বাঁহ আৰু অর্কিড বিষয়বস্তুৰে নির্মাণ গোপীনাথ বৰদলৈ বিমান বন্দৰৰ নতুন টার্মিনেল

৪ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে এই নতুন টার্মিনেল ভৱনটো নির্মাণ কৰা হৈছে। প্রায় ১ লাখ ৪০ হাজাৰ বর্গমিটাৰ এলেকাজুৰি নির্মাণ কৰা এই নতুন টার্মিনেলটো বছৰি এক কোটি ৩০ লাখ যাত্রীক সেৱা আগবঢ়াব পৰাকৈ নিৰ্মাণ কৰা হৈছে।

New Update
new ap web 3 (25)

ডিজিটেল ডেস্কঃ আজি প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে গুৱাহাটীৰ বৰঝাৰৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নবনির্মিত বাঁহ অর্কিড টার্মিনেল ভবন উদ্বোধন কৰিব। ৪ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে এই নতুন টার্মিনেল ভৱনটো নির্মাণ কৰা হৈছে।

 প্রায় ১ লাখ ৪০ হাজাৰ বর্গমিটাৰ এলেকাজুৰি নির্মাণ কৰা এই নতুন টার্মিনেলটো বছৰি এক কোটি ৩০ লাখ যাত্রীক সেৱা আগবঢ়াব পৰাকৈ নিৰ্মাণ কৰা হৈছে। বাঁহ আৰু অর্কিড বিষয়বস্তুৰে নির্মাণ কৰা এই টার্মিনেল ভৱনে অসমৰ জৈৱ বৈচিত্র্য আৰু সাংস্কৃতিক ঐতিহ্যক প্রতিফলিত কৰিছে।

 প্রধানমন্ত্রীয়ে বিমানবন্দৰতে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্রী লোকপ্রিয় গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ এটা প্রতিমূর্তি উন্মোচন কৰিব। এই কার্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, অসামৰিক পৰিবহণ মন্ত্রী কে ৰামমোহন নাইডু, ৰাজ্যমন্ত্রী মুৰলীধৰ মহল, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালাকে ধৰি কেইবাগৰাকী মন্ত্রী-বিধায়ক উপস্থিত থাকিব।

 তেওঁ লগতে টার্মিনেল ভৱনৰ বাহিৰত এখন জনসভাত ভাগ ল'ব। ইয়াৰ পাছত তেওঁ গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত দলৰ কর্মকর্তাসকলৰ সৈতে মত বিনিময় কৰিব। প্রধানমন্ত্রী মোডীৰ সন্মানার্থে দলীয় কর্মকর্তাসকলে বৃহৎ ৰোড হ'ব আয়োজন কৰিছে।

লোকপ্ৰীয় গোপীনাথ বৰদলৈ বিমান বন্দৰ