ধনজিৎ শৰ্মাৰ পৰিচালনাৰে নিৰঞ্জন ভূঞাৰ 'মোট' নাটকৰ সফল মঞ্চায়ন

নিৰঞ্জন ভূঞাৰ ৰচনা আৰু ধনজিৎ শৰ্মাৰ পৰিচালনাৰে গুৱাহাটীৰৰ স্বপ্নকলা ক্ৰিয়েচনে পৰিৱেশন কৰা 'মোট' নাটকখনত। বেলতলাৰ ভগদত্তপূৰৰ কালিৰাম মেধি সাহিত্য সংস্কৃতি কেন্দ্ৰই আয়োজন কৰা বিশেষ অনুষ্ঠানত নাটকখন মঞ্চস্থ কৰা হয়।

author-image
Asomiya Pratidin
New Update
jkjkjk

ডিজিটেল সংবাদ, গুৱাহাটীঃ দেশ স্বাধীন হোৱাৰ কেইবাটাও দশক পাৰ হৈ গ'ল। স্বাধীনতা আন্দোলনত ভাগ লোৱা বহুলোকৰ পৰলোক গমন হ'ল। তাৰে মাজত স্বাধীনতা আন্দোলনৰ দোহাই দি নিজকে মুক্তি যুঁজাৰু আখ্যা দি একাংশ লোকে বহু সুবিধা গ্ৰহণ কৰি নিজকে বৰ মানুহ হিচাপে গঢ়িলে। কিন্তু নৃপতি মোহন পাঠকে নিজৰ আদৰ্শৰ পৰা, গান্ধীজীৰ আদৰ্শৰ পৰা তিলমানো বিচলিত নহৈ ওৰেটো জীৱন নিজকে ভলেণ্টিয়াৰ কৰিয়েই পাৰ কৰিলে।

Advertisment

নিজৰ মেধাৱী পুত্ৰ মহানন্দকো শ্বিলঙত চাকৰি কৰিবলৈ নপঠিয়াই নিজৰ গাঁৱৰ উঠি অহা প্ৰজন্মৰ বাবে খোলা স্কুলখনতেই চাকৰি কৰিব দিলে। যিখন স্কুল আজিও ভেঞ্চাৰ হৈয়েই থাকিল। দেশৰ নামত ঘুৰি ঘুৰি নিজৰ পত্নীৰ বাবে সময় উলিয়াব নোৱাৰা নৃপতি মোহন পাঠকে এদিন পত্নীক হেৰুৱাবলগীয়া হোৱাৰ দৰে পৰ্যাপ্ত ধনৰ অভাৱত তেওঁৰ পুত্ৰ মহানন্দয়ো নিজ পত্নীক উচিত চিকিৎসা কৰোৱাব নোৱাৰি হেৰুৱালে পত্নীক। থাকিল কেৱল তেওঁৰ দুই মেধাৱী সন্তান জয়ধ্বজ আৰু ভাবনা।

দুয়ো উচ্চ শিক্ষিত। অথচ দুয়ো উচিত সংস্থাপন লাভৰ পৰা বঞ্চিত। কাৰণ স্বাধীন এই দেশখনত আৰু সততা আৰু আদৰ্শৰ কোনো চিন মোকাম নাই। স্থানীয় যুৱক নোহোৱাৰ বাবেই নিজৰ যোগ্যতাত পোৱা চাকৰিটোও এৰি আহিবলগীয়া হ'ল জয়ধ্বজে। আনফালে যোগ্যতা থকাৰ পাছতো পাবলগীয়া চাকৰিটো নাপালে ভাবনাই। তাৰ সলনি আফটাউদ্দিন হাজৰিকাই ধনৰ বলত সেইটো চাকৰি সময়তকৈ আগতেই দিয়ালে। নিজৰ অযোগ্য পুত্ৰ। এই দেশৰ এইহেন মোট সলোৱা স্থিতিৰ কথা অতদিনে অগোচৰে থকা নৃপতি মোহন পাঠকেও নব্বৈউৰ্ধৰ বয়সতো অৱশেষত মোট সলাবলৈ উত্ৰাৱল হয়। ঘৰৰ কাম কৰা ল'ৰা মণ্টুৰ হতুৱাই ফটা জাতীয় পতাকাখন আনিবলৈ কয় আৰু ঘোষণা কৰে যে তেওঁ মৌখিকভাৱে যি মাটি সম্পত্তি দান কৰিছিল,সেইবোৰৰ আধা পুনৰ দখল কৰক আৰু দেশৰ লগত মিলি যাওক। 

কিদৰে এচামে মোট সলাই দেশখন শেষ কৰিলে আৰু কিদৰে এচামে মোট সলাব নোৱাৰি ৰৈ গ'ল তাকেই দেখুওৱা হৈছে 

নৃপতি মোহন পাঠকৰ চৰিত্ৰত ধনজিৎ শৰ্মা,মহানন্দৰ চৰিত্ৰত নয়ন দাস, জয়ধ্বজৰ চৰিত্ৰত দৰ্শন ভট্টাচাৰ্য, ভাবনা চৰিত্ৰত ডলী চক্ৰৱৰ্তী, মণ্টুৰ চৰিত্ৰত আলোক চক্ৰৱৰ্তী আৰু আফতাবউদ্দিনৰ চৰিত্ৰত মিণ্টু ভবেশৰ অভিনয় আছিল অনবদ্য। ৰূপশ্ৰী নেওগৰ আৱহ সংগীতে নাটকখনক উপভোগ্য কৰি তুলিছিল। ধনজিৎ শৰ্মাৰ পৰিচালনাই নাটকখনক অন্য মাত্ৰা প্ৰদান কৰিছিল। সামগ্ৰিকভাৱে এখন সফল নাটক হিচাপে দৰ্শকক সন্তুষ্টি দিছিল 'মোট' নাটকখনে।

নাটক