মাহটোৰ দ্বিতীয় সপ্তাহত ১৩ জুনৰ দিনা নিজ মাকুম প্ৰাথমিক বিদ্যালয়ত 'ড্ৰাগছ আৰু ইয়াৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে ৰং তুলিকা" শীৰ্ষক এক চিত্ৰাংকণ অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত নিজ মাকুম প্ৰাথমিক বিদ্যালয়, নিজ মাকুম হাইস্কুল, মাকুমকিল্লা প্ৰাথমিক বিদ্যালয়, নৱজ্যোতি প্ৰাথমিক বিদ্যালয়, ৪ নং মাকুম পথাৰ প্ৰাথমিক বিদ্যালয়ৰ ৩৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ড্ৰাগছৰ বিৰুদ্ধে সজাগতামূলক ছবি অংকণ কৰে।

এই অনুষ্ঠান আয়োজনত সহযোগিতা আগবঢ়াই মাৰ্ঘেৰিটা মহাবিদ্যালয় শিক্ষাৰ্থী সেৱা কেন্দ্ৰই। তৃতীয় সপ্তাহত ১৯ জুনৰ দিনা মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এইচ আই ভি, এইডছ আৰু ড্ৰাগছৰ বিষয়ে এক সজাগতামূলক অনুষ্ঠান সম্পন্ন কৰা হয়।

এই সজাগতা অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ড্ৰাগছৰ ভয়াবহতা আৰু  এইচ আই ভি, এইডছ হোৱাৰ কাৰণসমূহৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক বুজাই মাৰ্ঘেৰিটা  অসামৰিক চিকিৎসালয়ৰ আই চি টি চিৰ পৰামৰ্শদাতা জয়শ্ৰী দত্তই । চতুৰ্থ সপ্তাহৰ ২৬ জুনত অৰ্থাৎ আন্ত:ৰাষ্ট্ৰীয় ড্ৰাগছ আৰু ইয়াৰ অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ দিনা এই অভিযানৰ সফল সামৰণি পৰে।

পুৱা ৯-০০ বজাত এই দিৱসৰ সৈতে সংগতি ৰাখি এটি সজাগতা অনুষ্ঠান মহাবিদ্যালয় আলোচনা কক্ষত অনুষ্ঠিত হৈ যায়। অনুষ্ঠানটি মুকলি কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অতনু কাকতিয়ে।

অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মাৰ্ঘেৰিটা আৰক্ষী থানাৰ আৰক্ষী বিষয়া  প্ৰতাপ গগৈ। তেখেতে ড্ৰাগছৰ অপকাৰিতা, সমাজত ইয়াৰ কু-প্ৰভাৱ এই এই ব্যাধি দূৰ কৰাত যুৱ সমাজ তথা ছাত্ৰ-ছাত্ৰীৰ কৰণীয় দিশত আলোকপাত কৰে।

আৰক্ষী বিষয়াগৰাকীয়ে লগতে ড্ৰাগছ নিৰ্মূলৰ ক্ষেত্ৰত মাৰ্ঘেৰিটা অঞ্চলত আৰক্ষীয়ে লোৱা ব্যৱস্থা আৰু ইয়াৰ আইনগত ব্যৱস্থাৱলীৰ বিষয়েও ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে। অনুষ্ঠানৰ শেষত ছাত্ৰ-ছাত্ৰীসকলে সমাজৰ পৰা ড্ৰাগছ আৰু ইয়াৰ অবৈধ সৰবৰাহ ৰোধ কৰিম বুলি প্ৰতিজ্ঞা গ্ৰহণ কৰে।

উল্লেখ্য যে মাৰ্ঘেৰিটা অঞ্চলত দিনক দিনে ড্ৰাগছ আৰু এইচ আই ভি পজিটিভ লোকৰ সংখ্যা বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি মাৰ্ঘেৰিটা মহাবিদ্যালয়ে এইক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচী অনাগত দিনতো গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে মহাবিদ্যালয়খনৰ এন এচ এচ,ৰেড ৰিবন ক্লাব আৰু উন্নত ভাৰত অভিযানৰ দায়িত্বত থকা অধ্যাপক ড° কৌস্তুভমণি নাথে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অতনু কাকতিয়ে এই কাৰ্যসূচীত সহায় আৰু অংশগ্ৰহণ কৰাৰ বাবে মাৰ্ঘেৰিটাৰ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলক কৃতজ্ঞতা জনায়।

মাৰ্ঘেৰিটা