লালকিল্লাত প্ৰধানমন্ত্ৰী মোডীয়ে ল’লে ৫ টা সংকল্প…

লালকিল্লাত প্ৰধানমন্ত্ৰী মোডীয়ে ল’লে ৫ টা সংকল্প…

author-image
asomiyapratidin
New Update
লালকিল্লাত প্ৰধানমন্ত্ৰী মোডীয়ে ল’লে ৫ টা সংকল্প…

ডিজিটেল ডেস্কঃ দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পুৱাই লালকিল্লাত ত্ৰিৰংগা উত্তোলনেৰে দেশবাসীক সম্বোধন কৰিছে। এই সময়তে মোডীয়ে দেশবাসীক সম্বোধন কৰি গ্ৰহণ কৰিছে ৫ টা সংকল্প।

Advertisment

প্ৰধানমন্ত্ৰী মোডীয়ে গ্ৰহণ কৰা সেই সংকল্প সমূহ-

১. আগন্তুক ২৫ বছৰ ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ । অহা ২৫ বছৰত উন্নয়নশীলৰ পৰা উন্নত ৰাষ্ট্ৰ হ'ব লাগিব ভাৰত । দেশৰ নৱ-প্ৰজন্মক অহা ২৫টা বছৰ দেশৰ উন্নতিৰ বাবে সমৰ্পন কৰাৰ আহ্বান প্ৰধান মন্ত্ৰীৰ ।
২. এসময়ৰ পৰাধীনতাৰ কোনো চিন-মোকাম নাৰাখি দেশৰ বাবে কাম কৰি যাবলৈ ক'লে নৰেন্দ্ৰ মোডীয়ে । ভাষাৰ বান্ধোনৰ মাজত হেৰাই যোৱা প্ৰতিভাসমূহক আগুৱাই নিবলৈও সংকল্পবদ্ধ প্ৰধান মন্ত্ৰীগৰাকী ।
৩. নিজৰ দেশৰ ঐতিহ্যক লৈ গৌৰাম্বিত হ'বলৈ আহ্বান জনালে নৰেন্দ্ৰ মোডীয়ে । শিপাৰ সৈতে সংযোগ ৰাখিব পাৰিলেহে অধিক উচ্চতা চুব পাৰি বুলিও মন্তব্য মোডীৰ ।
৪. সমগ্ৰ দেশবাসীক দেশৰ উন্নতিৰ হকে ঐক্যতা বজাই ৰখাৰ অনুৰোধ প্ৰধান মন্ত্ৰীগৰাকীৰ ।
৫. একেবাৰে শেষত দেশৰ প্ৰত্যেকজন ব্যক্তিক দেশৰ প্ৰতি থকা দ্বায়িত্ব পালনৰ বাবে আহ্বান জনাই নৰেন্দ্ৰ মোডীয়ে ।

আৰু পঢ়ক : পতাকা উত্তোলনেৰে বটদ্ৰৱাৰ শিক্ষানুষ্ঠানত স্বাধীনতা দিৱস উদযাপন…

independence day india narendra modi