/asomiyapratidin/media/media_files/2024/12/07/AVMdbXpvNM4mriazyq27.png)
ডিজিটেল ডেস্ক : সকলোৱে যেন অভিভূত হৈছে তেওঁ অঁকা ছবিবোৰ চাই। চকুত এমোকোৰা সন্তুষ্টিৰ চাৱনি। ছবি নহয়, ই যেন একো একোখন জীয়া ছবি। যি ছবিয়ে কথা কয়, দেৱালত আঁৰি থোৱা প্ৰাণহীন ছবিবোৰে কৈ গৈছে ইটো- সিটো বহু কথা।
শনিবাৰে গুৱাহাটীৰ চানমাৰিস্থিত আৰ্টিষ্ট গীল্ডত এখনি পানী ৰঙৰ চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠানৰ আয়োজন কৰা হয়। “নামতিৰ পৰা মিচৌৰীলৈ” শীৰ্ষক চিত্ৰ প্ৰদৰ্শনীখনি বিশিষ্ট চিত্ৰশিল্পী তথা স্থাপত্যবিদ চন্দন মহন্তৰ প্ৰতি সন্মান জনাই আয়োজন কৰা হয়।
এই চিত্ৰ প্ৰদৰ্শনীখনি আয়োজন কৰাত আগভাগ লৈছে গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ কৰ্মকৰ্তা প্ৰমুখ্যে শান্তিকাম হাজৰিকাই। কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয় এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটি। বন্তি প্ৰজ্বলন কৰে অনুষ্ঠানৰ মধ্যমণি চন্দন মহন্ত, মুখ্য অতিথি দিলীপ তামুলী, অতিথি প্ৰণৱ তালুকদাৰ আৰু উদ্যোক্তা শান্তিকাম হাজৰিকাই।
অনুষ্ঠানটিত বিশিষ্ট চিত্ৰ শিল্পী তথা স্থাপত্যবিদ চন্দন মহন্তৰ কেইবাখনো পানী ৰঙৰ চিত্ৰ প্ৰদৰ্শন কৰা হয়। কপৌ, শুকান মৰুভূমি, ঈগল ইত্যাদি কেইবাটাও বিষয় সামৰি এই ছবিসমূহ অংকন কৰিছে চিত্ৰশিল্পী মহন্তই। ইয়াৰ উপৰি সমাজক চিন্তাৰ খোৰাক যোগোৱা ছবিও এই প্ৰদৰ্শনীৰ জৰিয়তে দেখুওৱা হৈছে।
উদ্যোক্তাসকলে জনোৱা অনুসৰি এই চিত্ৰ প্ৰদৰ্শনীখন ৭ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈকে দৰ্শকে উপভোগ কৰিব পাৰিব। এই তিনিওটা দিনত বিয়লি ৪-০০ বজাৰ পৰা সন্ধিয়া ৭-৩০ বজালৈকে দৰ্শকৰ বাবে খোলা থাকিব বুলি জানিবলৈ দিয়ে।
আনহাতে চিত্ৰ প্ৰদৰ্শনীখনি আৰম্ভ হোৱাৰ পূৰ্বে এখনি অনুষ্ঠুপীয়াকৈ মত- বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত মধ্যমণি চন্দন মহন্তই তেওঁৰ চিত্ৰ যাত্ৰাৰ বিষয়ে উপস্থিত ৰাইজক কিছু আভাস দিয়ে। লগতে তেওঁ নামতিৰ পৰা মিচৌৰীলৈ যোৱাৰ বিষয়ে অৱগত কৰে।
অনুষ্ঠানৰ মুখ্য অতিথি দিলীপ তামুলী, প্ৰণৱ তালুকদাৰ আৰু আয়োজক শান্তিকামৰ হাজৰিকায়ো চিত্ৰ প্ৰদৰ্শনীখনি সম্পৰ্কত কিছু মত ব্যক্ত কৰে। এগৰাকী অসমীয়া ব্যক্তিয়ে আমেৰিকা আদিৰ দৰে বিদেশী ৰাষ্ট্ৰত কিদৰে ছবিৰ জৰিয়তে নিজকে চিনাকী দিছে সেই সম্পৰ্কে অতিথিসকলে মন্তব্য কৰে।
এইখনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে অনুষ্ঠানৰ মধ্যমণি চন্দন মহন্তৰ জন্ম শিৱসাগাৰ জিলাৰ আমগুৰি এলেকাৰ নামতিত। তাৰ পৰাই তেওঁ শিক্ষাৰ আদিপাঠ লৈ পাছলৈ স্থাপত্যবিদ্যাত সুখ্যাতিৰ উতীৰ্ণ হৈ সম্প্ৰতি আমেৰিকাত বসবাস কৰে।
ইয়াৰ উপৰি আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত কেইবাখনো প্ৰতিযোগিতাত তেওঁৰ ছবি উজলি উঠিবলৈ সক্ষম হৈছে। বিভিন্ন সময়ত অনুষ্ঠিত প্ৰতিযোগিতাসমূহত মহন্তৰ ছবিয়ে সন্মান বুটলিবলৈও সক্ষম হৈছে।
শনিবাৰে অনুষ্ঠিত উক্ত অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে আন আন ক্ষেত্ৰৰ ব্যক্তিসকলো উপস্থিত থাকে। সকলোৱে চন্দন মহন্তৰ ছবিসমূহ চাই আনন্দ প্ৰকাশ কৰে।