আজি প্ৰদান কৰা হ’ব প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ

বীৰ বাল দিৱস উপলক্ষে দেশৰ চহকী ঐতিহ্য আৰু বীৰত্বৰ মনোভাব আধাৰিত সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। কেন্দ্রীয় মহিলা আৰু শিশু বিকাশ মন্ত্রী অন্নপূর্ণা দেৱীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

New Update
WhatsApp Image 2025-12-26 at 8.46.59 AM

ডিজিটেল ডেস্কঃ  আজি বীৰ বাল দিৱস উপলক্ষে নতুন দিল্লীত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান কৰিব ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে। মহিলা আৰু শিশু বিকাশ ম্যালয়ে প্রকাশ কৰা মতে এইবেলি সাহসিকতা, ক্রীড়া আৰু সমাজ সেৱাৰ ক্ষেত্ৰত অসাধাৰণ সাফল্য অর্জন কৰা ১৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ২০ টি শিশুক এই সন্মানৰ বাবে বাচনি কৰা হৈছে।

 মন্ত্ৰ্যালয়ে লগতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে বীৰ বাল দিৱসত ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানত শিশু আৰু যুৱকসকলক উদ্দেশ্যি ভাষণ দিব বুলি জানিবলৈ দিছে। নতুন দিল্লীত আয়োজিত অনুষ্ঠানত সাহসিকতা, দৃঢ়তা আৰু নিঃস্বার্থ সেৱাৰ কাহিনীসমূহৰ বিষয়ে আলোকপাত কৰা হ'ব বুলি মন্ত্ৰ্যালয়ে উল্লেখ কৰিছে।

বীৰ বাল দিৱস উপলক্ষে দেশৰ চহকী ঐতিহ্য আৰু বীৰত্বৰ মনোভাব আধাৰিত সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। কেন্দ্রীয় মহিলা আৰু শিশু বিকাশ মন্ত্রী অন্নপূর্ণা দেৱীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

উল্লেখ্য যে, শিখ ধর্মগুৰু গুৰু গোবিন্দ সিঙৰ পুত্ৰ বাবা জোৰাৱৰ সিং আৰু বাবা ফটেহ সিঙৰ সাহসিকতা আৰু বলিদানৰ সন্মানার্থে বীৰ বাল দিৱস পালন কৰা হয়। অত্যাচাৰৰ বিৰুদ্ধে অসীম সাহসিকতাৰ প্ৰতীক হিচাপে আৰু কম বয়সত তেওঁলোকৰ বলিদান ভাৰতীয় ইতিহাসৰ কৰুণ অধ্যায়সমূহৰ অন্যতম। প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে ২০২২ চনৰ জানুৱাৰীত গুৰু গোবিন্দ সিঙৰ প্ৰকাশ পৰ্বৰ সময়ত প্ৰতি বছৰে বীৰ বাল দিৱস পালন কৰাৰ কথা ঘোষণা কৰিছিল।

নৰেন্দ্ৰ মোডী