/asomiyapratidin/media/media_files/2025/04/30/IDuTa8SVVBKtvHT5LWxF.jpg)
ডিজিটেল ডেস্ক : ভাৰত- পাকিস্তানৰ মাজত সম্পৰ্ক দ্ৰুতগতিত অৱনতি ঘটিছে। যিকোনো মুহূৰ্ততে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা সিদ্ধান্ত ঘোষণা কৰিব পাৰে। নতুন দিল্লীত বহিছে ইখনৰ পাছত সিখন গুৰুত্বপূৰ্ণ বৈঠক।
প্ৰধানমন্ত্ৰী মোদীয়ে বাতিল কৰিছে ৰাছিয়া ভ্ৰমণ। বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে। যোৱা দুদিনত বহুকেইখন বৈঠক অনুষ্ঠিত হৈছিল নতুন দিল্লীত। ইয়াৰ ভিতৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, প্ৰতিৰক্ষা মুৰব্বী অনিল চৌহান আৰু সকলো সশস্ত্ৰ বাহিনীৰ মুৰব্বীৰ সৈতে উচ্চ পৰ্যায়ৰ আলোচনা অন্যতম আছিল।
তাৰ এদিনৰ পাছতে অনুষ্ঠিত কৰে নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ বৈঠক। সেই বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে বাহিনীসমূহক স্বতন্ত্ৰভাৱে সঁহাৰিৰ ধৰণ নিৰ্ধাৰণ কৰিবলৈ, লক্ষ্য বাছনি কৰিবলৈ আৰু অভিযানৰ সময় নিৰ্ধাৰণ কৰিবলৈ ক্ষমতা প্ৰদান কৰে।
বুধবাৰ অনুষ্ঠিত হোৱা বৈঠকসমূহৰ ভিতৰত কেন্দ্ৰীয় কেবিনেটৰ সৈতে কেবিনেট কমিটী অন ছিকিউৰিটি, কেবিনেট কমিটি অন পলিটিকেল এফেয়াৰ্ছ আৰু কেবিনেট কমিটি অন ইকনমিক এফেয়াৰ্ছ অন্যতম আছিল। কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, এছ জয়শংকৰৰ উপৰিও সশস্ত্ৰ বাহিনীৰ মুৰব্বীয়ে প্ৰধানমন্ত্ৰীৰ বাসগৃহত এই বৈঠকত অংশ লয়।
এনে গুৰুত্বপূৰ্ণ বৈঠকৰ পাছতে বুধবাৰে ৪-০০ বজাত সংবাদ মাধ্যমক এই বৈঠকত লোৱা সিদ্ধান্তৰ বিষয়ে অৱগত কৰা হ’ব। সেয়ে এতিয়া দেশবাসীয়ে অপেক্ষা কৰিছে আবেলি ৪-০০ বজালৈ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us