নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত কবি অনুভৱ তুলসীৰ স্মৃতিচাৰণ সভা সম্পন্ন

নগাঁও জিলা সাহিত্য সভাৰ কবি উপ-সমিতিৰ উদ্যোগত শনিবাৰে জিলা সাহিত্য সভা ভৱনত প্ৰসিদ্ধ কবি -সাহিত্যিক অনুভৱ তুলসীৰ এক স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। স্মৃতিচাৰণ সভাখনি উদ্বোধন কৰে সাংবাদিক হেমেন কুমাৰ দাসে।

author-image
Asomiya Pratidin
New Update
386

ডিজিটেল সংবাদ, নগাঁও : নগাঁও জিলা সাহিত্য সভাৰ কবি উপ-সমিতিৰ উদ্যোগত শনিবাৰে জিলা সাহিত্য সভা ভৱনত প্ৰসিদ্ধ কবি -সাহিত্যিক অনুভৱ তুলসীৰ এক স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। স্মৃতিচাৰণ সভাখনি উদ্বোধন কৰে সাংবাদিক হেমেন কুমাৰ দাসে।

Advertisment

উদ্বোধনী ভাষণত দাসে কয় "নগাঁৱৰ অসংখ্য প্ৰসিদ্ধ কবি -সাহিত্যিকে অসমীয়া ভাষা সাহিত্যৰ জগতখনক সমৃদ্ধ কৰিছে। তেওঁলোকৰ বহুতেই আজি আমাৰ মাজত নাই। কিন্তু তেওঁলোকৰ সৃষ্ট সাহিত্যই আমাক গৰ্বিত কৰিছে ।মহান কবি সাহিত্যিকসকলৰ সৃষ্টিৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰত আমি সকলোৱে গুৰুত্ব দিয়া উচিত।"

দাসে লগতে আৰু কয় যে, অনুভৱ তুলসী নাযাব লগীয়া সময়তে গুচি গ'ল। কিন্তু তেওঁ অসমীয়া সাহিত্যৰ ভঁড়াল সমৃদ্ধ কৰি থৈ গৈছে। যাৰ বাবে তেওঁ সদায় ৰাইজৰ মাজত জীয়াই থাকিব। সভাত মানৱ দৰদী বিশিষ্ট চিকিৎসক তথা বিশিষ্ট লেখক ড০ হেমন্ত গোস্বামীয়ে কবি অনুভৱ তুলসীৰ জীৱন সন্দৰ্ভত আলোচনা দাঙি ধৰে

তেওঁ কয়— অনুভৱ তুলসী অসমীয়া সাহিত্যৰ এগৰাকী সুপৰিচিত আধুনিক কবি। তেওঁৰ কবিতাসমূহ গভীৰ অনুভূতি, আধুনিক মনোভাৱ, সামাজিক আৰু আত্ম-অন্বেষণমূলক চিন্তাৰে পৰিপূর্ণ । তেওঁ লগতে আৰু কয় যে,অনুভৱ তুলসীৰ কবিতাত আত্ম-অন্বেষণ আৰু অন্তৰ্দৃষ্টিৰ দ্বাৰা নিজৰ অনুভূতি, অস্তিত্ব আৰু মানৱ জীৱনৰ গভীৰতা উপলব্ধি কৰাৰ চেষ্টা, নিস্তব্ধতাৰ সৌন্দৰ্য অৰ্থাৎ য’ত চিঞৰ-বাখৰৰ বিপৰীতে এক স্নিগ্ধ, নিৰব সৌন্দৰ্য আৰু  নীৰৱতা, অস্থিৰতা মাজৰ সৌন্দর্যক অনুভৱ কৰা,  এক ধৰণৰ অস্তিত্ববাদী (existential) ভাব  "মই কোন?", "জীৱনৰ অৰ্থ কি?", "এই শূন্যতাৰ মূল্য কি?" এনেধৰণৰ প্ৰশ্ন কিম্বা সামাজিক বাস্তৱতা ব্যক্তিগত অনুভূতিৰ আধাৰত লেখা যেন লাগে।

তথাপি সমাজৰ যন্ত্রণা, অসাম্য, নিঃসঙ্গতা আদি দিশো কবিতাত গভীৰভাৱে প্ৰতিফলিত হোৱাৰ সমান্তৰালভাৱে  ভাষাৰ বিশুদ্ধতা আৰু চিন্তাৰ গভীৰতাই অনুভৱ তুলসীৰ কবিতাই পাঠকক চিন্তাবিধানেৰে মনৰ গভীৰতালৈ লৈ যায় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। গোস্বামীয়ে এক উদ্ধৃতিৰ জৰিয়তে কয় যে,অনুভৱ তুলসীৰ প্ৰতিটো কবিতাই যেন এটি এটি মৃদু ধ্বনি। যি পাঠকৰ অন্তৰৰ গোপন দুৱাৰবোৰ খুলি দিয়ে বুলি বক্তব্যত প্ৰকাশ কৰে ৷

উল্লেখযোগ্য যে, নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকাই আঁত ধৰা সভাখনত সভাপতিত্ব কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড০ শৰৎ বৰকটকীয়ে। সভাপতিৰ ভাষণত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি, বিশিষ্ট কবি- সাহিত্যিক ড০ শৰৎ বৰকটকীয়ে কয়- "অনুভৱ তুলসীৰ কবিতাত আছে  শোকৰ সংগীত, আতুৰৰ হুমুনিয়াহ আৰু ঐতিহ্যৰ চেতনা। আপোন মানুহৰ মুখৰ মাতৰ যাদুকৰী শক্তিয়ে তেওঁক কাবু  কৰিছিল। মানুহৰ অন্তজগতৰ বিস্ময়কৰ আন্ধাৰ পোহৰলৈ ৰূপান্তৰিত কৰিব বিচৰা কবি গৰাকী আছিল শূণ্যতা, নিসংগতা, নৈশব্দৰ লগৰীয়া ৷ " 

সভাখনিৰ আৰম্ভণিতে বিশিষ্ট কবিগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি নিবেদন কৰে অৱসৰী শিক্ষক, কবি পুনিৰাম শইকীয়াই ৷ কবিগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদি কবি অনুভৱ তুলসীৰ কবিতাৰ উপৰি কবি তুলসীক কেন্দ্ৰ কৰি কবি মনোজ কুমাৰ শৰ্মা, ইন্দিৰা গোস্বামী ভট্টাচাৰ্য, চিনু কাকতি শইকীয়া, মীনা বৰা,গুণ শইকীয়া, অশোকৰাম ভট্ৰাচাৰ্য, মুকিবুৰ ৰহমান, চন্দ্ৰ মুদৈ, মৃদুপৱন বৰা, গুণকান্ত শৰ্মা, নিজৰা শইকীয়া, অনিমা বৰা,জয়ন্তী বৰা,জেউতি হাজৰিকা, তুলো প্ৰভা ভূঞা, কেশৱ বৰা, উৎপল বৰা আৰু প্ৰাঞ্জল বৰদলৈয়ে একোটিকৈ কবিতা পাঠ কৰে।

 অনুষ্ঠানটিত জ্যেষ্ঠ কবি দ্বিজেন্দ্ৰ মোহন হাজৰিকাই অনুভৱ তুলসীৰ কবিতা, বিষ্ণু প্ৰসাদ ৰাভাৰ গীত আৰু কবিতাৰ মাজৰ মৃত্যু চেতনা বাখ্যা কৰে। অনুষ্ঠানটি "চিৰ চেনেহী মোৰ ভাষা জননী” গীতেৰে সামৰণি পৰে ৷

নগাঁও