নীপকো ৰিটায়াৰ্দ এমপ্লয়ীজ ওৱেলফেয়ৰ এচোছিয়েশ্যনৰ দ্বি-বার্ষিক অধিবেশনৰ আয়োজন

এই অধিবেশনখন অহা ১০ আগষ্ট ২০২৫ তাৰিখ দেওবাৰে পুৱা ৯-০০ বজাত এচোছিয়েশ্যনৰ পতাকা উত্তোলনেৰে দিনজোৰা কাৰ্যসূচী আৰম্ভ হ'ব। - বিবৃতিযোগে এই কথা সদৰী কৰিছে

author-image
Asomiya Pratidin
New Update
অগ্ৰণী খবৰ

ডিজিটেল সংবাদ, গুৱাহাটী : নীপকো ৰিটায়াৰ্দ এমপ্লয়ীজ ওৱেলফেয়ৰ এচোছিয়েশ্যনৰ তৃতীয় দ্বি-বার্ষিক অধিবেশনখন গুৱাহাটীৰ খানাপাৰাস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ আন্তর্জাতিক অতিথিশালাত (ৰহিকা) অনুষ্ঠিত হ’ব। এই অধিবেশনখন অহা ১০ আগষ্ট ২০২৫ তাৰিখ দেওবাৰে পুৱা ৯-০০ বজাত এচোছিয়েশ্যনৰ পতাকা উত্তোলনেৰে দিনজোৰা কাৰ্যসূচী আৰম্ভ হ'ব। - বিবৃতিযোগে এই কথা সদৰী কৰিছে এচোছিয়েশ্যনৰ সহকাৰী সাধাৰণ সম্পাদক অখিল চন্দ্ৰ গোস্বামীয়ে।

Advertisment

বিবৃতিত উল্লেখ কৰা অনুসৰি উক্ত দিনা পুৱা ১০-০০ বজাৰ পৰা সাধাৰণ সভা, দুপৰীয়াৰ আহাৰ বিৰতিৰ পাছত ৩-০০ বজাৰ পৰা মুকলি অধিবেশন অনুষ্ঠিত হ’ব। ইয়াৰ পাছতে সন্ধিয়া ৭-০০ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠানেৰে অধিবেশনৰ সামৰণি পৰিব।

প্রতিটো কার্যসূচীতে সন্মানীয় সদস্যসকলৰ উপস্থিতি তথা সহায় সহযোগিতা সভাপতি মুকুন্দ ডেকা আৰু সাধাৰণ সম্পাদক অৰবিন্দ গগৈয়ে আন্তৰিকতাৰে কামনা কৰিছে।

নীপকো