খাটালপাৰাত  চোৰাং তেলৰ ঘাটি উৎখাত

চিৰাং জিলাৰ বাসুগাঁও চহৰৰ সমীপৰ শিলপাট গাঁৱত সোমবাৰে সংবাদ মাধ্যমৰ তৎপৰতাত বাসুগাঁও থানাৰ আৰক্ষীয়ে এটা অবৈধ চোৰাং তেলৰ ঘাটি উৎখাত কৰে ।

author-image
Asomiya Pratidin
New Update
fhd

ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ বাসুগাঁও চহৰৰ সমীপৰ শিলপাট গাঁৱত সোমবাৰে সংবাদ মাধ্যমৰ তৎপৰতাত বাসুগাঁও থানাৰ আৰক্ষীয়ে এটা অবৈধ চোৰাং তেলৰ ঘাটি উৎখাত কৰে । এক বিশেষ সুত্ৰই সদৰী কৰিছিল যে চুবুৰীয়া ৰাষ্ট্ৰ ভুটানৰ পৰা ডিজেল ক্ৰয় কৰি আনি চিৰাং জিলাৰ বাসুগাঁও থানাৰ অন্তৰ্গত শিলপাট গাঁৱত হাছান আলী নামৰ এজন লোকে অবৈধ তেলৰ ঘাটি স্থাপন কৰি চোৰাং তেলৰ ৰমৰমীয়া বেহা চলাই আছে ।

Advertisment

এই খবৰৰ ভিত্তিত আজি বিয়লিৰ ভাগত সাংবাদিকৰ এটা দল অতৰ্কিতে হাছান আলীৰ বাসগৃহত থকা অবৈধ তেলৰ ঘাটিত উপস্থিত হয় । হাছান আলীয় সেই মুহূৰ্তত নিজৰ এ এচ ২৬ এচি ১৬৮৫ পঞ্জীয়নৰ বলেৰ' বাহনখনৰ পৰা তেল ভৰ্তি ড্ৰাম নমাই থকা অৱস্থাত সংবাদ মাধ্যমৰ কেমেৰাত বন্দী হয় তিনিটা ২০০ লিটাৰ ডিজেল ভৰ্তি ড্ৰাম আৰু চাৰিটা ৫০ লিটাৰৰ ড্ৰাম ।

হাছান আলীৰ তেলৰ ঘাটিত তেতিয়াও মজুত আছিল ৮০০ লিটাৰ ডিজেল । বৃহৎ পৰিমাণৰ এই ডিজেলখিনি ক'ৰ পৰা লৈ আহিছা বুলি প্ৰশ্ন কৰাত কেমেৰাৰ সন্মুখতে হাছান আলীয়ে স্বীকাৰ কৰে যে ভুটানৰ ভিতৰত গৈ নিজৰ বাহনৰ টেংকীত ৬০ লিটাৰ ডিজেল ক্ৰয় কৰি ভাৰতৰ দাদগিৰিত আনে। তাৰ পিছত এদিনত এনেদৰে চাৰিবাৰ ভূটানত গৈ ২৪০ লিটাৰ ডিজেল ক্ৰয় কৰি আনি ঘৰত মজুত কৰি পিছত বিক্ৰী কৰে ।

তেলৰ ঘাটিৰ তথ্য সংগ্ৰহ কৰি ওলাই আহিয়ে সাংবাদিকসকলে তেলৰ ঘাটি সন্দৰ্ভত বাসুগাঁও আৰক্ষী থানাত অৱগত কৰে । খবৰ লাভ কৰি বাসুগাঁও থানাৰ আৰক্ষীয়ে তাৎক্ষণিকভাৱে শিলপাট গাঁৱৰ হাছান আলীৰ বাসগৃহৰ তেলৰ ঘাটিত উপস্থিত হয় ।

আৰক্ষীৰ লোক অহাৰ আগতেই হাছান আলীয়ে তাৰ পৰা বলেৰ' বাহনসহ পলায়ন কৰে । পিছত আৰক্ষীয়ে ঘাটিত মজুত কৰি ৰখা ডিজেলখিনি জব্দ কৰি থানাত আনে ।

chirang chirang police