Advertisment

জীৱিত কালত নহ’ল 'গণশিল্পী' সূর্য দাস সাংস্কৃতিক সমন্বয় বৰঘৰ'ৰ কাম...

গণশিল্পী সূর্য দাসৰ জীৱিত কালতে শিল্পী গৰাকীৰ সৃষ্টি-কর্মক সম্মান জনাবলৈ জাগীৰোডৰ পূবৰ উত্তৰ ধৰমতুলত 'সূর্য দাস সাংস্কৃতিক সমন্বয় বৰঘৰ' নামৰে এটি প্রকল্প নিৰ্মাণৰ বাবে ধৰমতুল অঞ্চলৰ লগতে চুবুৰীয়া বহু এলেকাৰ ৰাইজ আগবাঢ়ি আহিছিল।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,জাগীৰোডঃ গণশিল্পী সূর্য দাসৰ জীৱিত কালতে শিল্পী গৰাকীৰ সৃষ্টি-কর্মক সম্মান জনাবলৈ জাগীৰোডৰ পূবৰ উত্তৰ ধৰমতুলত 'সূর্য দাস সাংস্কৃতিক সমন্বয় বৰঘৰ' নামৰে এটি প্রকল্প নিৰ্মাণৰ বাবে ধৰমতুল অঞ্চলৰ লগতে চুবুৰীয়া বহু এলেকাৰ ৰাইজ আগবাঢ়ি আহিছিল। পিছে সেই সপোন পূৰ্ণ ন'হল গনশিল্পী গৰাকীৰ। 

Advertisment

তেখেতে শেষ নিশ্বাস ত্যাগ কৰিলে সপোনৰ প্ৰকল্পৰ সেই পূন্যভূমি ধৰমতুলতে।  ২০২১ চনতে উত্তৰখোলা মৌজাৰ উত্তৰ ধৰমতুল কিচামতত ৩৭নং ৰাষ্ট্ৰীয় পথৰ দাঁতিত তিনি বিঘা মাটি মৰিগাওঁ জিলা প্রশাসনে আবণ্টন দি প্রকল্পটোৰ প্ৰথমটো ঢাপ আগুৱাই দিয়ে। শিল্পী সূর্য দাসক প্রশাসনে ভূমিস্বত্ব অর্পণ কৰে আৰু এই প্রকল্পটোৰ বাবে ভূমি পূজনৰ কামো সম্পন্ন হয়।

উল্লেখ্য যে এই গণশিল্পীজনৰ সপোনৰ প্রকল্পটোৰ বাবে মাটি আবণ্টনত স্থানীয় বিধায়ক তথা মন্ত্রী পীযূষ হাজৰিকাই বিশেষ উদ্যোগ গ্রহণ কৰা বুলি স্থানীয় লোকে জানিবলৈ দিয়ে। এই প্রকল্পটোৰ বাবে কেৱল ধৰমতুল অঞ্চলেই নহয়, নেলী, শিলচাং, আমচৈ, ৰহা, বাৰপুজীয়া আদিৰ লোকেও তৎপৰ হৈছে। মাটি লাভৰ পিছত শিল্পীজনে এটি ন্যাস গঠন কৰি সেই ভূমি অর্পণ কৰে।

কিন্তু তাৰ পিছত প্রকল্পটোৰ কাম আগবঢ়া নাই একমাত্র ধনৰ অভাৱত। শিল্পী সূর্য দাসে নিজা ধনৰে উক্ত স্থানত মাটি পূৰণৰ কাম আৰম্ভ কৰিছিল। শিল্পীজনে চৰকাৰক ধন বিচাৰি কেইবাবাৰো আবেদন কৰিছে যদিও কোনো সঁহাৰি নাপালে।

স্থানীয় যুৱক বিনোদ ডেকা, দেৱানন্দ দেউৰী আৰু প্ৰদীপ মান্তা প্রমুখ্যে এদল যুৱকে দেহে-কেহে প্রকল্পটোৰ বাবে অর্থ সাহায্য বিচাৰি নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্রদ্যুৎ বৰদলৈৰ ওচৰতো আবেদন কৰিছিল আৰু সাংসদজনে আশ্বাস দিছিল যদিও সেয়া কাৰ্যকৰী হৈ উঠা নুঠিল। সকলোৰে আশা বৰ্তমানৰ চৰকাৰত উদ্যোগতে নির্মাণ সম্পূর্ণ হৈ উঠিব সূর্য দাস সাংস্কৃতিক সমন্বয়ৰ বৰঘৰ প্ৰকল্পটো।

ৰাজ্যৰ কেবিনেট মন্ত্রী পীযুষ হাজৰিকাক এই প্রকল্পটো নিৰ্মাণৰ ক্ষেত্ৰত পদক্ষেপ গ্রহণৰ বাবে স্থানীয় বাইজে আহ্বান জনাইছে। এই সন্দর্ভত জীৱিত কালত গণশিল্পী সূর্য দাসৰ সৈতে যোগাযোগ কৰাত তেওঁ কৈছিল যে 'সূর্য দাস সোঁৱৰণি সাংস্কৃতিক বৰঘৰ' প্রকল্পটো উত্তৰ-পূবৰ প্ৰতিটো জনগোষ্ঠীৰ সংস্কৃতিৰ সমন্বয়, চর্চা আৰু গবেষণা কেন্দ্র হিচাপে গঢ়ি তোলাৰ এক সপোন আছে। তাৰ লগতে সংস্কৃতি আৰু ইতিহাসৰ এক পুথিভঁৰাল আৰু যাদুঘৰ তাতে সংলগ্ন কৰাটোও লক্ষ্য।

প্রকল্পটোৰ কাম কৰিবৰ বাবে অসম চৰকাৰে তৎকালে ব্যবস্থা গ্রহণ কৰিব বুলি আশাবাদী। এই প্ৰকল্প সমিতিৰ অন্যতম উদ্যোক্তা ধৰমতুলৰ সংস্কৃতি বান যুৱক অজয় পাতৰে আজি দুখ প্ৰকাশ কৰি কয় যে গনশিল্পী গৰাকীয়ে জীৱিত কালত প্ৰকল্পটোৰ ৰূপায়ণৰ কাম দেখিবলৈ নোপোৱাটো আমাৰ বাবে বৰ দুৰ্ভাগ্যৰ কথা। আশা কৰিম গনশিল্পী গৰাকীৰ এই ইচ্ছা মৃত্যুৰ পিছত হলেও চৰকাৰ তথা ৰাইজৰ সহযোগত পূৰ্ণ হ'ব। গনশিল্পী সূৰ্য দাসৰ মৃত্যুত আজি অসম বাসীৰ লগতে ধৰমতুল বাসীও শোকৰ সাগৰত ম্ৰিয়মান ।

জাগীৰোড নগাওঁ