নিশাৰ ভিতৰতে অনুসূচিত জাতিৰ লোক হ'ল প্রাক্তন বিধায়ক তথা এপিএছচি কেলেংকাৰীৰ মূল নায়ক ডা০ তাৰাপ্রসাদ দাস

অসমৰ কলংকিত প্রাক্তন বিধায়ক তথা অসম লোক সেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ডা০ তাৰাপ্রসাদ দাসে অসম চৰকাৰে নতুনকৈ প্ৰৱৰ্ত্তন কৰা জাতিগত প্রমাণ পত্র মিছন ভূমিপুত্র এপছ জৰিয়তে জালিয়াতিৰে যোৱা ২৬/৫/২০২৫ তাৰিখে জাতিগত প্রমাণ লাভ কৰাতো এটা ৰহস্যৰ বিষয়

author-image
Asomiya Pratidin
New Update
398

ডিজিটেল সংবাদ, গুৱাহাটী : অসমৰ কলংকিত প্রাক্তন বিধায়ক তথা অসম লোক সেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ডা০ তাৰাপ্রসাদ দাসে অসম চৰকাৰে নতুনকৈ প্ৰৱৰ্ত্তন কৰা জাতিগত প্রমাণ পত্র মিছন ভূমিপুত্র এপছ জৰিয়তে জালিয়াতিৰে যোৱা ২৬/৫/২০২৫ তাৰিখে জাতিগত প্রমাণ লাভ কৰাতো এটা ৰহস্যৰ বিষয়। তাৰা প্ৰসাদ দাসে জাতিগত প্রমাণ পত্র লাভৰ বিষয়টো ৰাজহুৱা হোৱাৰ পিছতে বৰপেটাৰ বহু লোকে বিষয়টো অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদক অৱগত কৰিছে।

Advertisment

বিষয়টো অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে গুৰুত্বসহকাৰে লৈ গোপনে চৰজমিন তদন্ত কৰে। চৰজমিন তদন্তত ওলাই পৰিছে যে তেওঁৰ পূৰ্বৰ ঘৰ বৰপেটা চহৰৰ ৰংপুৰহাটীত। বৰপেটা চহৰৰ ৰংপুৰহাটীত চৰকাৰী তথ্য মতে নমশূদ্র উপ-জাতিৰ কোনো লোকেই পূর্বতে নাছিল আৰু এতিয়াও নাই।

চিকিৎসক তাৰাপ্রসাদ দাসক বৰপেটাৰ লগতে সমগ্ৰ অসমৰ মানুহে সাধাৰণ শ্ৰেণীৰ লোক বুলি জানে। বৰপেটা জিলাত তেখেত কেতিয়াও অনুসূচিত জাতিৰ বুলি পৰিচিত নাছিল।

উল্লেখ কৰা প্ৰয়োজন যে. ০৬/০৮/১৯৭৯ চনত সংৰক্ষণৰ সুবিধা গ্ৰহণৰ তাৰাপ্ৰসাদ দাসে জাতিগত প্রমাণ পত্র গ্রহণ কৰিছিল। কিন্তু ১৯৭২ চনত তেতিয়াৰ গুৱাহাটী বিশ্ববিদ্যালয় অধীনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সাধাৰণ শ্ৰেণীৰ লোক হিচাপে এমবিবিএছ ডিগ্রী লৈছিল।

২০০১, ২০০৬ আৰু ২০১১ চনত সৰুক্ষেত্ৰী সমষ্টিত নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ সময়ত মনোনয়নৰ সৈতে গাঠি দিয়া নথি-পত্ৰত অনুসূচিত জাতিৰ লোক বুলি উল্লেখ কৰা নাই। ১৯৭২ চনত সাধাৰণ শ্ৰেণীৰ লোক হিচাপে এমবিবিএছ উত্তীর্ণ দাসে হঠাতে ধূমকেতুৰ দৰে অনুসূচিত জাতিৰ লোক হৈ পৰিল।

বৰপেটা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিবলৈ ভুৱা জাতিগত প্রমাণপত্র উলিয়াই ল'লে। অনুসূচিত জাতিৰ সংৰক্ষিত বৰপেটা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিবলৈ টকাৰ বলত দালালৰ জৰিয়তে জাতিগত প্রমাণ পত্র উলিয়াই লয়।

অতিৰিক্ত উপায়ুক্ত গিতাশ্রী লাচিতক মৌখিকভাৱে প্রশ্ন কৰা হৈছিল। গিতাশ্রী লাচিতে বৰপেটা জিলা অনুসূচিত জাতি পৰিষদৰ অনুমোদন মর্মে দিয়া বুলি উল্লেখ কৰিছে। কিন্তু উপায়ুক্তৰ কার্যালয়ে কি তথ্যৰ ভিত্তিত প্রমাণ পত্র উলিয়াই লয় বুলি প্ৰশ্ন তোলে অনুসূচিত জাতি সংগ্রামী যুৱ পৰিষদ।

পৰিষদে বিবৃতিযোগে ইয়াকো উল্লেখ কৰে যে, অতিৰিক্ত উপায়ুক্ত গিতাশ্রী লাচিতক মৌখিকভাবে প্রশ্ন কৰা হৈছিল তাৰ উত্তৰত গিতাশ্রী লাচিতে বৰপেটা জিলা অনুসূচিত জাতি পৰিষদৰ অনুমোদন মর্মে দিয়া বুলি উল্লেখ কৰিছে। কিন্তু উপায়ুক্তৰ কাৰ্যালয়ে কি তথ্যৰ ভিত্তিত প্রমাণ পত্র দিলে সেই তথ্য দিব নোৱাৰে বুলি কয়।

বৰপেটা জিলা অনুসূচিত জাতি পৰিষদৰ সভাপতি / সম্পাদকে তেওঁলোকৰ চহী কোনো দুষ্ট চক্রই নকল কৰা বুলি সন্দেহ প্রকাশ কৰিছে। বৰপেটা জিলা অনুসূচিত জাতি পৰিষদে দুই এদিনতে জাতিগত প্রমাণ পত্ৰ নাকচ কৰাৰ বাবে আবেদন জনাব বুলিও আমি অৱগত।

বিধায়ক হোৱাৰ স্বাৰ্থতে তাৰাপ্রসাদ দাসে বিভিন্ন ধৰণৰ জালিয়াতিৰ আশ্ৰয় লৈছে। তেখেতৰ আধাৰ কার্ড মতে জন্ম তাৰিখ ০১/০৯/১৯৫৮ চন। আনহাতে নির্বাচনী আয়োগত জমা দিয়া তথ্যত শিক্ষাগত অৰ্হতা (এডি আৰ ৰিপোৰ্ট) ১৯৬৪ চনত বৰপেটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পিউ (এইচ এছ এছ এল চি) উত্তীর্ণ আৰু ১৯৭২ চনত চিকিৎসা বিজ্ঞানৰ স্নাতক উত্তীর্ণ বুলি নিজে তথ্য দাখিল কৰি চুড়ান্ত বয়স জালিয়াতীৰ আশ্ৰয় লৈছে।

অর্থাৎ ৬ বছৰ বয়সত পিউ আৰু ১৪ বয়সত এমবিবিএছ ডিগ্রী গ্ৰহণ কৰা জালিয়াতিসমূহ ওলাই পৰাৰ পিছতে আমাৰ মনত কেইটামান প্রশ্ন উদয় হৈছে, তাৰাপ্রসাদ দাসৰ পূৰ্বপুৰুষ সকল ক'ৰ বাসিন্দা আছিল ? তেওঁলোকৰ পূৰ্বপুৰুষ অনুসূচিত জাতিৰ লোক আছিল নে ? তেখেতে তেওঁৰ পূৰ্বপুৰুষ যে অনুসূচিত জাতিৰ লোক আছিল তাৰ প্ৰমাণ ৰাজহুৱা কৰিবলৈ প্রত্যাহ্বান জনাই অনুসূচিত জাতি সংগ্রামী যুৱ পৰিষদে।

হঠাতে এজন লোকে অনুসূচিত জাতিৰ লোক বুলি প্রমাণ পত্র উলিয়াব পাৰিছে মানেই কাইলৈ বাংলাদেশী এজনেও একে পন্থাৰে প্ৰমাণ পত্ৰ উলিয়াব পাৰিব নেকি বুলিও প্ৰশ্ন তোলে পৰিষদে। ৰাজহুৱা জীৱনত কেতিয়াও অনুসূচিত জাতিৰ লোক বুলি চিনাকী নিদিয়া তাৰাপ্রসাদ দাস যিহেতু প্রকৃত অনুসূচিত জাতিৰ লোক নহয় তাৰ বাবে বৰপেটাবাসীয়ে যে তেওঁক গ্রহণ নকৰে সেয়া খাটাং।

এটা জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰ হনন কৰিবলৈ কাৰচাজিৰ আশ্রয় লোৱা তাৰাপ্রসাদ দাসক অসমৰ কোনো দল-সংগঠনে স্বীকাৰ নকৰে বুলি স্পষ্ট কৰি দিয়ে পৰিষদে। অসম লোকসেৱা আয়োগত কেলেংকাৰী সংঘটিত কৰা কুখ্যাত নায়ক বুলি সকলোৱে জনা তাৰাপ্রসাদ দাসৰ জাতিগত প্রমাণ পত্র, মাননীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি অসম চৰকাৰৰ দ্বাৰা গঠিত ৰাজ্যিক পৰ্যায়ৰ জাতিগত প্রমাণ পত্ৰ পুনৰীক্ষণ সমিতিৰ দ্বাৰা তদন্ত কৰি আইনী ব্যৱস্থা গ্রহণ কৰি শীঘ্ৰে নকচ কৰিবলৈ আমি চৰকাৰক দাবী জনাই পৰিষদে।

এনেদৰে অসমৰ শ শ লোকে অনা-অনুসূচিত জাতিৰ লোকে জাতিগত প্ৰমাণ পত্ৰৰ জৰিয়তে অসম চৰকাৰৰ শিক্ষা আৰু অন্যান্য বিভাগত সংৰক্ষণৰ সুবিধা গ্রহণ কৰি আছে। উদাহৰণ স্বৰূপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা দিপামণি বৰুৱা দাসে ২০০৬ অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ তেখেতৰ পিতৃৰ ঠিকনাত উলিয়াই লৈ সংৰক্ষণৰ সুবিধা গ্রহণ কৰি আছে।

এই সন্দৰ্ভত অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসে টংলা চিভিল হস্পিতালৰ চিকিৎসক বিশ্বজিৎ ওজা, সহকাৰী অভিযন্তা গোপাল দাস, মাজবাট কলেজৰ প্ৰৱক্তা ৰিংকু মণি দাসৰ বিৰুদ্ধে আনিছে সেই একেই অভিযোগ। ইতিমধ্যে উপৰোক্ত ব্যক্তি সকলৰ বিৰুদ্ধে ওডালগুৰী জিলা উপায়ুক্তই কেন্দ্রীয় গৃহ বিভাগ, মাননীয় উচ্চতম ন্যায়ালৰ নিৰ্দেশাৱলী আৰু অসম চৰকাৰৰ নিৰ্দেশনাৰ ভিত্তিত তেওঁলোকৰ জাতিগত প্রমাণ পত্ৰ তদন্তৰ আৰম্ভ কৰিছে।

সেয়েহে এই বিবৃতিযোগে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিভাগীয় মন্ত্রীলৈ অনুৰোধ অনুসূচীত জাতি সাংবিধানিক অধিকাৰ সুৰক্ষাৰ স্বাৰ্থত জালিয়াতিৰে প্ৰমাণ পত্র গ্রহণ কৰা ডা০ তাৰাপ্রসাদ দাসৰ লগতে উল্লেখ কৰা চৰকাৰী বিষয়া কৰ্মচাৰী সকলোৰ ক্ষেত্ৰতো বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনায়।

ড০ হিমন্ত বিশ্ব শৰ্মা