ডিজিটেল ডেস্ক : ক্ৰমাৎ বৃদ্ধি পাইছে এইছ এম পি ভিত আক্ৰান্ত লোকৰ সংখ্যা। অতি শেহতীয়াকৈ দেশৰ দুটি শিশুৰ দেহত ধৰা পৰিছে এইছ এম পি ভিৰ অৱস্থিতি। জানিব পৰা মতে নাগপুৰৰ দুই শিশুৰ দেহত এইছ এম পি ভি প’জিটিভ পোৱা গৈছে।
ইয়াৰে এগৰাকী শিশুৰ বয়স ১৩ বছৰ আৰু আনগৰাকীৰ বয়স ৭ বছৰ। প্ৰথমাৱস্থাত দুয়োকে ছোৱাইন ফ্লুত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰা হৈছিল যদিও, তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা ( পি চি আৰ) কৰাৰ অন্তত পোহৰলৈ আহে এইছ এম পি ভি প’জিটিভ হোৱাৰ তথ্য।
হাস্পতাল কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি দুয়োটি শিশুৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সন্তোষজনক। চিন্তাৰ কোনো কাৰণ নাই বুলি উল্লেখ কৰিছে হাস্পতাল কৰ্তৃপক্ষই। প্ৰথমাৱস্থাত উশাহ- নিশাহ লোৱাত সামান্য কষ্ট অনুভৱ কৰিছিল যদিও পাছলৈ সেয়া সম্পূৰ্ণৰূপে স্বাভাৱিক অৱস্থালৈ আহে। আনহাতে দুয়োটি শিশুকে স্বাস্থ্যৰ যতন লোৱাৰ উপৰি সজাগ আৰু সচেনত হৈ থকাৰ পৰামৰ্শ দিছে চিকিৎসকে।
এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে ইয়াৰ আগেয়ে দেশত ৫জনৰ দেহত ধৰা পৰিছিল এইছ এম পি ভিৰ অৱস্থিতি। কৰ্ণাটক আৰু তামিলনাডুত ২জনকৈ লোকৰ দেহত ধৰা পৰিছিল ভাইৰাছৰ উপস্থিতি। ইয়াৰ উপৰি গুজৰাটত ১জনৰ দেহত ধৰা পৰিছিল। শেহতীয়াকৈ নাগপুৰত ২জনৰ দেহত ধৰা পৰাৰ পাছত দেশত ৭জনলৈ বৃদ্ধি হয় এইছ এম পি ভিত আক্ৰন্তৰ সংখ্যা।