ৰোগীক স্বত্বাধিকাৰীয়ে মাৰপিট কৰাৰ অভিযোগ

হাজোৰ সাতদলাত শনিবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। এটা নিচামুক্তি কেন্দ্ৰত এজন ৰোগীক স্বত্বাধিকাৰীয়ে মাৰপিট কৰাৰ অভিযোগ উত্থাপন হয় । নিচামুক্তি কেন্দ্ৰটোত আছে মুন্নাভাই MBBSৰূপী চিকিৎসক।

author-image
Asomiya Pratidin
New Update
নিচামুক্তি কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

নিচামুক্তি কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

ডিজিটেল সংবাদ, হাজো: হাজোৰ সাতদলাত শনিবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। এটা নিচামুক্তি কেন্দ্ৰত এজন ৰোগীক স্বত্বাধিকাৰীয়ে মাৰপিট কৰাৰ অভিযোগ উত্থাপন হয় ।

Advertisment

শুকুৰবাৰে কেন্দ্ৰটোত আক্ৰমণৰ বলি হৈছিল ৰোগীজন। মুমুৰ্ষ অৱস্থাত পৰিয়ালৰ লোকে যুৱকজনক উদ্ধাৰ কৰি ভৰ্তি কৰোৱাইছিল চিকিৎসালয়ত। তাৰ পাছতে শনিবাৰে নিচামুক্তি কেন্দ্ৰটোত ভৰ্তি হৈ থকা ১৩ জনকৈ ৰোগীয়ে কেন্দ্ৰটোৰ আচবাব লণ্ডভণ্ড কৰাৰ লগতে মুল দুৱাৰৰ তলা ভাঙি পলায়ন কৰে। ইফালে কেন্দ্ৰটোৰ ৰোগীসকলক দৈনিক মাৰপিট কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। 

আনহাতে, এই নিচামুক্তি কেন্দ্ৰত চিকিৎসাৰ কথা শুনিলে আপুনিও আচৰিত হ'ব। কিয়নো নিচামুক্তি কেন্দ্ৰটোত আছে মুন্নাভাই MBBSৰূপী চিকিৎসক। অসুখ যিয়েই নহওঁক কিয়, সাতদলাৰ এই নিচামুক্তি কেন্দ্ৰত আছে তেনে ধৰণৰণেই চিকিৎসক। জনৈক জিতু, আফচাৰ আৰু বিক্ৰম সাতদলাৰ এই নিচামুক্তি কেন্দ্ৰটোৰ গৰাকী। কেন্দ্ৰটোৰ মালিক হোৱাৰ ওপৰিও তিনিগৰাকীয়েই হৈছে মুন্নাভাই ৰূপী চিকিৎসক। কেন্দ্ৰটোত থকা ৰোগীসকলক যিকোনো বেমাৰৰ বেজি দিয়াত পাৰ্গত জিতু, আফচাৰ আৰু বিক্ৰম। স্থানীয় ৰাইজৰ ক্ষোভ, অত্যাচাৰ সহিব নোৱাৰি প্ৰাণৰ মমতাত পলায়ন কৰিছে চিকিৎসাধীন ৰোগীসকলে। এনেদৰে এতিয়া ধন ঘটাৰ লালসাৰে ৰাজ্যত কাঠফুলাৰ দৰে গঢ়ি উঠা একাংশ নিচা মুক্তি কেন্দ্ৰত চলিছে ময়মতালি।

নিচামুক্তি কেন্দ্ৰ হাজো