/asomiyapratidin/media/media_files/2025/08/03/02-2025-08-03-20-59-04.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ চিন্তা-দৰ্শন আৰু অসম তথা অসমীয়াৰ জাতীয় জীৱনৰ স্বকীয় বৈশিষ্ট্যপূৰ্ণ অনন্য সমলসমূহ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ প্ৰসাৰ কৰা সংকল্পৰে কুটুম্ব সুৰক্ষা পৰিষদৰ উদ্যোগত ২০২২ চনৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত এলানি কাৰ্যসূচী অনুষ্ঠিত হৈ আহিছে। কুটুম্ব সুৰক্ষা পৰিষদৰ "সূত্ৰধাৰ" শীৰ্ষক এই কাৰ্যসূচী ২০২২ চনত উত্তৰ প্ৰদেশৰ শ্ৰী ধাম বৃন্দাবনত, ২০২৩ চনত মধ্য প্ৰদেশৰ উজ্জয়িনীত আৰু বিগত বৰ্ষৰ ছেপ্তেম্বৰ মাহত প্ৰভু ৰামচন্দ্ৰৰ জন্মভূমি অযোধ্যাত অনুষ্ঠিত হৈছিল।
এই বৰ্ষত "কুটুম্ব সুৰক্ষা পৰিষদৰ সূত্ৰধাৰ ২০২৫" শীৰ্ষক ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলন আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বঁটা প্ৰদান অনুষ্ঠান ভাগ অনুষ্ঠিত হ’ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত। দেশৰ ৩০ খন বিশ্ববিদ্যালয়ৰ অংশ গ্ৰহণেৰে শতাধিক অধ্যাপক-অধ্যাপিকা, গৱেষক, ছাত্ৰ ছাত্ৰীৰ লগতে শিল্পী আৰু সাধু সন্ত মহন্ত সমাবেশত অনুষ্ঠিত হ’ব বিশাল কাৰ্যক্ৰমনিকা।
অহা ৫, ৬ আৰু ৭ ছেপ্তেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই সমাৰোহৰ প্ৰস্তুতি সন্দৰ্ভত দেওবাৰে এখনি সভা অনুষ্ঠিত হয়। বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ পুথিভঁৰালত অনুষ্ঠিত প্ৰস্তুতি সভাখনিত সভাপতিত্ব কৰে শলগুৰি সত্ৰৰ ডেকা সত্ৰীয়া অতুল মহন্তই।
অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী তুৱাৰাম বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত উদেশ্য ব্যখ্যা কৰি কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি সত্য ৰঞ্জন বৰাই "মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিশ্বজনীন চিন্তা দৰ্শন বিৰল বুলি কয়। সৰ্বগুণাকৰ শংকৰদেৱক আমি কোন দিশেৰে চাম। তেথেতৰ সাগৰ সম জ্ঞান গভীৰ আদৰ্শক লৈ আমি অসমীয়া জাতি গৌৰাম্বিত বুলি ভাষণ প্ৰদান কৰে।
লগতে তেওঁ আগন্তক কুটুম্ব সুৰক্ষা পৰিষদৰ "সূত্ৰধাৰ" শীৰ্ষক এই কাৰ্যসূচীত সকলো অসমবাসী ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰে। কুটুম্ব সুৰক্ষা পৰিষদৰ সাঃ সম্পাদক অমিয়া নেওগ কলিতা, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা, বটদ্ৰৱা দৌল মন্দিৰৰ নামলগোৱা যোগেন কলিতা, দিলীপ দেৱ গোস্বামী, মঞ্জুল কলিতা, বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা হিৰামণি বৰুৱা, পংকজ বৰুৱা, সবিতা বৰা, ৰাজেন শইকীয়া, গিৰিশ বৰুৱা, গনেশ বৰা, তুলুমণি বৰুৱাকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে মত বিনিময় কৰি অগন্তুক অনুষ্ঠান ভাগৰ ৰূপৰেখা প্ৰস্তুত কৰে।
সভাত আগন্তুক অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানটিৰ বাবে সত্যৰঞ্জন বৰাক সভাপতি, ৰঞ্জিত মহন্ত, লিলি সন্দিকৈক কাৰ্যকৰী সভাপতি জগন্নাথ জ্যোতি বৰাক সম্পাদক হিচাপে লৈ এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয়।