গীনিজ বুকত নাম সোমাল অৰুণাচলৰ...

মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ বাইক চলাই এই ৰেলীত অংশগ্ৰহণ
গীনিজ বুকত নাম সোমাল অৰুণাচলৰ
গীনিজ বুকত নাম সোমাল অৰুণাচলৰ

ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ আয়োজন কৰা এক ব্যতিক্ৰমী অনুষ্ঠানৰ বাবে পুনৰ চৰ্চালৈ আহিছে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ গৃহচহৰ টাৱাঙৰ নাম। সীমান্তত চীনৰ ৰঙা চকু কিম্বা শুভ্ৰ বৰফৰ বাবে নহয়, এইবাৰ টাৱাঙৰ নাম চৰ্চালৈ আহিছে হেলমেটৰ বাবে।

মটৰ চাইকেল, স্কুটি চলোৱাৰ সময়ত ব্যৱহাৰ কৰা হেলমেটৰ বাবেহে এক বিৰল অভিলেখ গঢ়িবলৈ সক্ষম হৈছে চীন সীমান্তৰ পৰা মাত্ৰ ৪০ কিলোমিটাৰ নিলগৰ টাৱাং চহৰখনে। পথ সুৰক্ষাৰ বাবে হেলমেট পৰিধান কৰাটো যে অতি জৰুৰী সেই বিষয়ে প্ৰচাৰ আৰু সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যৰেই টাৱাঙৰ বৌদ্ধ মন্দিৰৰ পৰা টাৱাং ষ্টেডিয়ামলৈ ২০০ বাইক চালকে এটি ৰেলী উলিয়াইছিল। মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱেও বাইক চলাই এই ৰেলীত অংশগ্ৰহণ কৰে। পাছত জি টি জি ষ্টেডিয়ামত বগা, গেৰুৱা আৰু সেউজীয়া ৰং কৰা ২৩৫০ হেলমেট ব্যৱহাৰ কৰি ইংৰাজীত জয় হিন্দ বাক্য শাৰী লিখি উলিয়াই।

মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ বাইক চলাই এই ৰেলীত অংশগ্ৰহণ
মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ বাইক চলাই এই ৰেলীত অংশগ্ৰহণ

জানিবলৈ দিয়া অনুসৰি মুখ্যমন্ত্ৰীগৰাকী নিজেও এই কাৰ্যত অংশগ্ৰহণ কৰে। পুৱা ৬:৩০ মিনিটৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচী ৮ বজাত সম্পূৰ্ণ হয়। উল্লেখ্য যে, এয়া আছিল হেলমেটৰ সহায়ত লিখা বিশ্বৰ আটাইতকৈ বৃহৎ বাক্য। এই অনুষ্ঠানত উপস্থিত থকা গীনিছ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছৰ প্ৰতিনিধি স্বপ্নীল ডাঙৰিকাৰে মুখ্যমন্ত্ৰীৰ হাতত বিশ্ব অভিলেখৰ প্ৰমান পত্ৰ প্ৰদান কৰে। আনহাতে অৰুণাচল প্ৰদেশ চৰকাৰ আৰু এমেজিং নমস্তে ফাউন্দেছনে আয়োজন কৰা 'লক্ষ্য' নামৰ অনুষ্ঠানটিত আন ৫জন বিধায়কো উপস্থিত থাকে।

আৰু পঢ়কঃ গ্লেমাৰত অহা দুৰ্বৃত্তক কোনে দিছিল ৰঞ্জিত বৰাই ধন জমা কৰিবলৈ অহাৰ তথ্য !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in