গুজৰাটত ৯০০০ কোটিৰো অধিক টকা ব্যয়ৰে ভালেমান উন্নয়ন প্রকল্পৰ উদ্বোধন প্ৰধানমন্ত্ৰীৰ

কিম্বদন্তী জনজাতীয় নেতা তথা স্বাধীনতা সংগ্রামী ভগৱান বীৰছা মুণ্ডাৰ ডেৰশ বছৰীয়া জন্মবার্ষিকীৰ লগত সংগতি ৰাখি পালন কৰা জনজাতীয় গৌৰৱ দিৱস উপলক্ষে এই প্রকল্পসমূহ মুকলি কৰা হৈছে।

New Update
1

ডিজিটেল ডেস্কঃ  আজি গুজৰাটৰ জনজাতীয় বসতিপ্রধান নর্মদা জিলাৰ ডেডিয়াপাড়া নগৰত উপস্থিত হয়  প্রধানমন্ত্রী নৰেন্দ্ৰ মো়ডী। ৯ হাজাৰ ৭০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান উন্নয়ন প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে।

 স্বাস্থ্য, আন্তঃগাঁথনি, শিক্ষা আৰু ঐতিহ্যৰ সৈতে জড়িত এই প্রকল্পসমূহত জনজাতীয় সবলীকৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। কিম্বদন্তী জনজাতীয় নেতা তথা স্বাধীনতা সংগ্রামী ভগৱান বীৰছা মুণ্ডাৰ ডেৰশ বছৰীয়া জন্মবার্ষিকীৰ লগত সংগতি ৰাখি পালন কৰা জনজাতীয় গৌৰৱ দিৱস উপলক্ষে এই প্রকল্পসমূহ মুকলি কৰা হৈছে।

 প্রধানমন্ত্রীয়ে বীৰছা মুণ্ডাৰ জন্মবার্ষিকী উপলক্ষে আয়োজিত এটা সমাবেশত ভাষণ দি কয় যে, এই পবিত্র ক্ষণত আমি সবকা সাথ, সবকা বিকাশ মন্ত্র সুদৃঢ় কৰাৰ বাবে সংকল্পবদ্ধ হোৱা উচিত। জনজাতীয় গৌৰৱ হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতৰ চেতনাৰ অবিচ্ছেদ্য অংগ ৰূপে পৰিগণিত হৈ আহিছে। যেতিয়াই দেশক সম্মান, আত্মসম্মান আৰু স্বশাসনৰ প্রশ্ন উঠিছিল তেতিয়াই জনজাতীয় সমাজে সম্মুখৰ পৰা নেতৃত্ব দি আহিছে বুলি প্রধানমন্ত্রী মোদীয়ে মন্তব্য কৰে।

প্রধানমন্ত্রীয়ে কয় যে, দেশে স্বাধীনতা সংগ্রামত জনজাতীয় সমাজৰ অৱদানৰ কথা পাহৰিব নোৱাৰে। তেওঁ লগতে আজিয়েই শ্রীগোবিন্দ গুৰুপীঠ জনজাতীয় ভাষা প্রসাৰ কেন্দ্র স্থাপন কৰা বুলি উল্লেখ কৰে। এই কেন্দ্রত জনজাতিসমূহৰ দোৱানৰ বিষয়ে অধ্যয়ন কৰা হ'ব বুলি শ্রীমোডীয়ে উল্লেখ কৰে।

তেওঁ কয় যে কেন্দ্রটোত জনজাতীয় লোকসকলৰ সৈতে জড়িত কাহিনী আৰু গীতসমূহ সংগ্ৰহ কৰা হব।
ইয়াৰ পূর্বে শ্রীমোডীয়ে মুম্বাই-আহমেদাবাদ দ্রুত গতিসম্পন্ন ৰেল কৰিডাৰৰ প্ৰগতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে গুজৰাটৰ চুৰাটত নির্মীয়মান বুলেট ট্রেইন ষ্টেচন পৰিদর্শন কৰে।

নৰেন্দ্ৰ মোডী