ডিজিটেল ডেস্কঃ কোন হ’ব বি চি চি আইৰ সচিব জয় শ্বাহৰ উত্তৰাধিকাৰী। চৰ্চিত খবৰ অনুসৰি, আই চি চিৰ অধ্যক্ষ পদৰ বাবে জয় শ্বাহৰ নাম প্ৰৱলভাৱে উচ্চাৰিত হৈছে। আই চি চিৰ পৰৱৰ্তী অধ্যক্ষৰ পদত জয় শ্বাহ অধিষ্ঠিত হোৱাৰ সম্ভাৱনা উদয় হোৱাৰ সময়তে বি চি চিআইৰ পৰৱৰ্তী সচিব কোন হ'ব, তাক লৈও প্ৰশ্নৰ উদয় হৈছে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, আই চি চিৰ বৰ্তমানৰ অধ্যক্ষ গ্ৰেগ বাৰ্কলেৰ কাৰ্যকালত চলিত বৰ্ষৰ ৩০নৱেম্বৰত অন্ত পৰিব। ইতিমধ্যে দুটাকৈ কাৰ্যকাল আই চি চিৰ অধ্যক্ষ পদত অধিষ্ঠত হৈ থকাৰ পাছত তৃতীয়টো কাৰ্যকাল চম্ভালিবলৈ ৰাজী নহয় গ্ৰেগ বাৰ্কলে। ইতিমধ্যে আই চি চিৰ ১৬জনীয়া নিৰ্বাচনী কমিটিৰ ১৫জনৰে সমৰ্থন লাভ কৰিছে জয় শ্বাহে। গতিকে এনে পৰিস্থিতিত আই চি চিৰ পৰৱৰ্তী অধ্যক্ষৰ দৌৰত সবাতোকৈ আগত আছে জয় শ্বাহৰ নাম।
জয় শ্বাহ যদিহে আন্তৰাষ্ট্ৰীয় ক্ৰিকেট বৰ্ডৰ অধ্যক্ষ হয়, তেন্তে বি চি চি আই সচিব পদত কোন অধিষ্ঠিত হব? ৰাষ্ট্ৰীয় সংবাদমাধ্যমে প্ৰকাশ কৰা খবৰ অনুসৰি, জয় শ্বাহৰ পিছত বি চি চি আইৰ অধ্যক্ষৰ আসনত বহিব দিল্লী ক্ৰিকেট এছোচিয়েশ্যনৰ অধ্যক্ষ ৰোহন জেটলীৰ নাম চৰ্চিত হৈছে। সকলো ঠিকে ঠাকে থাকিলে এই বছৰৰে শেষৰফালে ৰোহন জেটলী হ’ব পাৰে বি চি চি আইৰ সচিব। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ২০২৫ত বি চি চি আই সচিব ৰূপে অন্ত পৰিব জয় শ্বাহৰ কাৰ্যকাল।