মঙলদৈৰ ১ নং ৱাৰ্ডত উদ্ধাৰ মহিলাৰ নশ্বৰদেহ

মঙলদৈ চহৰৰ ১ নং ৱাৰ্ডত থকা দক্ষিণ মঙলদৈ বোৱাকটা সমবায় সমিতিৰ ঘৰৰ ভিতৰত মঙ্গলবাৰে উদ্ধাৰ হয় এগৰাকী মহিলাৰ মৃতদেহ। আৰক্ষীয়ে সন্দেহ কৰা মতে এয়া এক হত্যাকাণ্ড । 

author-image
Asomiya Pratidin
New Update
মঙলদৈৰ ১ নং ৱাৰ্ডত উদ্ধাৰ মহিলাৰ নশ্বৰদেহ

ডিজিটেল সংবাদ, মঙলদৈ : মঙলদৈ চহৰৰ ১ নং ৱাৰ্ডত থকা দক্ষিণ মঙলদৈ বোৱাকটা সমবায় সমিতিৰ ঘৰৰ ভিতৰত মঙ্গলবাৰে উদ্ধাৰ হয় এগৰাকী মহিলাৰ মৃতদেহ। আৰক্ষীয়ে সন্দেহ কৰা মতে এয়া এক হত্যাকাণ্ড। 

Advertisment

উল্লেখযোগ্য যে, মৃত মহিলাগৰাকী আইকন বেগম (সুন্দৰী) বুলি জানিব পৰা গৈছে। নিজৰ ঘৰ- মাটি নথকাৰ বাবে দীপ্তি দেৱীৰ দ্বাৰা পৰিচালিত দক্ষিণ মঙলদৈ বোৱাকটা সমবায় সমিতিৰ গৃহটোত অস্থায়ীভাবে মহিলাগৰাকীৰ স্বামী নিৰঞ্জন দাসৰ সৈতে বসবাস কৰি আছিল। কিন্তু আজি হঠাৎ ওচৰ চুবুৰীয়াই উলংগ অৱস্থাত প্ৰত্যক্ষ কৰে মহিলাগৰাকীৰ মৃতদেহ।

আৰক্ষীৰ ভাষ্য অনুসৰি মহিলাগৰাকীৰ মোবাইলটো মৃতদেহৰ ওচৰতে আছে যদিও মোবাইলটোত চিম বা বেটাৰী একো নাই। ইফালে স্বামী নিৰঞ্জন দাস কিছুদিনৰ পৰা নগাঁওত থকা বুলি জানিবলৈ দিয়ে সমবায় সমিতিখনৰ লোকসকলে।

ইতিমধ্যে মঙলদৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে প্ৰাৰম্ভিক পৰ্য্যায়ত এইয়া হত্যাকাণ্ড বুলি সন্দেহ কৰিছে।

Assam police mangaldai