দুদিনীয়া ভ্রমণসূচীৰে আজি জর্দানলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী মোডী

প্ৰধানমন্ত্ৰীৰ এই ভ্রমণে দয়োখন দেশৰ মাজত ফছফেট ইন্ধনৰ পৰা আৰম্ভ কৰি গভীৰ সাংস্কৃতিক সম্পর্কলৈকে ভালেমান বিষয়ত সহযোগিতা অধিক শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে।

New Update
Super Cabinet: মোডীৰ অধ্যক্ষতাত দিল্লীত 'ছুপাৰ কেবিনেট'ৰ বৈঠক...

ডিজিটেল ডেস্কঃ  আজি দুদিনীয়া ভ্রমণসূচীৰে জর্দানলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। জৰ্দানৰ ৰজা আব্দুলা দ্বিতীয় বিন অল হুছেইনৰ আমন্ত্ৰণ মর্মে তথা ভাৰত আৰু জৰ্দানৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ পূৰ হোৱাৰ সৈতে সংগতি ৰাখি জর্দানলৈ যাব প্ৰধানমন্ত্ৰী মোডী।

প্ৰধানমন্ত্ৰীৰ এই ভ্রমণে দয়োখন দেশৰ মাজত ফছফেট ইন্ধনৰ পৰা আৰম্ভ কৰি গভীৰ সাংস্কৃতিক সম্পর্কলৈকে ভালেমান বিষয়ত সহযোগিতা অধিক শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে। জর্দানত প্রায় ১৭ হাজাৰ ৫০০ ভাৰতীয় লোকে বাস কৰি আছে। এই লোকসকলক ইতিমধ্যে হাছেমাইট ৰাজ্যৰ অৰ্থনীতি আৰু সমাজৰ অবিচ্ছদ্য অংগ হৈ উঠিছে।

জর্দানত থকা ভাৰতীয় ৰাষ্ট্রদূত মনিষ চৌহানে কাইলৈ আৰম্ভ হবলগীয়া শ্রীমোডীৰ এই ভ্রমণক বাণিজ্য, খাদ্য সুৰক্ষা আৰু জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ ক্ষেত্ৰত সময়ৰ দিশৰ পৰা মাইলৰ খুটি বুলি অভিহিত কৰিছে।

উল্লেখযোগ্য যে, জর্দানে ভাৰতৰ কৃষিখণ্ডত বিশেষ ভূমিকা পালন কৰা সাৰ, বিশেষকৈ ফছফেট আৰু পটাছৰ যোগান ধৰে। ভাৰত আৰু জদানৰ যুটীয়া সহযোগিতাৰে স্থাপন কৰা জৰ্দান ইণ্ডিয়া ফার্টিলাইজাৰ কোম্পানী, আই এফ এফ চি অ' আৰু জর্দান ফছফেট খনিজ কোম্পানী প্ৰতিষ্ঠা কৰা হৈছিল।

এই প্রতিষ্ঠানে ভাৰতলৈ ফছফৰিক এচিড যোগান ধৰি ভাৰতত খাদ্য সুৰক্ষাৰ দিশটো শক্তিশালী কৰি তুলিছে। একেদৰে ১৫টা ভাৰতীয় মূলৰ বস্ত্ৰ উদ্যোগে জর্দানত নিজৰ উৎপাদিত সামগ্ৰীৰ বজাৰ গঢ়ি তুলিছে। অমান আৰু মুম্বাইৰ মাজত মুকলি কৰা পোনপটীয়া বিমান সেৱাই দুয়োখন দেশৰ মাজত যোগাযোগ উন্নত কৰি তুলিছে। 

নৰেন্দ্ৰ মোডী