/asomiyapratidin/media/media_files/2025/07/12/385-2025-07-12-22-55-43.jpg)
ডিজিটেল সংবাদ, বাক্সা : এন চি আৰ দিল্লীৰ ফৰিদাবাদত থকা মেজিক বুক অফ ৰেকৰ্ডে শনিবাৰে বাক্সা জিলাৰ বৰমাত থকা টিহু-বৰমা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত আলাগজাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক খ্ৰৌমসাৰ বসুমতাৰীক এডুকেশ্যন আইকন এৱাৰ্ড-২০২৫ বঁটা প্ৰদান কৰে। মেজিক বুক অফ ৰেকৰ্ডৰ সঞ্চালক ড০ ছি.পি. যাদৱৰ সঞ্চালনাত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে চুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ অধিবক্তা আৰু ইন্টাৰনেশ্যনেল ওৱেল ফেয়াৰ হিউমেন ৰাইটছ ফাউণ্ডেশ্যনৰ অধ্যক্ষ ড০ ৰাম অৱতাৰ শৰ্মাই ।
বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ফাষ্ট এইড ইন্টাৰনেশ্যনেল গল্ড মেডেলিষ্ট তথা ওৱাল্ড ৰেকৰ্ড প্ৰাপক প্ৰশিক্ষক ড০ ৰাজিন্দৰ ছাইনিয়ে । সৃষ্টি যাদৱে আঁত ধৰা বঁটা প্ৰদান কৰা কাৰ্যসূচীত মহাৰাষ্ট্ৰ, গুজৰাট. উত্তৰ প্ৰদেশ, পশ্চিম বংগ, অসম, টেলেংগানা, অন্ধ্ৰ প্ৰদেশ, উত্তৰাখণ্ড, হাৰিয়ানা আদিকে ধৰি মুঠ ১৮ খন ৰাজ্যৰ বিভিন্ন বিষয়ৰ বিশিষ্ট ব্যক্তিসকলক বঁটা প্ৰদান কৰা হয় ।