Advertisment

ঢকুৱাখনাত সুৰাসক্ত চালকৰ বিৰুদ্ধে কঠোৰ স্থিতি আৰক্ষীৰ…

ঢকুৱাখনা আবকাৰী চক্ৰৰ সহযোগিতাত ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্রিয়ব্ৰত গগৈৰ নেতৃত্বত সমগ্ৰ ঢকুৱাখনা সদৰ থানা এলেকাত অব্যাহত আছে সুৰাসক্ত চালকৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান ।  

author-image
Asomiya Pratidin
New Update
dhakuakhana

dhakuakhana

ডিজিটেল সংবাদ, ঢকুৱাখনা : সমাগত ইংৰাজী নৱবৰ্ষৰ প্ৰাকক্ষণত পথ দুৰ্ঘটনা ৰোধিবলৈ টঙালি বান্ধিছে ঢকুৱাখনা আৰক্ষীয়ে। ঢকুৱাখনা আবকাৰী চক্ৰৰ সহযোগিতাত ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্রিয়ব্ৰত গগৈৰ নেতৃত্বত সমগ্ৰ ঢকুৱাখনা সদৰ থানা এলেকাত অব্যাহত আছে সুৰাসক্ত চালকৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান ।  

Advertisment

উদণ্ড বাইকাৰ্ছ , পঞ্জীয়নবিহীন বাইক চালক , ৰাজপথৰ ওপৰত বাইক, চাইকেল ষ্টান্তৰ সমান্তৰালভাৱে সুৰাপান কৰি বাইক-গাড়ী চলোৱা চালকসকলৰ বিৰুদ্ধে বুধবাৰেও আৰক্ষী -আবকাৰী বিভাগে যৌথ অভিযান চলায়। আবকাৰী চক্ৰ পৰিদৰ্শক পৰাগ চেতিয়াৰ সহযোগিতাত চলোৱা যৌথ অভিযানকালত বহু কেইগৰাকী সুৰাসক্ত চালক আৰক্ষীৰ জালত পৰে । 

আৰক্ষীয়ে এনেবোৰ সুৰাপান কৰি বাহন চলোৱা ব্যক্তিক "ব্ৰেথ এনালাইজাৰ" ব্যৱহাৰ কৰি চিনাক্ত কৰি জৰিমনা বিহে। ঢকুৱাখনা আৰক্ষীয়ে সকলো যান- বাহনৰ চালকক নৱবৰ্ষৰ পূৰ্বে আৰু পৰৱৰ্তী সময়ত সুৰাপান কৰি বাহন নচলাবলৈ অন্তিম সকীয়াই দি এনে নিৰ্দেশ উলংঘাকাৰীক কঠোৰ আইনগত শাস্তি বিহাৰ সকীয়নী দিয়ে । স্থানীয় গাঁওৰক্ষী বাহিনীয়েও এই অভিযানত সহযোগিতা আগবঢ়ায়।

dhakuakhana Assam police