বিমান দুৰ্ঘটনা : লণ্ডনত থকা স্বামীক লগ কৰা নহ’ল নৱবিবাহিতা পত্নী খুছবু ৰাজপুৰোহিতৰ

সৌ সিদিনা বিয়া হৈছিলহে মাত্ৰ। গাৰ পৰা যোৱা নাই মাহ- হালধিৰ আমোল-মোল গোন্ধ। বুকুত এসোপা আশা আৰু সপোন- বহুদিনৰ মূৰত লগ পাব স্বামীক ! 

author-image
Asomiya Pratidin
New Update
স্বামীক লগ কৰা নহ’ল নৱবিবাহিতা পত্নী খুছবু ৰাজপুৰোহিতৰ

ডিজিটেল ডেস্ক : সৌ সিদিনা বিয়া হৈছিলহে মাত্ৰ। গাৰ পৰা যোৱা নাই মাহ- হালধিৰ আমোল-মোল গোন্ধ। বুকুত এসোপা আশা আৰু সপোন- বহুদিনৰ মূৰত লগ পাব স্বামীক ! 

এই আশা আৰু সপোন বুকুত বান্ধি আহমেদাবাদৰ পৰা এয়াৰ ইণ্ডিয়াৰ এ আই ১৭১ নম্বৰৰ বিমানযোগে লণ্ডন অভমুখে উৰা মাৰিছিল নৱবিবাহিতা খুছবু ৰাজপুৰোহিত। তাৰোপৰি উক্ত বিমানখনত আছিল দেশী- বিদেশী ২৪২জন যাত্ৰী।

উল্লেখযোগ্য যে, কৰ্মসূত্ৰে লণ্ডনত থকা স্বামীৰ ওচৰলৈ যাঁও বুলি এয়াৰ ইণ্ডিয়াৰ এ আই ১৭১ নম্বৰৰ অভিশপ্ত বিমানযোগে আহমেদাবাদৰ পৰা উৰা মাৰিছিল ন-কইনা খুছবু। পিছে খুছবুৰ আশা আশা হৈয়েই থাকিল। ৰানৱে’ৰ পৰা উৰা মৰাৰ ৫ মিনিট পাছতে সংঘটিত হ’ল ভয়াৱহ দুৰ্ঘটনা। নিমিষতে ধ্বংশস্তূপত পৰিণত হ’ল বিমানখন। 

এই দুৰ্ঘটনাই আন আন যাত্ৰীৰ দৰে খুছবুৰো আশা আৰু সপোনক ভাঙি চূৰমাৰ কৰিলে। লগ পোৱা নহ’ল নৱবিবাহিত স্বামীক। স্বামীৰ সৈতে কটোৱা নহ’ল সময়।

আশাবোৰ আশা হৈয়েই থাকিল খুছবুৰ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি ইতিমধ্যে ভালেসংখ্যক যাত্ৰীৰ বিয়োগ ঘটিছে। ঘূণীয়া হৈছে কেইবাগৰাকী যাত্ৰী। গুৰুতৰভাৱে আহত হৈছে বহু লোক। তাৰোপৰি জীৱন- মৃত্যুৰে এতিয়াও যুঁজি আছে কেইবাগৰাকী যাত্ৰী।

ahmedabad