Advertisment

চলিত বৰ্ষত ভাৰতৰ ৰপ্তানিৰ শীৰ্ষত আছে ঔষধ, ইলেক্ট্ৰনিক আৰু আভিযান্ত্ৰিক খণ্ড

ৰপ্তানি ক্ষেত্ৰখনত ভাৰতৰ ঊৰ্ধমুখী যাত্ৰা অৱ্যাহত আছে।  ৰপ্তানিৰ ৩০টা শীৰ্ষ খণ্ডৰ ভিতৰত ২২ টা খণ্ডই বিশ্বব্যাপি চাহিদা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে...

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ৰপ্তানি

ডিজিটেল ডেস্ক :  ৰপ্তানি ক্ষেত্ৰখনত ভাৰতৰ ঊৰ্ধমুখী যাত্ৰা অৱ্যাহত আছে।  ৰপ্তানিৰ ৩০টা শীৰ্ষ খণ্ডৰ ভিতৰত ২২ টা খণ্ডই বিশ্বব্যাপি চাহিদা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। সেই সমূহৰ ভিতৰত ঔষধ, ইলেক্ট্ৰনিক সামগ্ৰী আৰু আভিযান্ত্ৰিক সামগ্ৰীৰ ৰপ্তানিয়ে ভাৰতৰ ৰপ্তানি ক্ষেত্ৰত অধিক সফলতা লাভ কৰিছে।

Advertisment

ইয়াৰ ফলত দেশৰ ৰপ্তানিৰ জৰিয়তে সামগ্ৰীক লাভ বৃদ্ধি পাইছে। অৱশ্যে অৰ্থনৈতিক মন্থৰতাৰ বাবে পেট্ৰ’লিয়াম, ৰত্ন আৰু গহনাৰ ৰপ্তানিৰ ক্ষেত্ৰত ইয়াৰ পৰিসৰ হ্ৰাস পাইছে।

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰাণলয়ৰ তথ্য অনুসৰি চলিত বছৰৰ এপ্ৰিল- অক্টোবৰৰ ভিতৰত ভাৰতৰ ৰপ্তানিৰ পৰিসৰ ২৫২.২৮ বিলিয়ন ডলাৰ হৈছেগৈ। ২০২৩ বৰ্ষত ভাৰতৰ ব্যৱসায়িক সামগ্ৰীৰ ৰপ্তানিৰ পৰিসৰ আছিল ২৪৪.৫১ বিলিয়ন ডলাৰ।

অক্টোবৰ মাহতেই ভাৰতে ৩৯.২ বিলিয়ন ডলাৰ, চেপ্তেম্বৰ ৩৪.৫৮ বিলিয়ন ডলাৰ সামগ্ৰী ৰপ্তনি কৰিবলৈ সক্ষম হৈছিল। ভাৰতৰ ৰপ্তানিৰ এই স্থিতিস্থাপকতাই দেশৰ অৰ্থনীতিলৈ শুভবাৰ্তা কঢ়িয়াই আনিছে। এই সময়ছোৱাত ৰপ্তানি বৃদ্ধি হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে চাহ, কফি, ধঁপাত, মছলা, ৰেডিমেড কাপোৰ, কাৰ্পেট, হস্তশিল্প আদি।

মন্ত্ৰণালয়ৰ তথ্য অনুসৰি আভিযান্ত্ৰিক সামগ্ৰী ৰপ্তানি ৯.৭৩ শতাংশ বৃদ্ধি পাইছে। আনহাতে ইলেক্ট্ৰনিক সামগ্ৰীৰ ৰপ্তানি ২৩.৭০ শতাংশ, ঔষধ আৰু ঔষধজাতীয় সামগ্ৰীৰ ৰপ্তানি ৭.৯৭ শতাংশ বৃদ্ধি পাইছে। চলিত বছৰত ভাৰতে ৰপ্তানি কৰা ঔষধ আৰু ঔষধজাতীয় সামগ্ৰীৰ বজাৰখনে ১৭.০৫ বিলিয়ন মাৰ্কিন ডলাৰ অতিক্ৰম কৰিছে।
ৰাসয়নিক দ্ৰব্যৰ ৰপ্তানিৰ পৰিসৰ বৃদ্ধিৰ হাৰ এই সময়ছোৱাত ৭.৭০ শতাংশ বৃদ্ধি পাইছে।

ৰপ্তানি