/asomiyapratidin/media/media_files/2025/05/22/vjbNeXEqtm8eskeqMiGY.jpg)
বিজেপি...
ডিজিটেল সংবাদ, ওদালগুৰি : আগন্তুক বি টি চি পৰিষদীয় নিৰ্বাচনলৈ মাজত মাথো তিনিমাহ বাকী। এই সময়তে ভিতৰি ভিতৰি প্ৰায় প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে তৎপৰতা।
বি টি চিৰ শাসকীয় দল ইউপিপিএল, বিজেপিৰ লগতে বিপিএফকে ধৰি বিভিন্ন ৰাজনৈতিক দল তথা নিৰ্দলীয় প্ৰাৰ্থীৰ মাজত চলিছে নিৰ্বাচনী কুচকাৱাজ। সমান্তৰালভাৱে ওদালগুৰি জিলাৰ ১০ টা পৰিষদীয় সমষ্টিৰ বাবেও চলিছে প্ৰতিটো ৰাজনৈতিক দলৰ ব্যাপক কুজকাৱাজ।
সম্প্ৰতি জিলাখনৰ ১০ টা সমষ্টিৰ ভিতৰত পাঁচটাত ইউ পি পি এল ৪ টা বিজেপি আৰু ১ টা বি পি এফৰ দখলত আছে। এইবাৰ জিলাখনৰ অধিকাংশ সমষ্টিয়ে বিজেপিয়ে দখল কৰাৰ বাবে আৰম্ভ কৰিছে প্ৰস্তুতি।
জিলাখনৰ প্ৰতিটো মণ্ডলতে যোগদান সভাৰে নিৰ্বাচনী কুজকাৱাজ অব্যাহত ৰাখিছে দলটোৱে। কেৱল এয়াই নহয় গাঁৱে-গাঁৱে সভা অনুষ্ঠিত কৰাৰ লগতে বিভিন্ন প্ৰান্তত চলাই নিছে যোগদান কাৰ্যসূচী।
ইফালে বৃহস্পতিবাৰে বিজেপিৰ কাৰ্যালয়ত হৰিশিঙা মণ্ডল সমিতিৰ এক যোগদান সভা অনুষ্ঠিত হয়। হৰিশিঙা পৰিদষদীয় সমষ্টিৰ একাধিক সংখ্যালঘু লোকৰ লগতে ইউ পি পি এল আৰু বি পি এফৰ কৰ্মীয়েও দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰে।
বিজেপিৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক অজয় কুমাৰ হাজৰিকাই আঁত ধৰা যোগদান অনুষ্ঠানত অসমৰ সংখ্যালঘু মৰ্চাৰ সভাপতি তথা প্ৰাক্তন সাংসদ শান্তিয়াচ কুজুৰ, বিজেপিৰ জিলা সমিতিৰ সভাপতি সুনীল বসুমতাৰী, উপসভাপতি বিকন ডেকা, কোষাধ্যক্ষ গাণ্ডা খুংগুৰ বসুমতাৰী, সম্পাদক বাবলি কলিতা, উপ-সভানেত্ৰী ৰেখা বৰা, হৰিশিঙা মণ্ডল বিজেপিৰ সভাপতি জিতেন ৰাভাকে ধৰি কেবাজনো দলীয় নেতা উপস্থিত থাকে।
যোগদান কাৰ্যসূচীত উপস্থিত থাকি বিজেপিৰ জিলা সমিতিৰ সভাপতি সুনীল বসুমতাৰীয়ে সাংবাদিকৰ আগত আগন্তুক বিটিচি নিৰ্বাচনৰ বাবে জিলাখনত ১০ টা সমষ্টিতে বিজেপি দল সাজু হৈ থকা বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বি টি চিৰ জয়ৰ সম্ভৱনা থকা প্ৰায় ২৫ টা মান সমষ্টিত দলীয় প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ কথা উল্লেখ কৰিছে। তেনেক্ষেত্ৰত ওদালগুৰি জিলাৰ কিমানটা আৰু কোন কোন সমষ্টিত দলীয় প্ৰাৰ্থিত্ব আগবঢ়াই সেয়া সময়তহে জানিব পৰা যাব।