/asomiyapratidin/media/media_files/2025/01/20/YeRWtsd7i70GiHcHejN5.png)
price of property
ডিজিটেল ডেস্ক : দেশত দ্ৰুত হাৰত বৃদ্ধি পাইছে সম্পত্তিৰ মূল্য। অধিক হাৰত চাহিদা বৃদ্ধি পাইছে কেইবা প্ৰকাৰৰো সম্পত্তিৰ। যাৰ বাবে দেশৰ অৰ্থনীতিৰ উত্থানৰ হাৰ বৃদ্ধি পাইছে। এক সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য।
উদাহৰণস্বৰূপে কিছুদিন আগেয়ে গুৰুগ্ৰামৰ এটা ফ্লেট ১৯০ কোটি টকাত বিক্ৰী হৈছিল। কাৰ্পেট এলেকাত প্ৰতি বৰ্গফুটত ১.৮২ লাখ টকাত বিক্ৰী হৈছিল এপাৰ্টমেণ্টটো। সমীক্ষা অনুসৰি এইটোৱেই হৈছে সু উচ্চ এপাৰ্টমেণ্ট বিক্ৰীৰ ক্ষেত্ৰত আটাইতকৈ ব্যয়বহুল।
উল্লেখযোগ্য যে ২০১৮ চনৰ পৰা ২০২৪ৰ ভিতৰত ভাৰতত অধিক মূল্যৰ সম্পত্তি ১৬%ৰ পৰা ৪৩%লৈ বৃদ্ধি পাইছে। এই দিশৰ প্ৰতি লক্ষ্য কৰিলে দেখা যায় যে ই দেশত প্ৰিমিয়াম সম্পত্তিৰ প্ৰতি ক্ৰেতাসকলৰ পছন্দৰ ইংগিত বহন কৰে। ইয়াৰ উপৰি সম্পত্তিৰ এই উৰ্ধমুখী যাত্ৰা অব্যাহত থাকিলে ২০২৫ত ঘৰৰ মূল্য ৬.৫% বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
সম্পত্তিৰ চাহিদা আৰু মূল্য বৃদ্ধিৰ দৌৰত আছে দেশৰ কেইবাখনো আগশাৰীৰ মহানগৰ। দিল্লীৰ উপৰি মুম্বাই, পুনে, হায়দৰাবাদ, বেংগালুৰু, চেন্নাই আৰু কলকাতা আদিৰ দৰে চহৰত দ্ৰুত হাৰত বৃদ্ধি পাইছে সম্পত্তিৰ মূল্য। তাৰোপৰি এই সমূহ চহৰৰ বাসিন্দাসকলৰ আয়ো বৃদ্ধি পোৱা বুলি সমীক্ষাত প্ৰকাশ পাইছে।
আনহাতে দিল্লী, মুম্বাই, পুনে, হায়দৰাবাদ, বেংগালুৰু, চেন্নাই আৰু কলকাতাত ভাৰতৰ শীৰ্ষ ৰিয়েল এষ্টেট বজাৰত ২০২৪ চনৰ ৩মাহত গৃহৰ মূল্য বছৰি গড়ে ১১% বৃদ্ধি পাইছে। ইফালে হাউছিং বেংকে প্ৰস্তুত কৰা হাউছিং প্ৰাইচ ইনডেক্স চমুকৈ এইচ পি আইৰ ভিত্তিত মুম্বাইত সম্পত্তিৰ বিক্ৰী বৃদ্ধি পাইছে।